পাঠ-চৈধ্য
ধৰ্মবুদ্ধি আৰু পাপবুদ্ধিৰ কথা
অনুশীলনী
১) সাউদৰ পুতেক দুজনৰ নাম কি আছিল ?
উত্তৰঃ- সাউদৰ পুতেক দুজনৰ নাম ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি।
২) তেওঁলোকে বিদেশলৈ কিয় যাব ওলাইছিল ?
উত্তৰঃ- তেওঁলোকে বিদেশলৈ ধন ঘটিবৰ বাবে যাব ওলাইছিল।
৩) সোনৰ কলহটোত কিমান মোহৰ আছিল ?
উত্তৰঃ- সোনৰ কলহটোত এহাজাৰ মোহৰ আছিল।
৪) কাৰ কথামতে বাকীখিনী টকা বনৰ মাজত গাঁতত পুতি থৈ গৈছিল ?
উত্তৰঃ- পাপবুদ্ধিৰ কথামতে বাকীখিনী টকা বনৰ মাজত গাঁতত পুতি থৈ গৈছিল।
৫) তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ কিয় যাবলগীয়া হৈছিল ?
উত্তৰঃ- পাপবুদ্ধিয়ে আগতিয়াকৈ গাত খান্দি মোহৰ খিনি উলিয়াই আনিলে। আৰু ধৰ্মবুদ্ধিক দেখুওৱাই পাপবুদ্ধিয়ে নাই অনা বুলি থপৰিয়াই থপৰিয়াই কান্দিলে । সেইবাবে তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ যাবলগীয়া গৈছিল।
৬) বাপেকে পাপবুদ্ধিক টকাখিনি ধৰ্মবুদ্ধিক কিয় দিবলৈ কৈছিল?
উত্তৰঃ- বাপেক্ ক'লে "এইবোৰ ধৰা পৰাৰহে কথা ভাবিছ। এইবোৰ শুভ বুদ্ধিৰ নহয় ধৰ্মবুদ্ধিৰ টকাখিনি ধৰ্মবুদ্ধিক দি দিবলৈ কৈছিল।
৭) কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ- কেতিয়াও অকলে লোৱা কথা ভাবিব নাপায়। সকলোৱে মিলিজুলি থাকিব লাগে । গতিকে অতি বুদ্ধিৰ মানুহৰ গলত ফাঁচি লাগে।
Type Arup Koch
Author By : Rajashree Bora
Check by - Mukesh Borah
Post ID : DABP006453
2 Comments