পাঠ-১২
নামৰ বেবেৰিবাং
৪) তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।
শব্দ |
অৰ্থ |
নুটুটে |
নকমে |
ৰৰৈয়া |
নদন-বদন, ধনে - জনে পৰিপূৰ্ণ
|
ডাল-দৰিদ্ৰ |
অতি দুখীয়া |
বেজবেজাই |
ডাকি যোৱাগৈ, বিজবিজনি অনুভৱ কৰা |
সুৰ সুৰকৈ |
কোনো শব্দ বা ওজৰ-আপত্তি নোহোৱাকৈ |
মৰচেৰেলা |
শুকাই-ক্ষীণাই মৰাৰ নিচিনা হোৱা |
জকাই |
জাকৈ |
পেটাৰি |
জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰি কৰা কাপোৰ - কানি ৰাখিব পৰা এবিধ
যতন। |
৫) উত্তৰ লিখা-
ক) নিধনীৰামৰ ঘৰ কত আছিল?
উত্তৰঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।
খ) নিধনীৰাম অভাৱী আছিল নেকি।
উত্তৰঃ- নহয়, নিধনীৰাম অভাৱী নাছিল।
গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি।
উত্তৰঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।
ঘ) হালোৱা মানুহজনৰ নাম কি আছিল।
উত্তৰঃ- হালোৱা মানুহজনৰ নাম মৰা আছিল।
৬) কোনে, কাক কৈছিল কোৱা-
ক) এই জোপা কি গছহে ককাই।
উত্তৰঃ- নিধনীৰামে গিৰিহঁতক কৈছিল।
খ) পাৰোঁতোন নিজৰা।,
উত্তৰঃ- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।
গ) মোৰ নাম মৰা।
উত্তৰঃ- হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল।
ঘ) বোলো কোৱা কি। তুমি দেখোন জিয়া, মৰা হ'লা কেনেকৈ।
উত্তৰঃ- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল।
ধ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা - পুঠী এটাও পোৱা নাই।
উত্তৰঃ- লখিমীয়ে নিধনীৰামক কৈছিল।
৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা।
উত্তৰঃ- অমৰা মৰে , নিজৰা জৰে
মৰাই বাই হাল ,
লখিমীয়ে পিন্ধে ফটাকানি
মই নিধনী হোৱাই ভাল।
অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়।
৯) ক , অংশৰ লগত খ , অংশ মিলোৱা ।
ক-অংশ |
খ-অংশ |
গোহালীত |
গৰু |
পুখুৰীত |
মাছ |
বাৰীত |
তামোল-পাণ |
ভঁৰাল |
ধান |
চালত |
কোমোৰা |
ফুলনি |
ফুল |
১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।
'ক' অংশ |
'খ' অংশ |
ভাই |
ভনী |
আই |
বোপাই |
পেহা |
পেহী |
জী |
জোঁৱাই |
শাহু |
শহু |
তাৱৈ |
আমৈ |
১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা।
ভাল - বেয়া নালাগে - লাগে।
জীয়া - মৰা নুটুটে - টুটে।
নিধনী - ধনী নোৱাৰে - পাৰে ।
বহল - ঠেক নেমাতিলে - মাতিলে ।
১৩) বাক্য় ৰচনা কৰা
গা বেজবেজাই যায় , ডাল- দৰিদ্ৰ , ভেকাৰি মাৰ , গা নচুৱাই ফুৰ ।
(ক) গা বেজবেজাই যায়ঃ ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।
(খ) ডালডদৰিদ্ৰঃ ডাল-দৰিদ্ৰ লোকক সহায় কৰিব লাগে।
(গ) ভেকাৰি মাৰঃ অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি লগৰবোৰক ভেকাৰি মাৰ বুলি ক'লে।
(ঘ) গা নচুৱাই ফুৰঃ মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে।
খ) শব্দ গঠন কৰা
উত্তৰঃ- জ্ঞান + ঈ = জ্ঞানী মান + ঈ = মানী ।
দান + ঈ = দানী সুখ + ঈ = সুখী ।
গুণ + ঈ = গুণী দুখ + ঈ = দুখী ।
Last Update by Dipawali Bora (04.05.2022)
Spelling Check By- Mukesh Borah
Post Id: DABP000971
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
14 Comments
উঃ অমৰা মৰে , নিজৰা জৰে
মৰাই বাই হাল ,
লখিমীয়ে পিন্ধে ফটাকানি
মই নিধনী হোৱাই ভাল ।
নিধনীৰামে শেষত ভাবিলে যে - মানুহৰ নামৰ লগত কোনো কথা নাই । তেওঁৰ নামে তেওঁৰ পৰিচয় নিদিয়ে । তেওঁৰ কামে হে তেওঁৰ পৰিচয় দিয়ে ।
প্রশ্ন ১। উত্তৰ দিয়া
( ক ) অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা দুটা কি কি ?
উত্তৰ : অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হ'ল : ১৮৯৭ চন আৰু ১৯৫০ চন ।
( খ ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?
উত্তৰ : ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ ৷
গ)২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?
উত্তৰঃ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল ।
( ঘ ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ?
উত্তৰ : ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল।
২। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা ।
( ক ) চানডুৰি বিল কেনেকৈ সৃষ্টি হ'ল ?
উত্তৰ : ১৮৯৭ চনৰ প্ৰলয়ংকাৰী বৰভুঁইকপতে চানডুবি বিলৰ সৃষ্টি হয় । প্রকৃততে চানডুবি বিল এসময়ত পাহাৰ আছিল । বৰভুঁইকঁপৰ ফলত কইবাখনো পাহাৰ লাহে লাহে তললৈ বহি গৈ চানডুবি বিলৰ সৃষ্টি হয় ।
( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিবৰ্তন হৈছিল ?
উত্তৰ : ১৯৫০ চনৰ ভূমিকম্পৰ ফলত গছ - গছনিৰে ভৰপুৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহি আহি বৰলুইতৰ বুকু বাম কৰি পেলায় । ইয়াৰ ফলত অসমৰ ভৌগোলিক ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন ঘটে । ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ পৰাত বছৰি বাৰিষা কালৰ ব্ৰহ্মপুত্ৰৰ পানীয়ে অসমত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰিবলৈ ধৰে লগতে বহুতো নদীৰ গতিপথ সলনি হয় । এই বানপানীয়ে বছৰি খেতি - বাতি নষ্ট কৰে , ৰাস্তা - ঘাট খহায় , দলং উটুৱাই নিয়ে , ধন - জনৰ বিঘিনি ঘটায় ৷
( গ ) ‘ ছুনামি ’ কি ?
উত্তৰ: সাগৰত হোৱা ভূমিকম্প , আগ্নেয়গিৰি উদগীৰন অথবা সমুদ্রগৰ্ভত ঘটা ব্যাপক আলোড়নৰ ফলত সাগৰীয় পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক ছুনামি বোলা হয় ৷
( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?
উত্তৰ : ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পৰ ফলত ঘটা সৃষ্টি হোৱা মিয়ে ভাৰতৰ পূৱ উপকূল অঞ্চলত ব্যাপক মহাপ্রলয়ৰ সৃষ্টি কৰি তামিলনাডু , আন্দামান - নিকোবৰ দ্বীপপুঞ্জত লাখ লাখ মানুহক গৃহহাৰা কৰিছিল ।
৪)
উত্তৰ : সাৱধান - সাৱধানতা , বিশাল - বিশালতা , প্ৰসাৰ - প্ৰসাৰতা , বিচ্ছিন্ন - বিচ্ছিনতা ,
বিভিন্ন - বিভিন্নতা
শব্দাৰ্থ : সাৱধানতা – সতর্কতা
বিচ্ছিন্নতা - বিভাজন হোৱা
বিভিন্নতা - ভিন ভিন
বিশালতা – বৃহৎ আকৃতিৰ
প্ৰসাৰতা - ব্যাপকতা ।
৫। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা ।
ফৰিদা হেৰা মনু , তুমি কেনেকৈ যাবা ?
মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।
ফৰিদা - পিছে মই এতিয়া নাযাওঁ দিয়া ।
মনু- বাৰু , হ’ব দিয়া ।
ফৰিদা – উঃ, আজি যে কি গৰম! মনু , মোক ঠাণ্ডা পানী এগিলাচ দিবা নে ?
মনু- হয় , দিছোঁ ৰ'বা ।
ফৰিদা- তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু - মই আৰু শেৱালি একেলগে যাম ।
উত্তৰ : ফৰিদা হেৰা মনু , তুমি কেনেকৈ যাবা ?
মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।
ফৰিদা - পিছে মই এতিয়া নাযাওঁ দিয়া ।
মনু- বাৰু , হ’ব দিয়া ।
ফৰিদা – উঃ, আজি যে কি গৰম! মনু , মোক ঠাণ্ডা পানী এগিলাচ দিবা নে ?
মনু- হয় , দিছোঁ ৰ'বা ।
ফৰিদা- তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু - মই আৰু শেৱালি একেলগে যাম ।
***************************
৫)উত্তৰ :হেৰা,বা,এতিয়া,বাৰু,উঃ,হয়,কাৰ,আৰু।
ধন্যবাদ