অসমীয়াতঃ তিতা কেৰেলা
ইংৰাজীতঃ Balsam pear
বৈজ্ঞানিক নামঃ মোমোৰ্দিকা চৰান্তিয়া
এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— কুকুৰ্বিটেচি। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে। পাতবোৰ ৩-৮ ছেঃমিঃ দীঘল আৰু বহল, ৫-৭টা খলপা। খলপাবিলাক কাষ কটা। হালধীয়া ৰঙৰ ফুলবিলাক একলিংগ, স্ত্ৰীপুষ্প আৰু পুংপুষ্প দুয়োটা একেডাল লতাতে ধৰে। পাঁচটা পাহিৰে প্ৰায় ৩ ছেঃমিঃ বহল। ফলবোৰৰ দুই মূৰ জোঙা আৰু গাত দীঘলীয়াকৈ থোপাৰে আবৰা। অসংখ্য গুটিৰে ভৰা আৰু এইবোৰ ৰঙা লেপথেপীয়া দ্ৰব্যৰে আবৰি থাকে।
Post ID: DABP001356