
মানিমুনি ,অসমৰ এবিধ শাক সকলোৱে চিনি পায়। ই চেচুক ঠাইত হয়। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এইবিধ শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।