তাৰিখঃ ইং ২৭-১০-২০২০

উল্লেখ্য যে অসমৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা নতুন নিয়ম আৰু এই নিয়ম অনুসৰি অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহৰ ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ দান আৰম্ভ হ'ব বুলি জনাই। ষষ্ঠ, সপ্তম, নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ  আৰু শুক্তবাৰে হোৱাৰ বিপৰীতে অষ্টম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান কৰা হ'ব মঙল, বৃহস্পতি আৰু শনিবাৰে। একেদৰে স্নাতক প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মসিকৰ পাঠদান ক্ৰমে সপ্তাহত দুদিন, তিনিদিন আৰু চাৰিদিনকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে।