6.3.3    পেশীকলা (Muscular tissue)

    পেশীকলাসমূহে কিছুমান দীঘলীয়া কোষেৰে গঠিত। ইয়াকে পেশীতন্তু বুলিও কোৱা হয়। পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। পেশীসমূহত বহুত সংকোচনশীল প্ৰ'টিনৰদ্বাৰা তৈয়াৰী সূত্ৰ থাকে। এইবোৰ পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে।

    আমি কেতিয়াবা কিছুমান পেশী ইচ্চামতে সঞ্চালন কৰিব পাৰো। ইচ্ছা কৰিলেই আমাৰ হাতখন বা ভৰিখন সংকোচিত বা প্ৰসাৰিত কৰিব পাৰো। প্ৰাণীৰ ইচ্ছামতে সংকোচিত কৰিব পাৰি বাবে এই পেশীক ঐচ্ছিক এই পেশী বুলি কোৱা হয়। এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে। সেয়েহে ইহঁতক কংকাল পেশী কোৱা হয়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে দেখা যায় যে一 পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে। অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেণ্ড বুলি কোৱা হয়। সেইকাৰণে এই পেশীসমূহক ৰৈশিক পেশী বুলিও কোৱা হয়। এই পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন। কোষবিলাক বহুকোষযুক্ত।

    পাচন নলীত খাদ্য়ৰ গতি, ৰক্তনলীকাৰ সংকোচন আৰু প্ৰসাৰণ আদি প্ৰাণীৰ অনৈচ্ছিক চলন। এই পেশীবোৰৰ কাৰ্য প্ৰণালী প্ৰাণীৰ ইচ্ছানুসাৰে কৰিব নোৱাৰি। এইবোৰ কাৰ্য আমাৰ ইচ্ছা অনুযায়ী চলাবও নোৱাৰো আৰু বন্ধও কৰিব নোৱাৰো। এনে কাৰ্যপ্ৰণালীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে বাবে ইহঁতক অনৈচ্ছিক প্ৰাণী বুলি কোৱা হয়। ইহঁতৰ কোষবিলাক দীঘল মাকোসদৃশ। একোটা কোষত এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়। কেতিয়াবা এনেধৰণৰ পেশীসমূহক অৰেখিত পেশী বুলি কোৱা হয়। কিয় এই পেশী সমূহক অৰেখিত পেশী বুলি কোৱা হয়? অৰেখিত পেশীসমূহত অনুপ্ৰস্থ ৰেখা নাথাকে। চকুৰ আইৰিছ (Iris), জৰায়ু (Uterus), হাওঁফাওঁৰ ব্ৰংকাই আদিত এই পেশীসমূহ পোৱা যায়।

        প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰিত হৈ থাকে। হৃদযন্ত্ৰৰ বেৰ এবিধ বিশেষ কলাৰ দ্বাৰা গঠিত। এই পেশীসমূহ হৈছে হৃদপেশী (Cardiac Muscle) কলা।

    ওপৰচত আলোচনা কৰা পেশীকলাসমূহৰ গঠন তুলনা কৰা হৈছে। ইয়াৰ কোষৰ আকাৰ, কোষকেন্দ্ৰৰ সংখ্য়া, অৱস্থান আদিৰ এটা টোকা লিখা।


Class 9 Science Assam SCERT Book

Type:- Bidyut Thakuria






Post ID : DABP005230