এটা শব্দত প্ৰকাশ কৰা 

১) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি
 
২) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়

৩) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়

৪) ধান থোৱা ঘৰ = ভঁৰাল

৫) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী

৬) ভিক্ষা কৰে যি = ভিক্ষাৰী

৭) যি খুজি মাগি খায় = খোজনীয়া; মগনিয়া

৮) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত

৯) যি কথা জনা নাযায় = অজ্ঞাত

১০) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী

১১) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি

১২) যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী

১৩) যি সঁচা কথা কয় = সত্যবাদী

১৪) যাৰ আগত জন্ম = অগ্ৰজ

১৫) যি নিজে নিজে হয় = স্বয়ম্ভু

১৬) যাৰ মূৰত চুলি নাই = তপা

১৭) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়

১৮) যি কথা লগাই ফুৰে = খলুৱা

১৯) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী

২০) যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী

২১) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰা

২২) যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু

২৩) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়

২৪) যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা

২৫) যি পুৰুষে বিয়া কৰোৱা নাই = 

২৬) যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য

২৭) আনৰ দোষ দেখা স্বভাৱ = অসূয়া

২৮) যাৰ জন্ম নাই = অজ

২৯) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ

৩০) যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু।

৩১) যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী

৩২) যাৰ বিবেচনা শক্তি নাই = অবিবেচক

৩৩) সহজে যি জীণ যায় = লঘুপাকী

৩৪) যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল

৩৫) সকলোকে সমানভাৱে দেখা = সমদৰ্শী

৩৬) বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

৩৭) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু

৩৮) আগে আগে গমন কৰে যি = অগ্ৰগামী

৩৯) পিছে পিছে গমন কৰে যি = অনুগামী

৪০) যি কম কথা কয় = মিতভাষী

৪১) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী

৪২) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী

৪৩) নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন

৪৪) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

৪৫) যি মাটিৰে নিৰ্মিত = মৃন্ময়

৪৬) মৰো মৰো অৱস্থা = মূমূৰ্ষ

৪৭) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ

৪৮) নাম নধৰাকৈ দিয়া গালি = গুৱালগালি

৪৯) দেউতাকৰ সখিয়েক = তাৱৈ

৫০) তাৱৈৰ ঘৈণীয়েক = আমৈ

৫১) যি আনৰ অধীন নহয় = স্বাধীন

৫২) যি আনৰ অধীন = পৰাধীন

৫৩) গৰু বন্ধা ঘৰ = গোহালি

৫৪) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল

৫৫) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট

৫৬) যি কথাৰ অৰ্থ নাই = অৰ্থহীন; নিৰৰ্থক

৫৭) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল

৫৮) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী

৫৯) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত


৬০) যাৰ আদি নাই = অনাদি

৬১) যাৰ অন্ত নাই = অনন্ত

৬২) যাৰ সীমা নাই = অসীম

৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি= অবৰ্ণনীয়

৬৪) যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য

৬৫) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য

৬৬) যাক দেখা নাযায় = অদৃশ্য

৬৭) যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

৬৮) যাক সহজে পোৱা যায় = সুলভ

৬৯) যাৰ নাম নাই = অনামী

৭০) যাৰ সীমা আছে = সসীম

৭১) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য

৭২) যাৰ ধাৰ আছে = ধাৰুৱা

৭৩) যি গাঁৱত থাকে = গাঁৱলীয়া

৭৪) যি বিদেশত থাকে = প্ৰবাসী

৭৫) বিদেশৰপৰা অহা লোক = বিদেশী

৭৬) যি ভয় নকৰে = নিৰ্ভীক

৭৭) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ

৭৮) একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ

৭৯) একে শ্ৰেণীতে পঢ়া = সহপাঠী

৮০) একে মাকৰ সন্তান = সহোদৰ, সোদৰ

৮১) গোটেই জীৱন জুৰি = আজীৱন

৮২) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ

৮৩) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ

৮৪) যি এটা চকুৰে নেদেখে = কণা

৮৫) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ

৮৬) যি কথা কব নোৱাৰে = মুক; বোবা

৮৭) যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ

৮৮) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী

৮৯) যাৰ মাক পিতাক মৰিছে = মাউৰা

৯০) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক

৯১) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা

৯২) স্বামী থকা তিৰোতা = সধৱা; আয়তী

৯৩) নাম গোৱা তিৰোতা = নামতী

৯৪) বিহুৰ আগ দিনা = উৰুকা

৯৫) যি দিনত নেদেখে = দিনকণা

৯৬) যি ৰাতি নেদেখে = কুকুৰীকণা

৯৭) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা

৯৮) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা

৯৯) এবাৰ ফল দি মৰা গছ = ওষধি

১০০) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী

১০১) পনীয়া গাখীৰ দিয়া গাই = জলাহী

১০২) শিং নথকা গৰু = লাওমূৰা

১০৩) হাল বোৱা গৰু = বলধ

১০৪) ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী

১০৫) স্মৰণ কৰিবলগীয়া = স্মৰণীয়

১০৬) যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ

১০৭) যাৰ বিয়া হৈছে = বিবাহিত

১০৮) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য

১০৯) জন্তুৰ নিচিনা যি = জান্তব

১১০) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া

১১১) যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ

১১২) যি ফল কেঁচাও নহয় পকাও নহয় = ডাহেচীয়া

১১৩) মাৰ ভনীয়েক = মাহী

১১৪) দেউতাৰ ভনীয়েক=পেহী

১১৫) মাৰ সতিনীয়েক = বিমাতা, মাহী-মা

১১৬) ককাৰ দেউতাক = আজোককা

১১৭) কঁঠালৰ সৰু কলি = মুচি

১১৮) খাবলৈ অনা সৰু কলপুলি = পচলা

১১৯) দাঁত ওলোৱা হাতী = দঁতাল

১২০) মাছ মৰা লোক = মাছুৱৈ; মাছমৰীয়া

১২১) যি জলত চৰে = জলচৰ

১২২) যি স্থলত চৰে = স্থলচৰ

১২৩) জল আৰু স্থল উভয়তে চৰে যি = উভচৰ

১২৪) যি কণীৰপৰা জন্মে = অণ্ডজ

১২৫) ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক

১২৬) ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক

১২৭) গান গোৱা লোক = গায়ক

১২৮) খেলা ধুলা কৰা লোক = খেলুৱৈ

১২৯) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ

১৩০) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ

১৩১) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ

১৩২) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ; সোণাৰী

১৩৩) চিকিৎসা কৰা লোক = চিকিৎসক

১৩৪) গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া

১৩৫) যি উপকাৰ কৰে = উপকাৰী

১৩৬) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ; অকৃতঘ্ন

১৩৭) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন; অকৃতজ্ঞ

১৩৮) বৰষুণ নোহোৱা বতৰ = খৰাং

১৩৯) যাৰ কোনো নাই = অনাথ

১৪০) ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয়

১৪১) যি একো নাজানে = অজ্ঞ

১৪২) যি সকলো জানে = সৰ্বজ্ঞ; সৰ্বজান

১৪৩) যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত

১৪৪) যি এই লোকৰ নহয় = অলৌকিক

১৪৫) দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয়

১৪৬) ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা = কাঁহুদি

১৪৭ ) য'ত কোনো মানুহ নাই = নিৰ্জন

১৪৮) দেশক ভাল পোৱা মানুহ = দেশভক্ত

১৪৯) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী

১৫০) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ

১৫১) গৰু চৰোৱা লোক = গৰখীয়া

১৫২) হাতী চৰোৱা লোক = মাউত

১৫৩) যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব

১৫৪) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব

১৫৫) যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ; আপোনপেটা

১৫৬) যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী

১৫৭) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়

১৫৮) যাক সকলোৱে জানে = বিখ্যাত

১৫৯) যাক কোনেও নাজানে = অখ্যাত; অজ্ঞাত

১৬০) কবনলগীয়া কথা; যাক কব নোৱাৰি = অবাচ্য; অকথ্য

১৬১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য

১৬২) যাৰ জ্ঞান আছে = জ্ঞানী

১৬৩) যাৰ ধন আছে = ধনী

১৬৪) যাৰ মান আছে = মানী

১৬৫) যাৰ ঋণ আছে = ঋণী

১৬৬) যাৰ ঘৰ বাৰী নাই = অঘৰী

১৬৭) যাৰ একো নাই = নিঃস্ব

১৬৮) য'ত যাব নোৱাৰি = দুৰ্গম

১৬৯) য'ত যাব পাৰি = সুগম

১৭০) যি বহুত কথা কয় = বহুবল্কী

১৭১) যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক = কথাচহকী

১৭২) যাৰ মৰণ নাই = অমৰ

১৭৩) যাৰ ভয় আছে = ভয়াতুৰ

১৭৪) স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰছাত্ৰী

১৭৫) যাৰ শত্ৰু নাই  = অজাতশত্ৰু

১৭৬) যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়

১৭৭) শাক পাচলি কৰা ঠাই = শাকনি

১৭৮) ধান খেতি কৰা ঠাই = ধাননি

১৭৯) যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব

১৮০) যাক গণনা কৰিব নোৱাৰি = অগণন

১৮১) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয়

১৮২) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য

১৮৩) যি কাম কৰা উচিত = কৰ্তব্য

১৮৪) যি পুৰি নাযায় = অদাহ্য

১৮৫) যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী

১৮৬) যি মাটি ফুটি ওলায় = উদ্ভিদ

১৮৭) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

১৮৮) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ

১৮৯) যাক দিব পৰা নাযায় = অদেয়

১৯০) যাক বধ কৰিব পৰা নাযায় = অবধ্য

১৯১) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ

১৯২) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

১৯৩) যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ

১৯৪) বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ

১৯৫) শিৱক উপাসনা কৰা লোক = শৈৱ

১৯৬) শক্তিক উপাসনা কৰা লোক = শাক্ত

১৯৭) যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী

১৯৮) যি অইন ফালে মন দিয়ে = অন্যমনস্ক

১৯৯) শৰৎ কালত হোৱা = শাৰদীয়

২০০) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

২০১) বাটে বাটে যোৱা মানুহ = বাটৰুৱা

২০২) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

২০৩) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প

২০৪) অশেষ মূল্য যাৰ = অমূল্য

২০৫) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক

২০৬) যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়

২০৭) কাপোৰ বব জনা তিৰোতা = শিপীনী

২০৮) যি কাম কাজত পাকৈত = কাজী

২০৯) একে সময়তে হোৱা = সমসাময়িক

২১০) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী

২১১) পি খোৱা বস্তু = পেয়

২১২) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ

২১৩) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

২১৪) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

২১৫) ফুল থোৱা পাত্ৰ = ফুলদানি

২১৬) যি কথা কোৱা উচিত = বক্তব্য; বচনীয়

২১৭) জুই ধৰি ৰখা ঠাই = জুহাল

২১৮) নিজৰ ওপজা ঠাই = জন্মভূমি

২১৯) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ

২২০) যি অলপতে শুনে = শহাকণীয়া

২২১) যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ

২২২) যি নিশা চৰে = নিশাচৰ

২২৩) যি সহ্য কৰিব পাৰে = সহনশীল

২২৪) যি মিছা কথা কয় = মিছলীয়া

২২৫) যি ঘৰত ওপজে = ঘৰ-ওপজা

২২৬) যি বনত ওপজে = বনজ

২২৭) যি নগৰত থাকে = নগৰীয়া

২২৮) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি

২২৯) বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়

২৩০) যি আনলৈ মন দি থাকে=?

২৩১) পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি

২৩২) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=

২৩৩) গাখীৰ ,মিঠাই বেচা মানুহক=?

২৩৪) যি ঠাইত পূজা কৰা হয়=?

২৩৫) যি বস্তু দিব পৰা নাযায়=?

২৩৬) চুহি খোৱা বস্তু=?

২৩৭) নাও বনোৱা মানুহ=?

২৩৮) যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ

২৩৯) জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?

২৪০) যি বাহ বেতৰ কাম কৰে=?

২৪১) যি ৰাতি ফুলে=?

২৪২) যি জন্ম হয় মৃত্যু বৰণ কৰে=?

২৪৩) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=?

২৪৪) যাৰ সাহস আছে = সাহসী

২৪৫) যি ঈশ্বৰক বিশ্বাসী = আস্তিক

২৪৬)  যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ

২৪৭) একে মাকৰ সন্তান = সহোদৰ

২৪৮) যি সঁচা কথা কয় = সত্যবাদী।

২৪৯) যাক দেখা নাযায় = অদৃশ্য

২৫০) যাৰ পিছত জন্ম = অনুজ

২৫১) ধান থোৱা ঠাই = ভঁৰাল ৷

২৫২) অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী ৷

২৫৩) কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷

২৫৪) গৰু বন্ধা ঠাই = গোহালি ৷

২৫৫) বাপেকৰ সখিয়েক = তাৱৈ ৷

২৫৬) তাৱৈৰ ঘৈণীয়েক = আমৈ ৷

২৫৭) যি আনৰ অধীন নহয় = স্বাধীন ৷

২৫৮) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷

২৫৯) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷

২৬০) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷

২৬১) যাৰ আদি নাই = অনাদি ৷

২৬২) যাৰ সীমা নাই = অসীম

২৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷

২৬৪) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷

২৬৫) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷

২৫৬) যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷

২৬৭) যি নগৰত থাকে = নগৰীয়া ৷

২৬৮) আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷

২৬৯) ভেকুলীৰ পোৱালি = লালুকি ৷

২৭০) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷

২৭১) দেউতাৰ ভনীয়েক = পেহী ৷

২৭২) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷

২৭৩) ৰৌ মাছৰ সৰু = ৰৌমণি ৷

২৭৪) মাছৰ পোৱালি  পোনা ৷

২৭৫)গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷

২৭৬) মাৰ ভনীয়েক = মাহী ৷

২৭৭) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷

২৭৮) দাঁত ওলোৱা হাতী = দঁতাল ৷

২৭৯) মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷

২৮০) শ’ল মাছৰ সৰু = শ’লঠাৰি ৷

২৮১) ধানৰ বাকলি = তুঁহ ৷

২৮৩) গোচৰ তৰা মানুহ = গোচৰীয়া ৷

২৮৪) গোটেই জীৱন জুৰি = অজীৱন ৷

২৮৫) নাটক লিখা মানুহ = নাট্যকাৰ ৷

২৮৬) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷

২৮৭) গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷

২৮৯) ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷

২৯০) গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা ।

২৯১)  জন্তুৰ নিচিনা = জান্তৱ ৷

২৯২) চোবাই খোৱা বস্তু = চৰ্ব্য ৷

২৯৩) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷

২৯৪) যি ঠাইত মানুহ নাই = জনশূন্য ৷

২৯৫) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷

২৯৬) কবিতা লেখা মানুহ = কবি ৷

২৯৭) চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷

২৯৮) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷

২৯৯) ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷

৩০০) যি গোন্ধ ভাল = সুগন্ধ ৷

৩০১) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য --- খৰিচা ৷

৩০২) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷

৩০৩)  নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷

৩০৪) বহুত মানুহ একেলগে যোৱা = সমদল ৷

৩০৫) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷

৩০৬) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷

৩০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷

৩০৮) নিজে নিজে হোৱা = স্বয়ম্ভূ ৷

৩০৯) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত ।

৩১০)  যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা

৩১১) যাক সহজতে লাভ কৰা যায় = সুলভ ।

৩১২)  য'ত  বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।

৩১৩) যাক বুজিব পাৰি = বোধগম্য ।

৩১৪) বৰষুণ নোহোৱা যি বতৰ = খৰাং ।

৩১৫) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।

৩১৬)  যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য ।

৩১৭) জুই ধৰি ৰখা যি ঠাই = জুহাল ।

৩১৮) যাৰ নাম ৰাতিপুৱাই  স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।

৩১৯) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় =   নাতিশীতোষ্ণ ।

৩২০) যাৰ একোৱেই নাই =  নিঃস্ব ।

৩২১) যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী ।

৩২২) যি তিৰোতাই ধান দায় = দাৱনী ।

৩২৩) হঠাতে হোৱা যি ঘটনা =  আকস্মিক ।

৩২৪)  যি মাটিত সাৰ নাই = অসাৰুৱা ।

৩২৫) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।

৩২৬) যি জন সাহিত্যত সম্ৰাটৰ তুল্য =  সাহিত্য - সম্ৰাট ।

৩২৭) যি জনে বিয়া কৰোৱা নাই =  আবিয়ৈ ।

৩২৮) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।

৩২৯) যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় ।

৩৩০) মেলত যি পাৰ্গত = মেলেকী ।

৩৩১) যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা ।

৩৩২) যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।

৩৩৩) যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি ।

৩৩৪) একে সময়তে হোৱা = সমসাময়িক ।

৩৩৫) এবাৰ গুটি লাগি মৰা গছ = ওষধি । 

৩৩৬) লোকক দেখি পাছত যি কৰা যায় =  অনুকৰণ ।

৩৩৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।

৩৩৮) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।

৩৩৯) সাহ যাৰ আছি = সাহসী । 

৩৪০) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি ।

৩৪১) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।

৩৪২) যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।

৩৪৩) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।

৩৪৪) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।

৩৪৫) যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।

৩৪৬) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।

৩৪৭) যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ ।

৩৪৮) যাক সহজতে ভাঙিব পাৰে  =  ভংণ্ডৰ ।

৩৪৯) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য ।

৩৫০) যি বিধিসন্মত = বৈধ ।

৩৫১) প্ৰাণক পণ কৰি = প্ৰাণপণে ।

৩৫২) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।

৩৫৩) যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।

৩৫৪) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।

৩৫৫) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।

৩৫৬) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত । 

৩৫৭) কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি ।

৩৫৮) যাৰ ধাৰ আছে = ধৰুৱা ।

৩৫৯) যাৰ সীমা নাই = অসীম ।

৩৬০) যি আনফালে মন দিয়ে = অন্যমনস্ক । 

৩৬১) যাক নিধাৰণ কৰিব নোবাৰি =  অনিবাৰ্য ।

৩৬২) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।

৩৬৩) যাৰ আদি নাই = অনাদি ।

৩৬৪) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।

৩৬৫) যাক কল্পনা কৰিব নোৱাৰি =  অকল্পনাতীত । 

৩৬৬) বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।

৩৬৭) য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক ।

৩৬৮) যি নিশাহে চৰে = নিশাচৰ ।

৩৬৯) যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।

৩৭০) যিটো সুধিবলগীয়া =জিজ্ঞাস্য ।

৩৭১) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।

৩৭২) মাগিলেও ভিক্ষা  নোপোৱা সময় = দুৰ্ভিক্ষ ।

৩৭৩) যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ ।

৩৭৪) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

৩৭৫) একেজন গুৰুৰে শিষ্য = সতীৰ্থ।

৩৭৬) যাৰ আগমন আহ্বান কৰা হয়= স্বাগত । 

৩৭৭) যাক বধ কৰা অনুচিত = অবধ্য ।

৩৭৮) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম ।

৩৭৯) যাৰ অন্ত নাই = অনন্ত । 

৩৮০) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।

৩৮১) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ।

৩৮২) যি সহ্য কৰিব পাৰে = সহিষ্ণু ।

৩৮৩)  যি গোচৰ তৰে = গুচৰীয়া ।

৩৮৪) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।

৩৮৫) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।

৩৮৬) যি শক্তিক উপাসনা কৰে = শাক্ত ।

৩৮৭) যি শিৱক উপাসনা কৰে = শৈৱ ।

৩৮৮) যি একো নাজানে = অজ্ঞ।

৩৮৯) যি ভাষাত পাৰ্গত = ভাষাবিদ্ ।

৩৯০) যি কণীৰপৰা জন্মে = অণ্ডজ ।

৩৯১) যি একেলগে পঢ়ে = সহপাঠী ।

৩৯২) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ ।

৩৯৩) যি সমাপ্ত হোৱা নাই = অসমাপ্ত ।

৩৯৪) য'ত কোনো মানুহ নাই = জনশূন্য ।

৩৯৫) য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।

৩৯৬) যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।

৩৯৭) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ 

৩৯৮) যি মাটি ফুটি ওলায় = উদ্ভিদ ।

৩৯৯) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।

৪০০)  যাৰ কথাৰ সাঁচ নাই = লগা ।

৪০১) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।

৪০২) যত মানুহ বেছি = জন-বহুল ।

৪০৩) যাৰ মূৰত চুলি নাই = তপা ।

৪০৪) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।

৪০৫) যি ধন খৰচ নকৰে = কৃপণ ।

৪০৬) যি মাছ-মাংস খায়= আমিষাহাৰী ।

৪০৭) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।

৪০৮) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট ।

৪০৯) যি অলপতে শুনে = শহাকণীয়া ।

৪১০) যি অলপতে ভয় খায় = ভয়াতুৰ ।

৪১১) যি ঘৰত ধান থয় = ভঁৰাল ।

৪১২) যি নানা অভাৱত থাকে = অভাৱী ।

৪১৩) জন্তুৰ নিচিনা =  জান্তৱ ।

৪১৪) যাৰ নাম নাই = অনামা ।

৪১৫) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।

৪১৬) নাম নিদিয়াকৈ দিয়া = বেনামী ।

৪১৭) পনীয়া গাখীৰ দিয়া গাই = জলাহী ।

৪১৮) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা ।

৪১৯)  মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।

ইয়াত নথকাবোৰ দিবলৈ কমেন্টত লিখক।



 Editor By: Apurba Kakati 
(Morigaon, Assam)








Post Id: DABP000621