মেৰু অঞ্চল অতিশয় শীতল আৰু বৰফেৰে ভৰা । এনে শীতল পৰিৱেশতো কিছুমান প্ৰণী জীয়াই থাকে ইয়াৰ ভিতৰত প্ৰধান হ'ল বগা ভালুক । ইহঁতৰ দীঘল আৰু ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে । ইহঁতে মাছ , ছীল আদি খাই জীয়াই থাকে ।
এই আঞ্চলৰ আন এবিধ প্ৰাণী হ'ল পেংগুইন । ইহঁতে বৰফত
থকা চৰাই । ইয়াৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা । ডেউকা দুখন সৰু হোৱা বাবে পেংগুইনে উৰিব নোৱাৰে কিন্ত ইহঁতে সাঁতুৰিব আৰু খোজকাঢ়িব সাগৰত থকা সৰু মাছ ইহঁতৰ খাদ্য় ।
অতি শীতল দেশত পোৱা আৰু এবিধ প্ৰাণী হ'ল বল্গা হৰিণ । এইবিধ হৰিণ সাত ফুট পৰ্যন্ত ওখ হয় । ইহঁতৰ দীঘল আৰু শাশা-প্ৰশাখাযুক্ত শিং থাকে এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল য়াক ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা ।
তৃণভূমি অঞ্চলত হাতী, গঁড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণী জাকপাতি থাকে । এইবোৰ আঞ্চলত বাঘ, সিংহ আদি সাংসভোজী প্ৰাণীও থাকে । অসমৰ অৰণ্য়ত হাতী , গঁড়, হৰিণা, বাঘ, ভালুক আদি প্ৰাণী পোৱা যায় । সিংহৰ গাৰ ৰং ধূসৰ হোৱা বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে ।