অধ্য়ায়-8

গতি 

(Motion)

দৈনন্দিন জীৱনত আমি কিছুমান বস্তুস্থিতিশীল অৱস্থাত আৰু আন কিছুমানক গতিশীল অৱস্থাত দেখা পাওঁ। চৰাই উৰে, মাছে সাতোঁৰে, শিৰা আৰু ধমনীৰ মাজেৰে তেজ চলাচল কৰে আৰু গাড়ী চলে। অণু, পৰমাণু, গ্ৰহ, নক্ষত্ৰ আৰু তাৰকামণ্ডলী এই সকলোবােৰ গতিশীল। আমি সাধাৰণতে বস্তু এটাই সময় সাপেক্ষ স্থান সলনি কৰিলে তাৰ গতি হােৱা বুলি কওঁ। অৱশ্যে আন কিছুমান পৰিস্থিতিত পৰােক্ষ সাক্ষ্যৰ ভিত্তিতহে গতি হােৱা বুলি প্রতিপন্ন কৰা হয়। উদাহৰণস্বৰূপে, ধূলি উৰিলে আৰু গছৰ ডাল-পাতবােৰ লৰিলে বতাহ বলা বুলি কওঁ। সূর্যোদয়, সূর্যাস্ত আৰু ঋতু পৰিবৰ্তনৰ কাৰণ কি? এইবােৰ পৃথিৱীৰ গতিৰ পৰিণতি নেকি? যদি ই সঁচা, তেনেহলে আমি পৃথিৱীৰ গতি পােণপতীয়াকৈ উপলব্ধি নকৰোঁ কিয়?

একেটা বস্তু এজনৰ বাবে গতিশীল আৰু আন এজনৰ বাবে স্থিতিশীল হ'ব পাৰে। উদাহৰণস্বৰূপে, গৈ থকা বাছ এখনৰ যাত্ৰীসকলে বাটৰ কাষৰ গছবােৰ পিছলৈ যােৱা যেন পায়। আকৌ, বাটৰ কাষত ৰৈ থকা মানুহ এজনে যাত্রীসহ বাছখন গৈ থকা দেখে। কিন্তু বাছখনৰ যাত্ৰী এজনে তেওঁৰ সহযাত্ৰী সকলক ৰৈ থকা দেখা পায়। এই পর্যবেক্ষণবোৰে কি ইংগিত দিয়ে বাৰু? 

    বেছিভাগ গতিয়েই জটিল। কিছুমান বস্তুয়ে সৰল ৰেখাৰে গতি কৰে, আন কিছুমানে বৃত্তাকাৰ পথ লব পাৰে। কিছুমানে ঘূর্ণন গতি আৰু কিছুমানে দোলন গতি প্রদর্শন কৰে। কেতবােৰ পৰিস্থিতিত এনেকুৱা একাধিক গতিৰ সংযােজনাে ঘটিব পাৰে। এই অধ্যায়ত আমি পােনতে বস্তুৰ সৰল ৰৈখিক গতিৰ বিষয়ে শিকিম। তদুপৰি সৰল সমীকৰণ আৰু লেখৰ সহায়েৰে এনেধৰণৰ গতিবােৰ বৰ্ণনা কৰিবলৈ শিকিম। পিছলৈ বৃত্তাকাৰ গতি কেনেদৰে বৰ্ণনা কৰে সেই বিষয়ে আলােচনা কৰিম।

কাৰ্যকলাপ................................8.1

  তােমাৰ শ্ৰেণীকোঠাৰ বেৰবিলাক বৈ আছে নে গৈ আছে আলােচনা কৰা।

কাৰ্যকলাপ...............................8.2

•  কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছে নেকি যে তুমি বহি থকা ৰেলগাড়ীখন ৰৈ থকা অবস্থাতে গো থকাৰ দৰে লাগিছে?

  তােমাৰ অভিজ্ঞতাৰ বিষয়ে বন্ধু-বান্ধৱৰ লগত কথা পাতা।

চিন্তা কৰা আৰু সেইমতে কাম কৰা

আমি কেতিয়াবা আমাৰ চাৰিওফালে থকা বস্তুবিলাকৰ গতিৰ বাবে বিপদত পৰো। ধল অহা নদী, ঘূর্ণীবতাহ বা চুনামি আদিৰ দৰে যিবােৰ গতি অনিয়মিত আৰু অনিয়ন্ত্রিত, সেইবােৰৰ পৰা অপকাৰ হােৱাৰ সম্ভাৱনা সর্বাধিক হয়। আনহাতে নিয়ন্ত্রিত গতিয়ে মানুহৰ উপকাৰ সাধিব পাৰে। ইয়াৰ উদাহৰণ জলবিদ্যুৎ উৎপাদনৰ লগত জড়িত গতিবােৰ। অনিয়মিত গতিৰ বিষয়ে অধ্যয়ন কৰিব লাগে বুলি তুমি ভাবানে আৰু সিহঁতক নিয়ন্ত্রণ কৰাৰ কৌশল শিকিব খোজানে?




Type:- Bidyut Thakuria.

Class 9 Science Assam SCERT Book (Chapter 8)