বতাহ, ধুমুহা আৰু ধবৰ্ণীবতাহ 

৮.৬ ঘূর্ণিবতাহৰ ধ্বংস লীলাঃ

 ঘূর্ণিবতাহে অতি প্রলয়ংকৰী ৰূপ ধাৰণ কৰিব পাৰে । ধুমুহা শতাধিক কিলােমিটাৰ দূৰত্বত থাকিলেও কোবাল বতাহে উপকূললৈ পানী ঠেলি পঠিয়াব পাৰে | এইবােৰেই হ’ল আসন্ন ঘূর্ণিবতাহৰ প্রথম আগজাননী। বতাহৰ দ্বাৰা সৃষ্টি হােৱা পানীৰ টৌ ইমানেই শক্তিশালী হয় যে কোনাে মানুহেই তাৰ পৰা নিস্তাৰ নাপায় ।
     ঘূর্ণিবতাহৰ চকুৰ নিম্নচাপে কেন্দ্রস্থ পানী ওপৰলৈ উঠায় । উর্ধ্বগামী পানীস্তম্ভৰ উচ্চতা ৩-১২ মিটাৰ পর্যন্ত হ’ব পাৰে ( চিত্র ৮.১৩ ) । ই উপকূল অভিমুখী পানীৰ প্রাচীৰ এখনৰ ৰূপ ধাৰণ কৰে । ফলত উপকূলীয় নিম্ন অঞ্চলবােৰত সাগৰৰ পানী সােমাই জীৱন আৰু সম্পদৰ বিস্তৰ ক্ষতিসাধন কৰে । তদুপৰি ই মাটিৰ উৰ্বৰতাও হ্রাস কৰে ।
     নেৰানেপেৰা প্রবল বৰষুণে বানপানীৰ অৱস্থাৰ অধিক অৱনতি ঘটাব পাৰে ।
    ঘূর্ণিবতাহ সংসর্গী তীব্রবেগী বতাহে ঘৰ - দুৱাৰ , দুভাষ ( telephone ) আৰু অন্যান্য যােগাযােগ ব্যৱস্থা , গছ - গছনি আদি বিনষ্ট কৰিব পাৰে ; লগতে জীৱন আৰু সম্পত্তিৰ প্রভূত ক্ষতি সাধন কৰিব পাৰে ।

 

ঘূর্ণিবতাহ সংসর্গী তীব্রবেগী বতাহে ঘৰ - দুৱাৰ , দুভাষ (telephone) আৰু অন্যান্য যােগাযােগ ব্যৱস্থা , গছ - গছনি আদি বিনষ্ট কৰিব পাৰে ; লগতে জীৱন আৰু সম্পত্তিৰ প্রভূত ক্ষতি সাধন কৰিব পাৰে






এটা টর্নের্ড ’ ( tornado ) ৰ ব্যাস ১ মিটাৰৰপৰা ১ কি.মি. বা ততােধিক পর্যন্ত হ'ব পাৰে । টর্নেড'ৰ চুপিটোৱে তাৰ ভূমি অঞ্চলৰ ধূলি আৱৰ্জনা আদি সকলােবােৰ বস্তুকে শুহি লয় চিত্র ৮.১৫ টর্ণেভৰ পৰা ৰক্ষা পাবার উপায় ( নিম্নচাপ হেতু ) আৰু উচ্চ অঞ্চলত সেইবােৰ চাৰিওফালে চিটিকাই দিয়ে । টর্নেড়ৰ পৰা কথমপি ৰক্ষা পােৱা কেইজনমান ব্যক্তিৰ উক্তি ( ডিচক ' ভাৰী চেনেলৰ ইয়ং ডিচক ' ভাৰী চিৰিজৰ পৰা ) । মই মেঘ জমা হােৱা দেখি সুৰক্ষাৰ বাবে ভিতৰলৈ আহিব বিচাৰিলোঁ । কিন্তু দুৱাৰদলি পাওঁ পাওঁ হওঁতেই ঘৰটো উৰি গৈ আকাশ পাইছিল । মই কিন্তু কতাে আঘাত নাপালোঁ । ” “ ধুমুহাৰ পিছত আমি গম খেতি পথাৰত জাবৰ - জোঁথৰ পৰিষ্কাৰ কৰা কামত লাগি গৈছিলোঁ । আমি ছাইনব'ৰ্ডৰ টুকুৰা , গছৰ ভঙা ডাল - পাত আৰু লগতে পাখি ছিঙি যােৱা মৰা কুকুৰাবােৰ বুটলিব লগা হৈছিল । মৰা শহাবােৰৰ ছালবােৰ চেলােৱা যেন লাগিছিল । টর্নেড়ৰ পৰা সুৰক্ষিত আশ্রয়থলী হল ঘৰৰ একেবাৰে ভিতৰৰ ফালে থকা নতুবা মাটিৰ তলত অৱস্থিত খিৰিকী নথকা কোঠালি । অন্যথাই ঘৰৰ খিৰিকীবোেৰ জপাই ভগা - ছিগা টুকুৰাবােৰে প্ৰৱেশ কৰিব নােৱৰা ঠাই যেনে টেবুল বা কাম কৰা বেঞ্চৰ তলত আশ্রয় লবলাগে । চিত্র ৮.১৫ ত দেখুওৱাৰ দৰে হাতেৰে মূৰ আৰু ডিঙি বচাই আঁঠু কাঢ়ি নতশিৰ হ'ব লাগে ।






টর্নেড়ঃ  আমাৰ দেশত ইয়াৰ আগমন সঘনে নহয় । টর্নের্ড ’ হ’ল আকাশৰপৰা ভূপৃষ্ঠলৈ ব্যাপ্ত চুপিৰ আকৃতিৰ এটুকুৰা কলা বৰণীয়া মেঘ ( চিত্র ৮.১৬ ) । প্ৰায়ভাগ টর্নের্ড’য়েই নিশকতীয়া । কিন্তু এটা প্ৰৱল টর্নেড়’ৰ দ্রুতি প্রায় ৩০০ কি.মি. / ঘণ্টা পর্যন্ত হ'ব পাৰে । টর্নেড় ’ ঘূর্ণিবতাহৰ অন্তৰ্ভাগতাে গঠন হ’ব পাৰে ।
     ভাৰতবৰ্ষৰ সমুদায় উপকূল বিশেষকৈ ইয়াৰ পূর্ব উপকূল অত্যন্ত ঘূর্ণিবতাহপ্রৱণ । ভাৰতৰ পশ্চিম উপকূল অঞ্চল তীব্রতা আৰু সংখ্যাৰ ফালৰপৰা সিমান ঘূর্ণিবতাহপ্রৱণ নহয় ।


Type: Ankur Raj Deka
Class 7