অৰ্থনীতি বিজ্ঞান 

মুদ্ৰা আৰু বেংক ব্য়ৱস্থা

প্ৰথম অধ্য়ায়

1/ বিনিময় প্ৰথা কি ? 

উত্তৰঃ সামগ্ৰীৰ বিপৰিতে সামগ্ৰীৰ প্ৰত্য়ক্ষ বিনিময়েই হল বিনিময় প্ৰথা। 


2/ বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া কম নে বেছি ?

উত্তৰঃ বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া বেছি। 


3/ কি কি সামগ্ৰী বেছি দিন সাঁচি ৰাখিব নোৱাৰি ? 

উত্তৰঃ মাছ, গাখীৰ, কণী ইত্য়াদি। 


4/ মুদ্ৰা কি ? 

উত্তৰঃ মুদ্ৰা হ'ল সা-সামগ্ৰীৰ মূল্য়ৰ ভাণ্ডাৰ।  


5/ বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ মুদ্ৰা দুই প্ৰকাৰৰ আৰু সেই কেইটা হল হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা।


6/ বিহিত মুদ্ৰা কাক বোলে ? 

উত্তৰঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্য়তা বিধিসন্মত সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলে।


7/ বিহিত মুদ্ৰা দুই প্ৰকাৰৰ সেই কেইটা কি কি ? 

উত্তৰঃ সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। 


8/ আদেশী মুদ্ৰা কাক বোলে ?  

উত্তৰঃ চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্য়ম হিচাপে গ্ৰহন কৰা হয় সেই মুদ্ৰাকে আকাশী মুদ্ৰা বোলে। 


9/ বেংক কি ? 

উত্তৰঃ বেংক হল এবিধ বিত্তীয় অনুষ্ঠ, যি ঋণৰ ব্য়ৱসায় কৰে তাকে বেংক বোলে।


10/ভাৰতবৰ্ষত কিমান চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৭৭০ চনত। 


11/ এই বেংক টোৰ নাম কি ? 

উত্তৰঃ এই বেংক টোৰ নাম হল বেংক অব্ হিন্দুস্তান 


12/ কিমান চনত ৫টা আঞ্চলিক গ্ৰাম্য় বেংক স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত ।



13/ কিমান চনত নাবাৰ্ড স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৮২ চনত। 


14/কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল ? 

উত্তৰঃ ১৯৩৫ চনত। 


15/ বৰ্তমান ভাৰতবৰ্ষত কেইটা আঞ্চলিক গ্ৰাম্য় বেংক কাৰ্যকৰী হৈ আছে ?  

উত্তৰঃ ৫৭টা আঞ্চলিক গ্ৰাম্য় বেংক কাৰ্যকৰী হৈ আছে। 


16/ কিমান চনত সংসদত ছিদবি আইন গৃহীত হৈছিল ? 

উত্তৰঃ ১৯৮৯ চনত।


17/ প্ৰতীক মুদ্ৰা কি ?  

উত্তৰঃ যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য় বা খোদিত মূল্য় বা লিখিত মূল্য় ইয়াৰ অন্তৰ্নিহিত মূল্য় বা ধাতুগত মূল্য়তকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰতীক মুদ্ৰা। 


18/ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক টোৰ নাম কি ? 

উত্তৰঃ ছুইডানৰ ৰিক্স বেংক। 


19/ অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেংকৰ পূৰ্বপুৰুষ কোন ?

উত্তৰঃ  অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোনাৰী আৰু ঋণ দিওতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ।


20/ অসমৰ প্ৰথমটো বেংকৰ নাম কি? এই বেংক কিমান চনত স্থাপিত হৈছিল ? 

উত্তৰঃ অসমৰ প্ৰথমটো বেংকৰ নাম হল গুৱাহাটী বেংক। আৰু এই বেংক১৯২৬ চনত স্থাপিত হৈছিল।


21/ কেন্দ্ৰীয় বেংক কি ? 

উত্তৰঃ কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্য়ৱস্থাৰ মুৰব্বী বেংক। 


22/ ৰিক্স বেংক কিমান চনত স্থাপিত হৈছিল ?

উত্তৰঃ ১৬৫৬ চনত। 


23/ বাণিজ্য়িক বেংক মানে কি ? 

উত্তৰঃ যিবিলাক বেংকে কেনদ্ৰী বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্য়েক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য় আদি জড়িত কাৰ্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্য়িক বেংক বোলা হয়।  


24/ ভাৰতীয় ঔদ্য়োগিক উন্নয়ন বেংক কিমান চনত স্থাপন কৰা হয় ? 

উত্তৰঃ ১৯৬৪ চনত। 


25/ ছিদবিৰ মূখ্য় কাৰ্যালয় কত অৱস্থিত ? 

উত্তৰঃ ছিদবিৰ মূখ্য় কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত।  

    

Type by-Subhas Nath