সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

অধ্যয় ২

আমি যিবােৰ সাজ - পােছাক পিন্ধো , সেইবােৰ কাপােৰেৰে প্ৰস্তুত কৰা হয় । কাপােৰ বনােৱা হবােৰ প্রাকৃতিক আৰু কৃত্রিম উৎসৰ পৰা পােৱা যায় । তােমালােকে কিছুমান প্রাকৃতিক আঁহৰ নাম ক'ব পাৰিবানে ? বহু বিধ ঘৰুৱা বস্তু বনাওতেও আঁহ ব্যৱহাৰ কৰা হয় । আঁহেৰে বনােৱা কিছুমান সাধাৰণ বস্তুৰ এখন তালিকা প্রস্তুত কৰা । এইবােৰক প্রাকৃতিক আঁহেৰে বনােৱা আৰু কৃত্রিম আঁহেৰে বনােৱা হিচাপে পৃথক কৰা আৰু তালিকা ৩.১ ত লিখা 

       কিছুমান আঁহক কিয় কৃত্রিম বুলি লিখিলা ? 

তােমালােকে আগৰ শ্রেণীসমূহত পঢ়ি আহিছা যে কপাহ , ঊণ , পাট আদিৰ নিচিনা আঁহবােৰক উদ্ভিদ বা প্ৰাণীৰ পৰা পােৱা হয় । আনহাতে , সাংশ্লেষিক আঁহবােৰক মানুহে প্রস্তুত কৰে । সেইকাৰণে , এইবােৰক সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহ বােলা হয় । 

৩.১ সাংশ্লেষিক আঁহবোৰ কি ?

সূতাত মণি গাঁথি পোৱা ডিঙিৰ হাৰ এডালৰ একৰূপ চানেকি এটা মনত পেলাবলৈ চেষ্টা কৰা [চিত্ৰ৩.১ (ক)] নাইবা কিছুমান কাগজত মৰা ক্লিপ চিত্ৰ ৩.১ (খ) ত দিয়াৰ দৰে একেলগে লগ  লগাই এডাল দীঘল শৃংখল বনাবলৈ চেষ্টা কৰা। দুয়োটাৰ মাজত সাদৃশ্য় আছেনে? 

এটা কৃত্ৰিম আঁহ হৈছে একেলগে লগ লগোৱা সৰু সৰু গোটৰ শৃংখল। প্ৰতিটো সৰু একক আচলতে একো একোটা ৰাসায়নিক পদাৰ্থ। এনেধৰণৰ বহুতো সৰু সৰু গোট লগ লাগি প্ৰস্তুত কৰা ডাঙৰ গোটক পলিমাৰ বা বহুযোগী বোলা হয়। 'পলিমাৰ'(Polymer) শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে : 'Poly'  মানে 'বহুত' আৰু 'mer' মানে অংশ বা গোট। গতিকে, পলিমাৰ এটা বহুতো একে গোট লগলাগি গঠিত হয়।

৩,২ সাংশ্লেষিক আঁহৰ প্ৰকাৰঃ

 ৰেয়ন 

 তােমালােকে সপ্তম শ্ৰেণীত পঢ়ি আহিছা যে পাট পলুৰ পৰা পােৱা পাট বা ৰেচম আঁহ চীন দেশত আৱিষ্কাৰ কৰা হৈছিল আৰু এই আৱিষ্কাৰ বহু দিন ধৰি অত্যন্ত সাৱধানতাৰে গােপন কৰি ৰখা হৈছিল । পাট আঁহৰ পৰা পােৱা কাপােৰবােৰ অত্যন্ত দামী আছিল । তথাপিও ইয়াৰ সুন্দৰ বােৱনে সকলােকে মুগ্ধ কৰিছিল । সেইকাৰণে কৃত্রিমভাৱে পাট প্রস্তুত কৰিবলৈ যথেষ্ট চেষ্টা চলােৱা হৈছিল । ঊনৈশ শতিকাৰ শেষৰ পিনে বিজ্ঞানীসকলে পাটৰ নিচিনা গুণাগুণ থকা এবিধ আঁহ প্রস্তুত কৰাত সফল হয় । কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্রক্রিয়াৰে এনেধৰণৰ এক আঁহ পােৱা হৈছিল । এই আঁহবিধক ৰেয়ন বা কৃত্রিম পাট বুলি কোৱা হৈছিল । ৰেয়নক প্রাকৃতিক উৎস - কাঠৰ মণ্ডৰ পৰা পােৱা হৈছিল যদিও ই এবিধ মানবসৃষ্ট আঁহ । ই পাটতকৈ সস্তীয়া আৰু ইয়াক পাটৰ আঁহৰ দৰে বব পাৰি । বিভিন্ন ধৰণৰ ৰঙৰ দ্বাৰা ইয়াক বােলাবও পাৰি । ৰেয়নৰ লগত কপাহ মিশ্ৰিত কৰি কাৰ্পেট বনোৱা হয়।

নাইলন 

 নাইলন হ’ল আন এবিধ মানৱ - সৃষ্ট আঁহ । ১৯৩১ চনত কোনাে প্রাকৃতিক কেঁচা মাল ( উদ্ভিদ বা প্রাণীৰ পৰা ) ব্যৱহাৰ নকৰাকৈ ইয়াক প্ৰস্তুত কৰা হৈছিল । কয়লা , পানী আৰু বায়ুৰ পৰা ইয়াক প্রস্তুত কৰা হৈছিল । ই আছিল প্রথম সম্পূর্ণ সাংশ্লেষিক আঁহ । নাইলনৰ আঁহবােৰ মজবুত , নমনীয় আৰু পাতল আছিল । নাইলনৰ আঁহবােৰ উজ্জ্বল আৰু ধুবলৈ সহজ আছিল । গতিকে , সাজ - পােছাক তৈয়াৰ কৰাত ই বৰ জনপ্রিয় হৈছিল।নাইলনৰ পৰা তৈয়াৰী মােজা , ৰছী , তম্বু , টুথব্রাছ , গাড়ীৰ আসনৰ পেটী , শ্লিপিং বেগ , পর্দা আদিৰ নিচিনা বহুতাে সামগ্রী আমি ব্যৱহাৰ কৰোঁ ( চিত্র -৩.৩ ) । শিলাৰােহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট আৰু ৰছী বনাবলৈও। নাইলন ব্য়ৱহাৰ হয় (চিত্ৰ- ৩.৪)। নাইলন সূতা এডাল আচলতে তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী।

পলিয়েষ্টাৰ হৈছে আন এবিধ সাংশ্লেষিক আঁহ । এই আঁহৰ পৰা বনােৱা সাজ - পােছাক সহজে শােটোৰা নপৰে । ই খটখটীয়া হৈ থাকে আৰু ইয়াক ধুবলৈও সহজ । গতিকে , পিন্ধনৰ সামগ্রী বনাবলৈ এইবিধ আঁহ অতি উপযুক্ত । তােমালােকে পলিয়েষ্টাৰৰ চোলা আৰু আন পােছাক পিন্ধা মানুহ নিশ্চয় দেখিছা । টেৰিলিন হৈছে এবিধ জনপ্রিয় পলিয়েষ্টাৰ । ইয়াক টানি অতি মিহি আঁহলৈ পৰিণত কৰি যিকোনাে পকোৱা সূতাৰ দৰে বব পাৰি । PET হ'ল পলিয়েষ্টাৰৰ এবিধ খুউব পৰিচিত ৰূপ। বটল, বাচন-বৰ্তন, ফিল্ম, তাঁৰ আৰু বহুতো দৰকাৰী সামগ্ৰী বনাবৰ বাবে ইয়াৰ ব্য়ৱহাৰ কৰা হয়। 


তোমালোকে চাৰিওফালে দেখা পোৱা পলিয়েষ্টাৰেৰে তৈয়াৰ সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা।


শীতলকালত আমি চুৱেটাৰ পিন্ধো আৰু শ্বাল বা কম্বল ব্যৱহাৰ কৰোঁ। যদিও এইবোৰক ঊণৰ নিচিনা দেখি, এইবোৰৰ বেছিভাগেই আচলতে প্ৰাকৃতিক ঊণৰ পৰা বনোৱা নহয়। এইবোৰক এক্ৰাইলিক নামৰ উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী, আনহাতে এক্ৰাইলিকেৰে বনোৱা সাজ-পোছাকবোৰ বৰ আপেক্ষিকভাৱে সস্তা। এইবোৰক নানা ৰঙত পোৱা যায়। সাংশ্লেষিক আঁহবোৰ বেছিদিন টিকে আৰু কম দামী হোৱাৰ বাবে এইবোৰ প্ৰাকৃতিক আঁহতকৈ বেছি জনপ্ৰিয়। 


তোমালোকে ইতিমধ্যে প্ৰাকৃতিক আৰু সাংশ্লেষিক আঁহ দহন কৰা এটা ক্ৰিয়াকলাপ কৰিছা (সপ্তম শ্ৰেণীৰ ক্ৰিয়াকলাপ ৩.৬)। তোমালোকে কি দেখিবলৈ পাইছিলা? তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে সাংশ্লেষিক আঁহ তপতালে গলি যায়। এইটো আচলতে সাংশ্লেষিক আঁহবোৰৰ এটা অসুবিধা। গতিকে এনে কাপোৰত জুই লগাটো বিপদজনক, কাৰণ কাপোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে।সেইবাবে, পাকঘৰত বা পৰীক্ষাগাৰত কাম কৰোঁতে আমি সাংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত নহয়।


৩.৩ সাংশ্লষিক আঁহৰ বিশেষত্বসমূহঃ


বৰষুণ পৰি থকা দিন এটা কল্পনা কৰা। তোমালোকে কেনে ধৰণৰ ছাতি ব্যৱহাৰ কৰিবা আৰু কিয় কৰিবা? সাংশ্লেষিক আঁহবোৰৰ এক বিশেষত্ব আছে আৰু সেয়ে এই আঁহবোৰৰ পৰা তৈয়াৰী পোছাকবোৰ অতি জনপ্ৰিয়। এই পোছাকবোৰ ধুলেসোনকালে শুকায়, বহুদিন টিকে, কম দামী, সহজে পোৱা যায় আৰু সহজে যতনাই ৰাখিব পাৰি। তলৰ ক্ৰিয়াকলাপটো কৰা আৰু নিজেই শিকা।


সাংশ্লেষিক কাপোৰে প্ৰাকৃতিক কাপোৰতকৈ কম/বেছি পানী শোষণ কৰে নে?এই কাপোৰবোৰ শুকাবলৈ কম/বেছি সময় লয় নে?


সাংশ্লেষিক কাপোৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে এই ক্ৰিয়াকলাপটোৰ পৰা তোমালোকে কি শিকিলা?


প্ৰাকৃতিক কাপোৰৰ তুলনাত এই কাপোৰবোৰৰ স্থায়িত্ব, দাম কেনে আৰু যতন কিদৰে লোৱা হয় সেই বিষয়ে কিদৰে লোৱা হয় সেই বিষয়ে মাৰা-দেউতাৰাৰ পৰা জানি লোৱা।

৩.৪ প্লাষ্টিকঃ

 দৈনন্দিন ব্যৱহাৰ কৰা বহুতাে প্লাষ্টিক সামগ্ৰীৰ সৈতে তােমালােক নিশ্চয় পৰিচিত । এনেধৰণৰ সামগ্ৰীবােৰৰ ব্যৱহাৰ সহ এখন তালিকা প্রস্তুত কৰা ।

    সাংশ্লেষিক আঁহৰ দৰে প্লাষ্টিকো এবিধ বহুযােগী । সকলাে প্লাষ্টিকত গােটবােৰ একেধৰণেৰে সজ্জিত নহয় । কিছুমানত এইবােৰ ৰৈখিক , আনহাতে আনবােৰত এইবােৰ প্রস্থ - সংযােজিত ( চিত্র -৩.৬ ) । চিত্র -৩.৭ ত দেখুওৱাৰ দৰে প্লাষ্টিকৰ সামগ্ৰীবােৰ সম্ভৱপৰ সকলােবােৰ আকৃতি আৰু আকাৰত পােৱা যায় । তােমালােকে কেতিয়াবা ভাবি চাইছানে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে ? আচল কথাটো হ’ল এই যে প্লাষ্টিকক সহজে সচত ঢালিব পাৰি অর্থাৎ ইয়াক যিকোনাে আকৃতি দিব পাৰি । প্লাষ্টিকবােৰ পুনৰাবর্তন কৰিব পাৰি , পুনৰ ব্যৱহাৰ কৰিব পাৰি , ৰঙীন কৰিব পাৰি , গলাব পাৰি , পাতল পাত হিচাপে মেৰাব পাৰি বা তাৰলৈ পৰিণত কৰিব পাৰি । সেইবাবে , ইয়াক নানা ধৰণে ব্যৱহাৰ কৰা হয় ।


    এতিয়া তােমালােকে নিজেই প্লাষ্টিকৰ টুকুৰা এটা ভাঁজ কৰিবলৈ চেষ্টা কৰা । সকলােবােৰ প্লাষ্টিকৰ বস্তুক সহজে ভাঁজ কৰিব পাৰিনে ? তােমালােকে দেখিবা যে কিছুমান প্লাষ্টিকক সহজে ভাঁজ কৰিব পাৰি , আনহাতে আন কিছুমান প্লাষ্টিক ভাঁজ কৰিবলৈ জোৰ দিলে ভাঙি যায় । প্লাষ্টিকৰ বটলত গৰম পানী ঢালিলে বটলটো বিকৃত হয় । এনেবােৰ প্লাষ্টিক যিবােৰ।তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকৰবাৰক থার্মপ্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বুলি কোৱা হয় । পলিথিন আৰু PVC হ’ল থার্মপ্লাষ্টিকৰ উদাহৰণ । এইবােৰক খেলনা , ফণি আৰু নানান ধৰণৰ পাত্র উৎপাদন কৰাত ব্যৱহাৰ কৰা হয় । আনহাতে , এনে কিছুমান প্লাষ্টিক আছে যিবােৰক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নােৱাৰি । এইবােৰক থার্ম ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক বােলে । বেকেলাইট আৰু মেলামাইন হ’ল ইয়াৰ দুটা উদাহৰণ । বেকেলাইট তাপ আৰু বিদ্যুতৰ কু - পৰিবাহী । বৈদ্যুতিক চুইচ , বিভিন্ন বাচন - বৰ্তনৰ নাল আদি বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় । মেলামাইন এবিধ বহুতাে গুণ থকা পদার্থ । ই অগ্নি ৰােধ কৰে আৰু আন প্লাষ্টিকতকৈ ই অধিক ভালদৰে তাপ সহ্য কৰিব পাৰে । মজিয়াৰ টাইলছ , ৰান্ধনিশালৰ সা - সৰঞ্জাম আৰু অগ্নি প্রতিবােধী কাপােৰ প্রস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় । চিত্র ৩.৮ ত তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ বিভিন্ন ব্যৱহাৰ দেখুওৱা হৈছে ।

৩.৪ পছন্দৰ পদাৰ্থ হিচাপে প্লাষ্টিকঃ

আজি-কালি খাদ্যবস্তু, পানী, গাখীৰ,আচাৰ, শুকান খাদ্য আদি সংৰক্ষণ কৰি ৰখাৰ কথা যদি চিন্তা কৰোঁ, তেন্তে প্লাষ্টিকৰ পাত্ৰকে আটাইতকৈ বেছি সুবিধাজনক যেন লাগে। ইয়াৰ কাৰণ হ'ল এই পাত্ৰবোৰ কম দামৰ, মজবুত আৰু এইবোৰক ব্য়ৱহাৰ কৰাটোও সহজ। ধাতুৰ তুলনাত পাতল হোৱা বাবে প্লাষ্টিকক গাড়ী, আকাশীযান আৰু অন্তৰীক্ষযানতো ব্য়ৱহাৰ কৰা হয়। চটি জোতাৰ (Slippers) পৰা ঘৰৰ আচবাব, ঘৰ সজোৱা বিভিন্ন সামগ্ৰীলৈ গণনা কৰিলে এখন অন্তহীন তালিকা পোৱা যায়। 

    এতিয়া প্লাষ্টিকৰ বৈশিষ্ট্য়মূলক গুণ বা ধৰ্মবোৰ আলোচনা কৰোঁ আহা। 

প্লাষ্টিকবোৰ অ-বিতক্ৰয়ক পদাৰ্থ

তোমালোকে জানা যে লোৰ নিচিনা ধাতু জলীয় বাষ্প আৰু বায়ুত উন্মক্ত কৰি ৰাখিলে এইবোৰত মামৰে ধৰে কিন্তু প্লাষ্টিকে পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে। ই সহজে ক্ষয়ো নাযায়। সেইকাৰণে, বহুতো ৰাসায়নিক দ্ৰব্য়ৰ উপৰি বিভিন্ন ধৰণৰ পদাৰ্থ গোটাই থ'বৰ বাবে প্লাষ্টিক ব্য়ৱহাৰ কৰা হয়। 

প্লাষ্টিকবোৰ পাতল, দৃঢ় আৰু দীৰ্ঘস্থায়ী

আগৰ দিনত ব্য়ৱহাৰ হোৱা বাল্টিৰ বিষয়ে তোমালোকৰ মা-দেউতা বা ককা-আইতাৰ লগত কথা পাতা। তোমালোকে আজি-কালি ব্য়ৱহাৰ কৰা বাল্টি বা মগসমূহৰ পদাৰ্থবোৰ কি? প্লাষ্টিকৰ পাত্ৰ এটা ব্য়ৱহাৰ কৰাৰ সুবিধাবােৰ কি ? যিহেতু প্লাষ্টিকবােৰ বৰ পাতল , শক্তিশালী , ইয়াৰ স্থায়িত্ব বেছি আৰু ইয়াক সাঁচত দি বিভিন্ন আকৃতি আৰু আকাৰলৈ ৰূপান্তৰ কৰিব পাৰি , সেই বাবে ইয়াক নানান কামত ব্যৱহাৰ কৰা হয় । প্লাষ্টিকবােৰ সাধাৰণতে ধাতুতকৈ সস্তা । বিভিন্ন উদ্যোগত আৰু ঘৰুৱা সামগ্রী প্রস্তুতিত প্লাষ্টিকক বহুলভাৱে ব্যৱহাৰ কৰা হয় । তােমালােকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ প্লাষ্টিক পাত্ৰৰ এখন তালিকা বনােৱা । 

প্লাষ্টিকসমূহ কু - পৰিবাহী 

তােমালােকে ইতিমধ্যে শিকি আহিছা যে প্লাষ্টিকসমূহ তাপ আৰু বিদ্যুতৰ কু - পৰিবাহী । সেইকাৰণেই , বৈদ্যুতিক তাঁৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণ থাকে আৰু স্কু - ড্রাইভাৰ বােৰৰ নালটো প্লাষ্টিকেৰে নির্মিত । উক্ত কাৰণতে কেৰাহী , তাৱা আদিৰ নালবােৰাে প্লাষ্টিকেৰে তৈয়াৰী ।

তালিকা ৩.৩

আৱৰ্জনাৰ প্ৰকাৰ

পচন হোৱাৰ বাবে লগা আসন্ন সময়

পদাৰ্থ

শাক-পাচলি আৰু ফলৰ বাকলি, আহাৰৰ ৰৈ যোৱা ভাগ

১ৰ পৰা ২সপ্তাহ

জৈৱ-পচনশালী

কাগজ

১০ৰ পৰা ৩০দিন

জৈৱ-পচনশালী

কপাহী কাপোৰ

২ৰ পৰা ৫মাহ

জৈৱ-পচনশালী

কাঠ

১০ৰ পৰা ১৫বছৰ

জৈৱ-পচনশালী

ঊণৰ কাপোৰ

প্ৰায় এবছৰ

জৈৱ-পচনশালী

টিন,এলুমিনিয়াম আৰু আন ধাতুৰ টেমা

১০০ৰ পৰা ৫০০বছৰ

জৈৱ-অপচনশালী

প্লাষ্টিকৰ মোনা

বহু বছৰ

জৈৱ-অপচনশালী

৩.৬ প্লাষ্টিক আৰু পৰিৱেশঃ 

আমি যেতিয়া বজাৰলৈ যাওঁ, তেতিয়া সচৰাচৰ আমি বস্তুবােৰ প্লাষ্টিকেৰে মেৰিয়াই থােৱা বা পলিথিন মােনাত আই থােৱা পাওঁ । আমাৰ ঘৰবােৰত প্লাষ্টিক আৱৰ্জনাবােৰ জমা হৈ ডাঙৰ দম হৈ পৰাৰ ইও এটা কাৰণ । শেষত এই প্লাষ্টিকবােৰ আৱৰ্জনা হিচাপে স্থান পায় । প্লাষ্টিকৰ নিষ্পত্তিকৰণ এটা গুৰুতৰ সমস্যা । কিয় বাৰু ? বেক্টেৰিয়াৰ ক্রিয়া - প্রক্রিয়াৰ দৰে প্রাকৃতিক প্রক্রিয়াৰে পচি যােৱা পদার্থবােৰক জৈৱ - পচনশীল  (biodegrad-able) পদার্থ বােলা হয় । আনহাতে যিবােৰ পদার্থ । প্রাকৃতিক ক্রিয়া - প্রক্রিয়াৰ দ্বাৰা সহজে পচি নাযায় সেইবােৰক জৈৱ - অপচনশীল ( non - biodegradable ) পদার্থ বােলা হয় ।
প্লাষ্টিক পচিবলৈ যিহেতু বহুত বছৰ লাগে, সেয়ে ই পৰিৱেশ-হিতৈষী
যিমান সম্ভৱ , প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিবা । তােমালােকে দোকানৰ সামগ্রী কিনিবলৈ যাওঁতে কপাহী বা মৰাপাটেৰে তৈয়াৰী মােনাৰ ব্যৱহাৰ কৰিবা । জৈৱ পচনশীল আৰু জৈৱ - অপচনশীল আৱৰ্জনাবােৰ পৃথক পৃথককৈ সংগ্রহ কৰি পৃথক পৃথককৈ পেলােৱা উচিত । তােমালােকে ঘৰতে এইটো অভ্যাস কৰা । তােমালােকে আন কিছুমান উপায় দিব পাৰিবানে যাৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস কৰাত সহায় হ’ব । প্লাষ্টিকৰ আৱৰ্জনাবােৰ পুনৰাবর্তন কৰাটো অতি প্রয়ােজনীয় । তাপনমনীয় প্লাষ্টিকৰ প্ৰায়বােৰকে পুনৰাবর্তন কৰিব পাৰি । পুনৰাবর্তন কৰিব পৰা সামগ্রী কিছুমানৰ এখন তালিকা প্রস্তুত কৰা । প্লাষ্টিকৰ পুনৰাবৰ্তনৰ সময়ত অৱশ্যে নির্দিষ্ট কিছুমান ৰং যােগ কৰা হয় । এই কাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এইধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ সীমিত হৈ পৰে। দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে তােমালােকে 4R নীতিটো মনত ৰাখিবা । নীতিটো হৈছে হ্রাস কৰা  (Reduce),পুনর্ব্যৱহাৰ কৰা (Reuse) , পুনৰাবর্তনকৰা ( Recycle ) , আৰু পুনৰুদ্ধাৰকৰা (Re cover)। পৰিৱেশ হিতৈষী হ’বলৈ চেষ্টা কৰা ।

তোমালোকে কি শিকিলা
 ১) প্রাকৃতিক আঁহৰ নিচিনা সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকবােৰাে হৈছে বহুসংখ্যক গােটেৰে গঠিত পদার্থ যিবােৰক বহুযযাগী বুলি কোৱা হয় । বহুযােগীবােৰ বহু সংখ্যক সৰু সৰু এককেৰে গঠিত । 
২) প্রাকৃতিক আঁহবােৰক উদ্ভিদ আৰু প্ৰাণীৰ পৰা পােৱা যায় , আনহাতে সাংশ্লেষিক আঁহবােৰক ৰাসায়নিক প্রক্রিয়াৰে পেট্র’ৰাসায়নিকৰ পৰা পােৱা যায় । প্রাকৃতিক আঁহৰ দৰে এই আঁহবােৰেৰে কাপােৰ বব পাৰি । 
 ৩)সাংশ্লেষিক আঁহবােৰ ৰছী , বাল্টি , আচবাব , পাত্র আদি বহুতাে ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি আকাশীযান , জাহাজ , অন্তৰীক্ষন , স্বাস্থ্য উদ্যোগ আদিৰ দৰে বিশেষ উদ্দেশ্যতাে ব্যৱহাৰ কৰা হয় । 
৪) সাংশ্লেষিক আঁহবােৰৰ উৎপাদনত ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্যৰ ওপৰত নিৰ্ভৰ কৰি সেইবােৰক ৰেয়ন , নাইলন , পলিয়েষ্টাৰ আৰু এক্রাইলিক বুলি কোৱা হয় । 
 ৫)দৃঢ়তা , পানীশােষণ কৰিব পৰা ক্ষমতা , দহনৰ ধৰণ , দাম , স্থায়িত্ব আদিৰ ওপৰত নিৰ্ভৰ কৰি আঁহবােৰ বিভিন্ন প্ৰকৃতিৰ হয় । 
৬) আজি - কালি , প্লাষ্টিক অবিহনে জীয়াই থকাৰ কথা কল্পনা । কৰিব নােৱাৰি । ঘৰতেই হওঁক বা বাহিৰতে , সকলাে ঠাইতে প্লাষ্টিক ব্যবহৃত হয় । 
৭) প্লাষ্টিকবােৰে সৃষ্টি কৰা আৱৰ্জনাবােৰ পৰিৱেশ হিতৈষী নহয় । দহনত প্লাষ্টিকে বিষাক্ত গেছ নির্গত কৰে । মাটিত দম কৰি থলে সেইবােৰ পচন হ'বলৈ বহু বছৰ সময় ল'ব পাৰে । এইটো সেইবােৰৰ জৈৱ - অপচনশীল প্ৰকৃতিৰ বাবে হয় । 
৮) আমি সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সেইবােৰৰ ভাল গুণবােৰ উপভােগ কৰিব পাৰোঁ আৰু একে সময়তে জীৱ - জগতখনৰ পৰিৱেশ সম্পৰ্কীয় বিপদবােৰ কমাব পাৰে । 

type: 

Krishna Bora
class 8: Science