১০.৪ আমি নিশাহত কি উলিয়াি দিওঁ?

 ক্রিয়াকলাপ ১০.৬

 এটা সৰু পৰিষ্কাৰ পৰীক্ষা নলী বা এটা গ্লাছ বা প্লাষ্টিকৰ বটল লােৱা । ঢাকনিখনত এটা বিন্ধা কৰা আৰু বটলৰ ওপৰত লগাই দিয়া । পৰীক্ষা নলীটোত নতুনকৈ প্রস্তুত কৰা চূণ পানী ঢালা । এডাল প্লাষ্টিকৰ ক্ষুদ্ৰ নলী বিন্ধাটোৰ মাজেদি বটলটোৰ ভিতৰলৈ সুমুৱাই দিয়া যাতে ই চূণ পানীত ডুবগৈ থাকে । কেই মিনিটৰ বাবে ক্ষুদ্ৰ নলীডালৰ মাজেৰে লাহেকৈ ফু মাৰা ( চিত্র ১০.৮ ) । চূণ পানীখিনিৰ দেখাত কিবা পৰিৱৰ্তন হৈছে নেকি ? তােমালােকে ষষ্ঠ অধ্যায়ত যি শিকিছিলা তাৰ ওপৰত ভিত্তি কৰি এই পৰিৱৰ্তন ব্যাখ্যা কৰিব পাৰিবানে ?

     তােমালােকে জানা যে আমি উশাহত লােৱা বা নিশাহত এৰি দিয়া বায়ু কেবাবিধাে গেছৰ এটা মিশ্র । আমি নিশাহত কি এৰোঁ ? নিশাহত মাথাে কার্বন ডাই - অক্সাইড হে এৰি দিওঁ নে ইয়াৰ লগত বহু । গেছৰ মিশ্রণ আমি এৰি দিওঁ ? তােমালােকে এইটোও নিৰীক্ষণ কৰিছা যে আমি যদি এখন দাপােণৰ ওপৰত নিশাহ এৰোঁ তেতিয়া জলীয় বাষ্পৰ এটা পাতল চামনি দাপােণৰ পৃষ্ঠ ভাগত দেখা যায় । এই ক্ষুদ্র টোপালবােৰ ক'ৰ পৰা আহিল ?









Type: Ankur Raj Deka ( Munna )

Class 7