চৰকাৰৰ প্ৰকাৰ বা শ্ৰণীবিভাগ  

   অ নু শী ল নী   

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১. চৰকাৰৰ শেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ?
উত্তৰঃ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক হল প্লেটো।

২. বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ ?
উত্তৰঃ বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হল সংসদীয় পদ্ধতিৰ চৰকাৰ।

৩. সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰএখনৰ নাম হল ইংলেণ্ড

৪. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন ?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হল ৰাষ্ট্ৰপতি।

৫. ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ?
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে।

৬. ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা ?
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ।


৭. এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা?
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হল - জাপান

৮. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল -- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।

৯. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ?
উত্তৰঃ ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে।

১০. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্য়ৱস্থা আছেনে ?
উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্য়ৱস্থা নাই।

চমু  প্ৰশ্ন :


১. বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? 
উত্তৰঃ বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'লঃ
            এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ।

২. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য় লিখা?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য় হ'লঃ
১) দুজন মুৰব্বী
২) মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা

৩.  সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা গুণ--
১) এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ।
২) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।
দুটা দোষ----
১) ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিসদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে। যাৰফলত মন্ত্ৰী পৰিসদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভৱনা থাকে।
২)  এনে শাসনব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পোলায়।

৪. ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ? 
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হল - ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন। বিধান মণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ লব নোৱাৰে।

৫. ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য় লিখা?
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য় হল---
  ১)  ক্ষমতাৰ পৃথকীকৰণ নীতি।
  ২) ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল।

৬. এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা? 
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ---
 ১) এককেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচলনাৰ ব্যয় কম। ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে।
 ২)  জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰীয় চৰকাৰ বিশেষ উপযোগী। অতি ক্ষীপ্ৰভাৱে এনে চৰকাৰ যিকোনো অৱস্থাৰ সন্মুখীন হব পাৰে।
           এককেন্দ্ৰীয়  চৰকাৰৰ দুটা দোষ------
          ১) এক বৃহত আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।
          ২)
এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক। এনে                              চৰকাৰত আমোলাসকলে প্ৰকৃততে শাসন চলায়।
          
        দীঘল ত্তৰৰ প্ৰশ্ন :

১. ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা? 
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ: 
    ১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰৰ প্ৰতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়।ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে।
    ২) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হব নোৱাৰে।
    ৩)  এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী।
    ৪)  কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষঃ
    ১)  ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে।
    ২) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগীতা নাথাকে। সামগ্ৰীকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়।
    ৩) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ঠ হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হলত পৰিৱৰ্তিত পৰিবেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে।
    ৪) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ৰাজনৈতিক দলৰ হলে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভৱনা অধিক।
    ৫) এই চৰকাৰত মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই আৰু অধিকগুৰুত্ব লাভ কৰাৰ সম্ভৱনা থাকে।

২.   সংসদীয় পদ্ধতীৰ চৰকাৰৰ বৈশিষ্ট্য়সমূহ লিখা?
উত্তৰঃ ১) দুজন মুৰব্বীঃ এই চৰকাৰত দুজন মুৰব্বীৰ ব্যৱস্থা আছে  । এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা।
            ২)কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য -  এই                      চৰকাৰত কাৰ্যপালিকা অৰ্থাত মন্ত্ৰীপৰিষদৰ সদস্যসকল                    বিধানমণ্ডলৰো সদস্য । 
            ৩। বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বদ্ধ : সংসদীয়          পদ্ধতিৰ চৰকাৰত বিধানমণ্ডলআৰুকাৰ্যপালিকাৰ সম্পৰ্কনিবিড়। 
           ৪। মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ : সংসদীয়              পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰা বাবে           বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়। 
            ৫। মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা :  এই চৰকাৰত মন্ত্ৰী পৰিষদখন  সামূহিকভাৱে বিধানণ্ডলৰ ওচৰত দায়বদ্ধ হয় ।

৩. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হৈছে, উদাহৰণসহ আলোচনা কৰা । 
উত্তৰ    যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হল - যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই দ্বায়িত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহত আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয় । ভিন্ন ধৰ্ম,জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়।
যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক । ওপৰত উল্লেখ কৰা কথাবোৰ   যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ বুলি কব পাৰি । গুণ থকাৰ উপৰিও ইয়াৰ কিছুমান দোষো আছে । এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়  । এই চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱা সম্ভাৱনা থাকে । যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় থাকে অধিক । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ   উ
ৎকৃষ্ট  উদাহৰণ হ'ল - আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ ।
            উপৰোক্ত দোষবিলাক থকা সত্বেও বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে । এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যতে অধিক জনপ্ৰিয় হোৱাৰ সম্ভৱনা আছে।
৪. এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য়সমূহ লিখা?
উত্তৰঃ ১) শক্তিশালী কেন্দ্ৰীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে।
            ২) লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।
            ৩) একক নাগৰিকত্বঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ঠ্য।
            ৪) দুৰ্বল ন্যায়পালিকাঃ এককেন্দ্ৰীয় চৰকাৰত আইন সভাৰ প্ৰধান্য পৰিলক্ষিত হয়। আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।
           ৫) নমনীয় সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।
৫. এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে ? সমালোচনা আগবঢ়োৱা?  
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰত প্ৰশাসনিক গোট থাকে এনে গোটবোৰ স্বতন্ততাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয়। এনে চৰকাৰত আমোলাসকলৰ প্ৰভাৱ বেছি গতিকে দুৰ্নীতিয়ে প্ৰশয় পায়। জনগন ৰাজনৈতিকভাবে সক্ৰিয় হব নোৱাৰে। এনেবোৰ বৈশিষ্ঠ্যৰ বাবে এককেন্দ্ৰীয় চৰকাৰক প্ৰকৃততে গণতান্ত্ৰিক বুলি কব নোৱাৰি। কিন্তু ইংলেণ্ড, ফ্ৰান্স আদি দেশত এই চৰকাৰ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত হৈ সুচাৰুৰূপে কাম কৰি আছে বাবে আমি এককেন্দ্ৰীয় চৰকাৰক অগনতান্ত্ৰিক বুলিও কব নোৱাৰো। কিন্তু ভাৰতবৰ্ষ আদিৰ দৰে বৃহত আকাৰৰ ৰাষ্ট্ৰ আৰু বহুল জনসংখ্যাৰে পৰিপূৰ্ণ দেশ এখনত য'ত বিভিন্ন জাতি-ভাষাৰ লোকে বাস কৰে, তেনে দেশত এক কেন্দ্ৰীয় চৰকাৰ অগণতান্ত্ৰিক হোৱা সম্ভাৱনা নথকা নহয়।



Post Id: DABP000847