মহৎ লোকৰ বাণী 

১) পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে = ডি . এইছ . লৰেঞ্চ

২)ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা = মেডাম দ্য চেভিন

৩)ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় = গ্যেটে

৪) ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি = বাট্ৰাণ্ড ৰাছেল । 
                                              
৫) একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় = মুল্কৰাজ আনন্দ ।

৬) জীৱনত দুটাই ট্ৰেজেডি = বিচৰাতো নোপোৱা আৰু পোৱাতো  = অস্কাৰ ৱাইল্ড

৭) মৰমেহে মৰমক জন্ম দিয়ে = চফ ' কলছ

৮) কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় = কাৰ্ল ছেণ্ডবাগ

৯) ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ = এছ . জে . লেক

১০) নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে = মাৰ্ক টোৱেইন

১১) জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ = মেৰি কুৰি

১২) এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে  = এলবাৰ্ট হাৱাৰ্ড 

১৩) কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন = অ 'ল্ড টেষ্টামেণ্ট ।

১৪) নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে = হাক্সলী

১৫) মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা = আৰৱিক প্ৰবচন

১৬) নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায় = ৱেইৰ মিটছেল

১৭) উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় = কাৰ্ল ফন নোবেল

১৮) অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে = নিউ টেষ্টামেণ্ট ।

১৯) ডিউতি - কৰ্তব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ = আৰ . ই . লী ।

২০) অধিক মিঠা নহ'বা , তোমাক খাই পেলাব । কিন্তু অধিক তিতাও নহ'বা , তোমাক গিলি থব = ইহুদি প্ৰবচন

২৩) যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ = জৰ্জ হাবাৰ্ট ।

২২) যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক = মাৰ্ক টোৱেইন ।

২৩) এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে = আফগানী প্ৰবচন ।

২৪) অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে = ফ্ৰিজেডৰিখ নীতসে

২৫) পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে = শ্বেক্সপীয়েৰ

২৬) তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা = জনাথন ছুইফট ।

২৭) জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা = এইচ . জি . ৰন ।

২৮) যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল জীৱন = বাট্ৰাণ্ড ৰাছেল ।

২৯) সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে = উইল ডুৰাণ্ড ।

৩০) আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী = ফিলিপ গুৱেডেলা ।

৩১) জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ = ছোৰেন কিয়েৰ্কগাৰ্ড ।

৩২) কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ = মৰ্লিয়েৰ

৩৩) মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে = বেন্জামিন ডিজৰেলি ।

৩৪) মহৎ কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয় = ছেমুৱেল জনছন ।

৩৫) জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ = খলিল জিব্ৰান ।

৩৬) পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই = ফৰাচী প্ৰবচন ।

৩৭) বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়: = টি . ৰুজভেল্ট

৩৮) জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই = নীতসে ।

৩৯) খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব = কনুফুচিয়াছ ।

৪০) স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা = উইলিয়াম হেজলিট ।

৪১) দায়বন্ধতা হ'ল মহানতাৰ মূল্য = চাৰ্লিচ

৪২) কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে = হোমাৰ

৪৩) মহৎ লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা = ফ্ৰেডেৰিক আমিয়েল

৪৪) নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট = আইৰিছ প্ৰবচন ।

৪৫) টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি = ফৰাচী পটন্তৰ ।

৪৬) অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে = আলেকজেণ্ডাৰ ডুমা

৪৭) মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে = ক্লড বানাৰ্ড

৪৮) মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত = স্পেনিছ প্ৰবচন

৪৯) ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে ; হাড়খিনি কেলেই  ?  = জালানুদ্দিন ৰুমী

৫০) বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে = ইউৰিপিডিছ ।

৫১) মহত কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয় , স্বপ্নও দেখিব লাগিব = আনাতোঁলা ফ্ৰা ।

৫২) যৌৱনত মই সময় অপব্যয় কৰিছিলো । প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয় কৰিছে = শ্বেক্সপীয়েৰ ।

৫৩) ভাযা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ = ন 'ৱা ৱেবষ্টাৰ ।

৫৪) ভৱিষ্যত সেইসকলৰেই , যিয়ে নিজৰ স্বপ্নৰ সৌন্দৰ্যত গভীৰভাৱে বিশ্বাস ৰাখে = ইলিয়েনৰ ৰুজভেল্ট ।

৫৫) সকলো জ্ঞানেই আমাক অজ্ঞতাৰ কাষলৈ টানি  নিয়ে = টি . এছ . ইলিয়ট ।

৫৬) সৰল জীৱনৰ পুৰস্কাৰ জীৱনটোৱেই =  জৰ্জ চান্টায়ন ।

৫৭) এই জটিল পৃথিৱীত বিশ্বাসে মানুহৰ ৰক্ষা কৰা নাই , ৰক্ষা কৰিছে তাৰ প্ৰয়োজনীয়তাই = বেঞ্জামিন ফ্ৰেংকলিন ।

৫৮) কৃতজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি = হাবাৰ্ট প্ৰছনাউ ।

৫৯) সকলোৰে আটাইতকৈ শ্ৰেষ্ঠখিনিত বিশ্বাস ৰাখিবা = ৰুডিয়াৰ্ড কিপলিং ।

৬০) এগৰাকী পূৰুষে নিশ্চিতভাৱে কোৱা কথাতকৈও এগৰাকী নাৰীয়ে কৰা অনুমানৰ শুদ্ধতা অধিক = ৰুডিয়াৰ্ড কিপলিং ।

৬১) অনিশ্চয়তাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল আশাৰোে জীৱাই থকা = কাৰ্ল চিমনটন ।

৬২) সিদ্ধান্ত উচিত হ'লেও আনপক্ষৰ যুক্তি নুশুনাকৈ লোৱা সিদ্ধান্ত কেতিয়াও ন্যায়সংগত হ'ব নোৱাৰে = চেনেকা

৬৩) শক্তিৰে  শান্তি অক্ষূণ্ণ ৰাখিব নোৱাৰি । মাথোন বুজাবুজিৰেহে সেয়া সম্ভৱ = এলবাৰ্ট আইনষ্টাইন ।

৬৪) মানুহৰ হৃদয়খনে চকুৰে নেদেখাতো অনুভৱ কৰিব পাৰে । মনটোৱে নজনাটোকো হৃদয়ে বুজিব পাৰে = ৰবাৰ্ট ভেলেট ।

৬৫) কৃতকাৰ্যতা হ'ল সাধনাৰ সমাপ্তি আৰু অৱসাদৰ আৰম্ভণী = এমব্ৰছ বিয়েৰ্ছ ।

৬৬) মানুহৰ বাহিৰে আন কোনো প্ৰাণীকেই নিজৰ অস্তিত্বই বিস্মিত নকৰে = আৰ্থাৰ ছোপেনহাৱাৰ ।

৬৭) জ্ঞানীজনৰ জ্ঞানৰ উতস নিজেই । মুৰ্খইহে আনৰ মমতাৰ পৰা শিকে , সিদ্ধান্ত লয় = তিব্বতীয় প্ৰবছন ।

৬৮) হতাশাক আশ্ৰয় নিদিবা , এবাৰ প্ৰশ্ৰই দিলেই ই তোমাৰ অংগ হৈ পৰিব = ছিডনী স্মিথ

৬৯) গৰ্বিতৰ ভগৱান নাই , ঈৰ্ষাপৰায়নৰ কোনো চুবুৰীয়া নাই , খঙাল লোকৰ নিজৰ কোনো অস্তিত্বও নাই = হল

৭০) প্ৰকৃত বন্ধুত্ব সুস্থ স্বাস্থ্যৰ দৰে । যেতিয়ালৈকে হেৰুওৱা নাযায় তেতিয়ালৈ ইয়াৰ মূল্য বুজডা নাযায় = চাৰ্লছ চেলিব কলটন ।

৭১) প্ৰত্যকটো সমাধানৰ বীপৰীতে মই এটা সমচ্যা থিয় কৰিব পাৰাঁ , কাৰণ মই এজন দাৰ্শনিক = ৰবাৰ্ট জেণ্ড

৭২) ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি = হেৰাক্লিটাছ

৭৩) ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ'ল - হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা = ভলটেয়াৰ

৭৪) পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয় = ৰজাৰ বেকেন ।

৭৫) এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য = বিছপ মেণ্ডেল ক্ৰিটন ।

৭৬) সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় = পশ্চিম আফ্ৰিকৰ প্ৰবচন ।

৭৭) বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কাৈমৰ আৰম্ভণী = ছেইন্ট অগষ্টাইন ।

৭৮) প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ উপায় = ৰালফ ইন্গাৰছ 'ল ।

৭৯) আনক ঘৃণা কৰাতো এন্দুৰৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ জ্বলাই দিয়াৰ লেখীয়া = হেৰী এমাৰছন ।

৮০) এটোপাল চীয়াহিয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে = বাইৰন

৮১) বতাহৰ বীপৰীতে চিলাই আটাইতকৈ ওপৰলৈ উৰে , বতাহৰ লগত নহয় = উইনষ্টন চাৰ্চিল ।

৮২) সদায় মনত ৰাখিবা - ভ্ৰাতৃ কেতিয়াবা ব ন্ধু নহ'বও পাৰে । কিন্তু  বন্ধু সদায়েই ভ্ৰাতৃ = ৰেন ফ্ৰেংকলিন

৮৩) আপোনাৰ দৈন্দনিন জীৱনেই আপোনাৰ মন্দিৰ আৰু আপোনাৰ ধৰ্ম = খলিল জিব্ৰান ।

৮৪) অজ্ঞতা লুকুকাই ৰাখিব পৰাটোৱেই হ'ল জ্ঞানীৰ পৰীক্ষা = ফ্ৰেঞ্চিছ কোৱেল ।

৮৫) এজন বন্ধুক ক্ষমা কৰাতকৈ এজন শত্ৰুক ক্ষমা কৰাতো অধিক সহজ = উইলিয়াম ব্ৰেক ।

৮৬) সূৰ্যমূখী ফুলে প্ৰতিপলতে সূৰ্যকেই অনুসৰণ কৰে , সূৰ্য ডাৱৰৰ আঁৰতে নাথাকক কিয় = লেইটন ।

৮৭) সকলো কাহিনীয়ে আমাক কিবা নহয় কিবা এটা প্ৰতিশ্ৰুতি দিয়ে - সেই কাহিনী সঁচা বা কল্পিত বা জনশ্ৰুতিয়েই নহওক কিয় = ষ্টিৱাৰ্ট অ ' . নান ।

৮৮) তুমি তপা হোৱাৰ পাছত জীৱনে তোমাক যিখন ফণি উপহাৰ দিয়ে , তাকেই অভিজ্ঞতা বুলি কোৱা হয় = জুডিফ ষ্টাৰ্ন ।

৮৯) শব্দই হ'ল মানুহে এতিয়ালৈকে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ = ৰুডিযাৰ্ড কিপলিং ।

৯০) লুভুকা কুকুৰ আৰু লৰচৰ নোহোৱা প্ৰাণীৰ পৰা সাৱধান হ'বা = পতুৰ্গীজ প্ৰবচন ।

৯১) বন্ধুত্ব ধনৰ দৰে - ঘটিবলৈ সহজ , কিন্তু ৰাখিবলৈ টান = ছেমিয়েল বাটলাৰ ।

৯২) কেতিয়াবা এটা চিঞৰৰ মূল্য এখন গৱেষণা পত্ৰতকৈও অধিক মূল্যৱান হৈ পৰে = এমাৰ্ছন ।

৯৩) শত্ৰুক সদায় ক্ষমা কৰিবা । কিন্তু তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা = জন . এফ . কেনেডী ।

৯৪) কৌতূহলেই সুখী হোৱাৰ মূলমন্ত্ৰ = নমাৰ্ন ডগলাছ ।

৯৫) নিজৰ ভালপোৱাই হ'ল এক দীৰ্ঘদিনীয়া ৰোমান্টিক জীৱনৰ আৰম্ভণী = অস্কাৰ ৱাইল্ড

৯৬) মহত কাৰ্য শক্তিৰে নহয় , অধ্যৱসায়েৰেহে সম্পন্ন হয় = ছেমুৱেল জনছন ।

৯৭) মানুহ পৰিস্থিতিৰ সৃষ্টি নহয় , পৰিস্থিতিয়েহে মানুহৰ সৃষ্টি কৰে = বেঞ্জামিন ডিজৰেলী ।

৯৮) ব্যৱসায় তেলৰ দৰে । ই ব্যৱসায়ৰ বাহিৰে কাৰোৰো লগত মিহলী নহয় = জে . গ্ৰাহাম ।

৯৯) প্ৰতিভা নীৰৱে বিকশিত হয় ; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ ভিৰত = গ্যেটে ।

১০০) ভগৱানে তোমাক এখনহে মুখ দিছে ; আনখন মুখ তুমিহে সৃষ্টি কৰি লৈছা = শ্বেক্সপীয়েৰ ।

১০১) প্ৰেমবিহীন জীৱন ফুল - ফল নধৰা গছৰ দৰে = খলিল জিব্ৰান ।

১০২) মুখ জপাই থাকিবলৈ সমৰ্থ হ'লে পানীৰ তলৰ মাছো বিপদত নপৰে = কোৰিয়ান প্ৰবচন

১০৩) সম্পদৰ লালসাই নহয় , হেৰোৱা সম্পদৰ দুখেহে মানুহক অধিক হতাশাগ্ৰস্ত কৰি তোলে = আলফ্ৰেড দ্য মছেট ।

১০৪) শত্ৰুৰ সৰু - বৰ নাই । তোমাৰ যদি শত্ৰু নাই , জানিবা ভাগ্যই ইতিমধ্য এৰা দিছে = থমাছ ফুলাৰ ।

১০৫) স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা । অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই কাৰণ = জৰ্জ বানাৰ্ড শ্ব ।

১০৬) ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা = চিচাৰু ।

১০৭) দেশ যিমানেই দুৰ্নীতিগ্ৰস্ত হ'ব , সিমানেই আইনৰ  সংখ্যা বৃদ্ধি পায় = টেছিতাচ ।

১০৮) এই পাৰমাণৱিক যুগত শান্তি হ'ল জীৱাই থকাৰ এটা চৰ্তহে = এডলাই ষ্টিভেনছন ।

১০৯) আনৰ অজ্ঞতা জনাই হ'ল শ্ৰেষ্ঠ জ্ঞান = লাও ছে ।

১১০) মানুহৰ প্ৰত্যাশা যদি আধাও পূৰণ হয় , তেওঁৰ দুখো দুগুণ হৈ পৰিব = বেঞ্জামিন ফ্ৰেংকলিন ।

১১১) শীতৰ গভীৰত মই অৱশেষত আৱিস্কাৰ কৰিলোঁ যে মোৰ অভ্যন্তৰতে এক অদৃশ্যমান গ্ৰীষ্ম = আলবেয়াৰ কেমু ।

১১২) একমাত্ৰ মৃতকেহে যুদ্ধৰ শেষ দেখিছে = প্লুটো 

১১৩) প্ৰকৃতিক বিষাক্ত কৰিলে প্ৰকৃতিয়েও এদিন তোমাৰ জীৱন বিষময় কৰি তুলিব = টনী ফলিৰ

১১৪) যেতিয়া তোমাৰ শত্ৰুৱে ভূল কৰা তোমাৰ চকুত পৰে , সেই কামত কেতিযাওঁ ব্যাঘাত নজন্মাবা = নেপোলিয়ন বোনাপাৰ্ট ।

১১৫) অতি বুদ্ধিদীপ্ত মানুহক মই কাতচিতহে সুখী হোৱা দেখিছো = আৰ্নেষ্ট হেমিংৱে

১১৬) কিবা কাম কৰি পোৱাৰ বেদনাতকৈ একো নকৰাৰ বেদনা অধিক তীব্ৰতৰ আৰু যন্ত্ৰনাময় = উইলিয়াম ডেনিছ মেৰিনাৰ ।

১১৭) প্ৰকৃত ঐশ্বৰ্য মানহৰ হৃদয় আৰু মনৰ ভিতৰত লুকাই থাকে = ডব্লিউ . ক্লিমেন্টষ্ট'ন ।

১১৮) গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই = চিচাৰু ।

১১৯) দায়বদ্ধতা হ'ল মহানতাৰ মূল্য = চাৰ্চিল

১২০) সম্পদৰ লালসা ৰোধ কৰিবলৈ কোনো সম্পদ পৃথিৱীত সৃষ্টি হোৱা নাই = জেৰেমী টেইলৰ ।

১২১) মানুহ অসুখী হোৱাৰ কাৰণ হ'ল মানুহৰ বুদ্ধি । আনহাতে , দুখেই হ'ল প্ৰজাতি হিচাপে মানুহৰ শক্তিৰ উতস = কাৰ্ল ছাগান ।

১২২) নিজৰ জীৱনটো চুটি কৰাৰ এটা প্ৰধান উপায় হ'ল আনক ঈৰ্ষা কৰা = অ'ল্ড টেষ্টামেন্ট ।

১২৩) কামত নহয় , দু:চিন্তাতহে মানুহৰ মৃত্যু হয় । দু:চিন্তা হ'ল ব্লে 'ডৰ ওপৰত হোৱা মামৰৰ দৰে = হেনৰী বাৰ্ড বিচছাৰ ।

১২৪) আচলতে তেওঁ কোন আৰু কি - সেইটো ভালদৰে জনাটোৱেই হ'ল সুখী হোৱাৰ প্ৰথম চৰ্ত = ইৰাছমাছ । 

১২৬) ঈশ্বৰক বিশ্বাস কৰাতো অসম্ভৱ ; অবিশ্বাস কৰাতো অদ্ভুত = ভলটেয়াৰ ।

১২৭) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা = মিল্টন।

১২৮) আনে কি কৰিছে কি কৰা নাই তালৈ চকু নিদি নিজে কি কৰিছো কি কৰা নাই তালৈহে চকু দিয়া উচিত = বুদ্ধদেৱ

১২৯) এশজন মুৰ্খ পুত্ৰ জন্ম হোৱাতকৈ বৰং এজন গুণৱান পুত্ৰ জন্ম হোৱাটোৱেই ভাল =  মিল্টন

১৩০) যাৰ আত্মসন্মান নাই তেওঁৰ নিজস্ব বুলিব একোৱেই নাই = মহাত্মা গান্ধী

১৩১) সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান = আইনষ্টাইন ।

১৩২) সূৰ্যৰ ৰশ্মিলৈহে সদায় চকু দিবা , তেহে আন্ধাৰলৈ চকু নাযাব= হেলেন কেলাৰ ।

১৩৩) সপোন সাৰ্থক কৰাৰ একমাত্ৰ উপায় হ'ল সোনকালে বিছনা ত্যাগ কৰি শ্ৰম কৰা = জে . এম . পি ।

১৩৪) আটাইতকৈ পোন ৰেখাডাল আঁকোতে আটাইতকৈ অধিক কষ্ট সহিবলগীয়া হয় = লিঅ'নাৰ্ড দা ভিঞ্চি ।

১৩৫) নিজে বন্ধুৰ শাৰীলৈ ওঠিব পাৰিলেহে প্ৰকৃত বন্ধু লাভ হয় । চল বন্ধুৰ লাভৰ এয়াই সহজতম উপায়= আৰ . ডব্লিউ . ইমাৰ্ছন ।

১৩৬) এটা সময়ত প্ৰতিজন বীৰেই বিৰক্তিৰ কাৰণ হৈ পৰে = এমাৰছন

১৩৭) অগ্নি হ'ল সোণৰ পৰীক্ষা । সাহসী লোকৰ পৰীক্ষা হ'ল দুৰ্দিনত = ছেনেকা ।

১৩৮) কি কৰা উচিত , সেইটো সুকলমে সম্পন্ন কৰা সময়খিনিয়েই হ'ল জীৱনৰ সৰ্বোত্তম সময় = এমাৰ্ছন ।

১৩৯) নিজৰ কৰ্মশক্তি বৃদ্ধি কৰিবলৈকে অসম্ভৱ কামো কৰিবলৈ চেষ্টা চলোৱা উচিত = বেট ডেভিছ ।

১৪০) উপহাৰতকৈ উপহাৰ দিয়াৰ বাবে যি মানসিকতাৰ প্ৰয়োজ ন , সেয়াহে অধিক মূল্যৱান = কৰ্নেইল ।

১৪১) যন্ত্ৰণা ভোগ মনকৰাকৈ মানুহে নিজকে নতুনকৈ নিৰ্মাণ কৰিব নোৱাৰে , কাৰণ মানুহ নিজেই পাথৰ আৰু নিজেই ভাস্কৰ = এলেক্সিছ কেৰেলা ।

১৪২) পাপী আৰু সাধুৰমাজত থকা একমাত্ৰ পাৰ্থক্যটো হ'ল - প্ৰতিজন সাধুৰে এটা অতীত আছে আৰু প্ৰতিজন পাপীৰে ভৱিষ্যত আছে = অস্কাৰ ৱাইল্ড ।

১৪৩) আগলৈ চোৱাতো সদায়ে বুদ্ধিমানৰ কাম । কিন্তু নিজৰ দৃষ্টিয়ে ঢুকি পোৱাতকৈ আগলৈ চোৱাতো বৰ টান = চাৰ্চিল ।

১৪৪) আনক জনাজন শিক্ষিত । নিজক জনাজন জ্ঞানী = লাও চুন ।

১৪৫) মোৰ পিতৃ - পিতামহ কোন আছিল মই নাাজানোঁ । কিন্তু তেওঁৰ নাতিৰ কি দশা হ'ব তাক লৈহে মই চিন্তিত = আব্ৰাহাম লিংকন

১৪৬) কোনো মহত লোকে কেতিয়াও জীৱনত সুযোগৰ অভাৱ ঘটিছে বুলি অভিযোগ কৰা নাই = ইমাৰ্ছন ।

১৪৭) ভুলৰ বাবে আনক ক্ষমা কৰি দিবা । কিন্তু নিজকে কোনো দিন ক্ষমা নকৰিবা = ছাইৰাছ

১৪৮) ধনৰ প্ৰশ্ন যদি আহে তেন্তে পৃথিৱীত এটাই ধৰ্ম আছে । ধৰ্মৰ প্ৰসংগত আমি সকলো একে ধৰ্মালম্বী = ভলটেয়াৰ

১৪৯) প্ৰেমৰ আৰম্ভণী আৰু পৰিশেষত প্ৰেমিকে সদায়েই গভীৰ নি:সংগতাবোধক অনুভৱ কৰে = লা ব্ৰুয়েৰ

১৫০) হাঁহি হ'ল দেহ - মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ , আৰু তাৰ কোনো পাবক্ৰিয়া নাই = কালাৰ্ইল

১৫১) জ্ঞান দুইপ্ৰকাৰৰ । একোতা বিযয় সম্পৰ্কে হয় আমি নিজে জাঁনো , অথবা সেই বিষয়ে যাৱতীয় তথ্য ক'ত পোৱা যাব পাৰে , সেই কথা আমি জানোঁ = ছেমুৱেল জনছন

১৫২) যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে , তেওঁকেই ভাল বন্ধু বুলি ক'ব পাৰি = লিওনাড লুই লেভিনছন ।

১৫৩) নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয় । দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম = ফ্ৰাচোঁৱা ছাৰ্গা

১৫৪) একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয় । তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে = জৰ্জ বানাৰ্ড শ্ব

১৫৫) প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে , মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জনে সকলোখিনিয়েই = অক্সাৰ ৱাইল্ড ।

১৫৬) সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা , তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা = ছাইৰাছ ।

১৫৭) আপুনি পূৰুষেই হওক বা মহিলাই হওক , এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে । সন্মানৰ পিছত সাহসেই হ'ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য = জেম্ছ এলেন ।

১৫৮) মহিলাক ভুল নুবুজিব । মহিলাই  সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ'লহেঁতেন = ৰবাৰ্ট এ. হেইনলেন ।       

১৫৯) হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা = শ্বেক্সপীয়েৰ

১৬০) মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি - কাঠী = এনিছ নিন্ ।

১৬১) সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান - কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা = আৰ্থাৰ চিঞ্জলা ।

১৬২) কেনেকৈ প্ৰত্যাখান কৰিব লাগে তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে , তাৰ পমানে গুৰুত্বপূৰ্ণ = বাল্টাজাৰ গ্ৰেছিয়ান ।

১৬৩) পূৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোণ = জৰ্জ হাবাৰ্ট ।

১৬৪) নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ'ল জীৱনজোৰা এক প্ৰেম - কাহিনীৰ মধুৰ আৰম্ভণি = অক্সাৰ ৱাইল্ড ।

১৬৫) আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক , আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম = থমাছ কাৰ্লাইন ।

১৬৭) বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা = জেনি জেৰম চাৰ্চিল ।

১৬৮) একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি = বাট্ৰাণ্ড ৰাছেল ।

১৬৯) পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে = মাৰ্টিন লুঠাৰ ।

১৭০) জীৱনত কোনো সুোগ - সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই= আৰ . ডব্লিউ . এমাৰছন ।

১৭১) জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে = আইনষ্টাইন

১৭২) তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় = চেইন্ট জে'ৰম ।

১৭৩) তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ'ল জীৱাই থকাৰ নিশ্চিত লক্ষণ = এলবাৰ্ট হুবাৰ্ড ।

১৭৪) যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে = তুলসী দাস

১৭৫) জীৱনত কি কৰিব , সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে = আনাটোলে ফ্ৰান্স

১৭৬) তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন = চেনেকা

১৭৭) তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত = এন্টইন দ্য ছেইন্ট ।

১৭৮) সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ'বলৈ ইচ্ছা কৰাই হ'ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো = ইৰাছমাছ ।

১৭৯) বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি - এই দুযোতাই হ'ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই= এলবাৰ্ট আইনষ্টাইন।

১৮০) সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে = চিয়েনাৰ চেন্ট কেপেৰিন ।

১৮১) যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ'ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ'ব পাৰে = নিকোলাছ মূৰে বাটলাৰ ।

১৮২) বিবেক হ'ল এনে এক পৱিত্ৰ ঠাই - যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে = লেমেন্নেইচ ।

১৮৩) অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ'ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা = জন বুকান ।

১৮৪) যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব = ইউনেস্ক ' ৰ সংবিধান ।

১৮৫) একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ'ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ । সেয়া মই বৰ পলমকৈ গম পালোঁ = কাথাৰিণ্ড চুছন্নাছ প্ৰিচাৰ্ড ।

১৮৬) যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে = ওৱাল্টাৰ লিপমেন

১৮৭) তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ'ল পুখী হোৱাৰ প্ৰধান উপায় = এডৱাৰ্ড নিউটন  ।

১৮৮) সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে - প্ৰতিভাশালী বা মহতজনক  কোনো দিনে ক্ষমা নকৰে = অস্কাৰ ৱাইল্ড ।

১৮৯) সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা উচিত মতে কাম কৰি যোৱা = লী ইয়াকুকা ।

১৯০) কাইলৈৰ কথা নাভাবিবা । দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত । আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট = খলিল জিব্ৰান ।

১৯১) তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ । কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ = হাইনৰিখ হাইনে ।

১৯২) এজন পূৰুষ বা মহিলাৰ বংশ - পৰিচয় জনাৰ একমাত্ৰ উপায়টো হ'ল কাজিয়াৰ সময়ত তেও দেখুওৱা আচৰণখিনি = জৰ্জ বানাৰ্ড শ্ব ।

১৯৩) নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে । মই এটা কথা সদায় জানোঁ , প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোকেই নাভাবে = অস্কাৰ ৱাইল্ড

১৯৪) আমি যি জানোঁ , সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ , তাক নাজানোঁ বুলি জনাটোৱেই হ'ল প্ৰকৃত জ্ঞান = থৰো

১৯৫) কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত , সেয়া কোনোদিনেই বুজি নাপায় = জৰ্জ বিলিঙ্ছ ।

১৯৬) যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে , তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত = হাৱাৰ্ড নিউটন ।

১৯৭) মনত ৰাখিব - বন্ধু আহিব আৰু যাব , কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব = ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ ওআম াক শক্তি দিয়ে = ভি . এছ . প্ৰিছেত

১৯৮) নম্ৰতা সজ ব্যৱহাৰৰ অনুমান = সত্যনাথ বৰা

১৯৯) জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয় । বিশ্বাস কৰিবলৈ শিকাই হ'ল তাৰ বুনিয়াদ = কালাৰ্ইল

২০০) অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে = ইউৰিডিছ

২০১) সোণৰ দ্ৰাবক সুৱগা , কামৰ দ্ৰাবক অভ্যাস = সত্যনাথ বৰা ।

২০২) ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত = গুনাভিৰাম বৰুৱা ।

২০৩) অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে = স্বামী বিবেকানন্দ ।

২০৪) অভিজ্ঞতাই ডাঙঘৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় = হেম বৰুৱা ।

২০৫) জীৱনৰ অৰ্থ লুকাই থাকোে আশাৰ মাজত = লক্ষ্মীনাথ বেজবৰুৱা ।

২০৬) প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোুন স্থান থাকে , য'ত আনৰ প্ৰৱেশ নিষিদ্ধ = ৰবীন্দ্ৰনাথ ঠাকুৰ ।

২০৭) অভাৱ , দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে = জৱাহৰলাল নেহৰু ।

২০৮) শিক্ষা যদি এটুকুৰা হীৰা হয় , তেন্তে তাৰ পৰা যি জ্যোতি ওলায় , সেয়া হ'ল কালচাৰ = মহাত্মা গান্ধী

২০৯) বিবেকেই জীৱনৰ গুপ্ত আদালত = হেমচন্দ্ৰ গোস্বামী

২১০) বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে = হেম বৰুৱা

২১১) নিজে আৰ্জি আনক পৰিপূৰ্ণ ৰূপক ভগাব পৰাতে শিক্ষিকৰ কৃতিত্ব = সয়ম্বৰ ঘৰফলীয়া ।

২১২) আশা আছে বাবে পৃথিৱীখন বৰ ধুনীয়া = হেম বৰুৱা ।

২১৩) কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা = হোমেন বৰগোহাঞি

২১৪) পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সু-নাম নষ্ট কৰা = ৰামকৃষ্ণ পৰমংস ।

২১৫) মহত মন এটাই নাৰীক সুন্দৰী কৰি তোলে আৰু প্ৰতিহিংসাই কৰি তোলে অন্ধ = ফ্লেচাৰ ।

২১৬) মানুহৰ ভূল - ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি = কনফুচিয়াচ ।

২১৭) তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা = ৰুদয়াৰ্ড কিপলিং ।

২১৮) সত্যতকৈ ধৰ্ম নাই , সত্যই ধৰ্মক পৰাজয় কৰিব নোৱাৰে = মহাত্মা গান্ধী ।

২১৯) নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ গেষ্টা ভণ্ডামি মাথোন = তৰুণ ৰাম ফুকন

২২০) আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে = অম্বিকাগিৰী ৰায়চৌধুৰী ।

২২১) সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে = শীলভদ্ৰ

২২২) শিক্ষকসকলক সমাজৰ জাগ্ৰত পহৰী বুলি কোৱা হয় = ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল ।

২২৩) আমি দুখীয়া হ'ব পাৰোঁ , কিন্তু যাতে অসত নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব = মাও জে দং ।

২২৪) ভুলকৈ জনাতকৈ একো নজনাই ভাল = শ্বেইক্সপীয়েৰ ।

২২৫) প্ৰথমে বিষয়তো বুজি লোৱা , শব্দবোৰ আপোনা - আপুনি ওলাই আহিব = কেটো ।

২২৬) কোনো এঠাইৰ অন্যায় নহয় , সকলো ঠাইৰ ন্যায়ৰ প্ৰতি এক ভাবুকি = মাৰ্টিন কিং লুথাৰ

২২৭) এখন ভাল কিতাপ আপোনাৰ সৰ্বোত্তম বন্ধু আজিৰ নহয় , চিৰদিনৰ বাবে = মাৰ্টিন টুপাৰ ।

২২৮) বন্ধুত্ব বোলা বস্তু জমা ধনৰ দৰে , ব্যৱহাৰ নকৰিলেহে সি উচ্চ শিখৰ পায় = এলবাৰ্ট হাৱাৰ্ড

২২৯) এজন শিক্ষকে কৰিব নোৱৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে = জৰ্জ হাবাৰ্ট ।

২৩০) ইতিহাস হ'ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ'ল বৰ্তমানৰ ইতিহাস = এডমাণ্ড বাৰ্ক

২৩১) যি মানুহে নিজে শ্ৰদ্ধা বিচাৰি ফুৰে , তেওঁক শ্ৰদ্ধা কৰাতো অসম্ভৱ হৈ পৰে = ভঙেনাগৰ্ছ ।

২৩২) মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয় , তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে = ভলটেয়াৰ ।

২৩৪) অধ্যয়নে এজন মানুহক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে = ফ্ৰান্সিচ বেকন ।

২৩৫) ক্ষমাৰে খঙক প্ৰতিহত কৰিবা = মহাত্মা গান্ধী ।

২৩৬) মনত কিবা ক্ষোভ থকা মানেই জীৱনৰ কিবা এটা উদ্দেশ্য থকা = এৰিক হফাৰ ।

২৩৭) কু - সংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা = সৰ্বপল্লী ৰাধাকৃষ্ণন ।

২৩৮) সত্য - সুন্দৰৰ বোলে সনা জীৱন - অভিজ্ঞতা প্ৰকাশেই সাহিত্য = ড মহেন্দ্ৰ বৰা ।

২৩৯) পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি = হোমাৰ ।  

২৪০) জণগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন = ইউ . এছ . গ্ৰেট ।

২৪১) ব্ৰাক্ষ্মণ , শুদ্ৰ , হিন্দু , মুছলমান ঈশ্বৰৰ চকুত সকলো সমান = গুৰুনানক ।

২৪২) দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজ কাঢ়ি গুচি যায় = এইচ . জি . বন

২৪৩) পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা = ষীশুখ্ৰীষ্ট ।

২৪৪) মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে = বুদ্ধদেৱ ।

২৪৫) নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয় = ৰবীন্দ্ৰনাথ ঠাকুৰ ।

২৪৬) মৰমে মৰম জন্ম দিয়ে = ছফোপল্ছ

২৪৭) ভাল সঙ্গ আৰু ভাল কথোপকথন বৰ সৰল গুণ = ৱালটন

২৪৮) মানুহৰ মাজত দেৱতা আছে । সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি = চক্ৰেটিছ

২৪৯) পাপ আমাৰ শত্ৰু , পূণ্য ইয়াৰ বন্ধু = মহাবীৰ

২৫০) খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যুও ঘটাব পাৰে = ছেইন্ট আগষ্টন

২৫১) "সকলো বস্তৱে কেচামাল হ'ল সময়। সময়ৰ সহায়েৰে সকলো সম্ভৱ, সময়ৰ অবিহনে একোৱেই সম্ভৱ নহয়।"= আৰ্ণল্ড বেনেট।

২৫২) "এজন সৎ মানুহেই হল ঈশ্বৰৰ আটাইতকৈ মহ ৎ সৃষ্টি।" = আলেকজে়ণ্ডাৰ পোপ।


২৫৩) "খং হৈছে এহিধ বিষ, যি মানুহৰ মৃত্যুও ঘটাব পাৰে।" = ছেইণ্ট আগষ্টাইন।

২৫৪) "জ্ঞানতকৈ আমাৰ চিন্তা শক্তিৰ বেছি প্ৰয়োজন আছে।" = আইনষ্টাইন।

২৫৫) "মানুহৰ হোৱাৰ অৰ্থ হ'ল দায়িত্বশীল হোৱা।" = আঁতোয়া দ্য ছাঁত এজপেৰি।
 
২৫৬) "যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। = আব্দুল কালাম।

২৫৭) "তুমি নিজে সাধু হোৱা। তেতিয়া নিঃসন্দেহে ক'ব পাৰিবা যে এজন অস ৎ লোক পৃথিৱীত কমি গৈছে।" = কাৰ্লাইল।

২৫৮) "তোমাৰ বাবে সময় নষ্ট কৰা মানুহৰ লগত বন্ধুত্ব কৰা আৰু আত্মহত্যা কৰা একেই কথা।" = আঁদ্ৰে মৰোৱা। 

২৫৯) "দুখত কেতিয়াও ভাগি পৰিব নালাগে, কাৰণ দুখৰ পিছত সুখ অনিবাৰ্য্য।" = কোৰাণ।

২৬০) "নিজক পৰিচালনাৰ বাবে আপুনি মগজু ব্যৱহাৰ কৰক, আনৰ বাবে হৃদয়।" = ইলেনৰ ৰুজভেল্ট।


২৬১) "জীৱনে শিকাব পৰা আটাইতকৈ ডাঙৰ শক্ষাটো হ'ল এই যে কেতিয়াবা মূৰ্খও শুদ্ধ বুলি প্ৰমান হ'ব পাৰে।" = উইল ৰজাৰ্চ।


২৬২) "যি ধনৰ লেনদেনত শুদ্ধ নহয়, তেওঁ কোনো ক্ষেত্ৰতে শুদ্ধ নহয়।" = চানক্য।

২৬৩) প্ৰেম হ'ল মূৰ্খৰ প্ৰজ্ঞা আৰু জ্ঞানীৰ মূৰ্খতা। = ছেমূৱেল জনছন।

২৬৪) সকলো হেৰাই যোৱাৰ পাছতো ভৱিষ্যত থাকে। = বভি।

২৬৫) সমগ্ৰ পৃথিৱী মোৰ স্বদেশ, পৰোপকাৰ মোৰ ধৰ্ম।= টমাছ পেইন। 

২৬৬) অবাবত সময় নষ্ট কৰা আৰু আত্মহত্যা কৰা একে কথা। = জৰ্জ ছেভাইল।

২৬৭) মহৎ কাম মহৎ ত্যাগৰ যোগেদিহে সম্ভৱ। = স্বামী বিবোকানন্দ।

২৬৮) সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য। = প্লেটো।

২৬৯) বন্দুকৰ গুলীয়ে আদৰ্শক কেতিয়াও হত্যা কৰিব নোৱাৰে। = জ্যোতিপ্ৰসাদ আগৰৱালা। 

২৭০) কৰ্তব্যবোধে কৰ্মলৈ উৎসাহ জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়ায়। = সত্যনাথ বৰা।

২৭১) কৰ্মী মানুহৰ দৰে চিন্তা কৰিবা আৰু চিন্তাশীল মানুহৰ দৰে কাম কৰিবা। = আঁৰি বেৰ্গছ।

২৭২) যদি সুখী হ'ব বিচৰা, তেনেহ'লে ক্ষমা কৰিবলৈ শিকা। = মাদাৰ টেৰেছা।

২৭৩) প্ৰথমে নিজকে বুজি লোৱা তেতিয়া আনক সহজে বুজিব পাৰিবা। = চক্ৰেটিছ।  

২৭৪) যিজনে নিজকে জ্ঞানী বুলি ভাৱে তেওঁৰ দৰে মূৰ্খ কোনো নাই। = জৰ্জ বাৰ্ণাৰ্ড শ্ব।

২৭৫) সময় বচাব জানিলে সময়ৰ অপচয় ৰোধ কৰিব পাৰি। = ফ্ৰাঞ্চিচ বেকন।

২৭৬) লক্ষ্য সম্পৰ্কে সততে সচেতন হোৱাটোৱেই সাধনাৰ মূলমন্ত্ৰ। = ডিজৰেলি।

২৭৭) এটা বন্দুকৰ গুলীতকৈ এটোপ চিয়াঁহীৰ মূল্য বেছি। = মাদাৰ টেৰেছা।

২৭৮) প্ৰকৃত ভদ্ৰলোকৰ প্ৰধান বৈশিষ্ট্য হ'ল বিনয়। = জন ৰাস্কিন।

২৭৯) সমাজসেৱাই মানুহৰ প্ৰকৃত ধৰ্ম। = বিষ্ণুপ্ৰসা ৰাভা।

২৮০) তোমাৰ যিটো কৰ্তব্য নিচেই ওচৰতে, আগেয়ে তাক শেষ কৰিবা। = গ্যেটে।

২৮১) জীৱনটো হ'ল এটা বিদেশী ভাষা। সকলো মানুহেই ইয়াক ভুলকৈ উচ্চাৰণ কৰে। = খ্ৰীষ্টফাৰ মাৰ্লি।

২৮২) পৰিশ্ৰম যিমানে কঠোৰ হ'ব ভাগ্যও সিমানেই মুকলি হ'ব। = থমাচ জেফাৰছন।

২৮৩) "মানুহৰ সকলোতকৈ ডাঙৰ গুণ হ'ব লাগিব সৰলতা, বিজ্ঞতা নহয়।" = আইনষ্টাইন।

২৮৪) "তুমি যদি নিন্দাৰ উত্তৰ নিন্দাৰে দিয়া, তেন্তে বুজিব লাগিব যে তোমাক কৰা নিন্দাখিনি তোমাৰ প্ৰাপ্য।" = টেছিটাচ।

২৮৫) মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি তাক দুজি নাপায়। = বুদ্ধদেৱ।

২৮৬) পাবলগীয়া শাস্তি মানি ল'বা, কেতিয়াও প্ৰতিবাদ নকৰিবা। = বেঞ্জামিন ফ্ৰেঙ্কলিন।

২৮৭) মানুহক হত্যা কৰিব পাৰি কিন্তু পৰাজয় কৰিব নোৱাৰি। = হোমিংৱে।

২৮৮) ভালপোৱাৰে সকলো জয় কৰিব পাৰি। = স্বামী বিবেকানন্দ।

২৮৯) ঈশ্বৰে আমাক কাণ দুখন দিছে কিন্তু জিভা এখনহে দিছে। = বিছমাৰ্ক।

২৯০) আমাক ভাল মানুহ লাগে, ভাল আইন আৰু আদালতৰ আৱশ্যক নাই। = বানাৰ্ড শ্ব।

২৯১) মানুহক খেদি নিবলৈ সহজ, টান হ'ল তেওঁলোকক আগুৱাই নিয়াটো। = ৰবীন্দ্ৰনাথ ঠাকুৰ। 

২৯২) কিছু সময় ধৈৰ্য্য ধৰা, নিন্দা কেতিয়াও দীৰ্ঘস্থায়ী নহয়। সত্য হ'ল সময়ৰ সন্তান। তোমাৰ সত্যতা প্ৰমাণ কৰিবলৈ ই অচিৰে আবিৰ্ভাৱ হ'ব। = ইমানুৱেল।

২৯৩) ধুনীয়া মহিলা হ'ল মূল্যবান অলঙ্কাৰ। কিন্তু এগৰাকী মহান মহিলা হ'ল সম্পদ। = হাদী।

২৯৪) সময় কেনেকৈ খটাব লাগে তাক জানিলে মানুহ সজ আৰু মহৎ হ'ব পাৰে। = আডামচ।

২৯৫) ভগৱানে সেইসকলক ঘৃণা কৰে যি নিজৰ প্ৰশংসা কৰে। = ৰবীন্দ্ৰনাথ ঠাকুৰ।

২৯৬) নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভাণ্ডামী মাথোন।= তৰুণৰাম ফুকণ।

২৯৭) মনত কিবা ক্ষোভ থকা মানেই জীৱনত কিবা এটা উদ্দেশ্য থকা = এৰিক হফাৰ।

২৯৮) "নাৰীক দিয়া মৰ্য্যদাই এটা জাতিৰ ছবি প্ৰতিফলন কৰে।" = জৱাহৰালাল নেহৰু।

২৯৯) "মই সেই পুৰুষক ভাল পাওঁ, যাৰ ভবিষ্যত আছে; মই সেই মহিলাক ভালপাওঁ যাৰ অতীত আছে।" = অস্কাৰ ৱাইল্ড।

৩০০) ছবি আঁকিব নাজানিলে ছবি অঁকাৰ কথাটো নিচেই সহজ, কিন্তু ছবি আঁকিব জনা মানুহৰ কাৰণে ছবি অঁকাৰ কামটোৱেই আটাইতকৈ কঠিন কাম। = এডগাৰ ডেগা।

৩০১) সত্যতকৈ ধৰ্ম নাই, সময়েও সত্যক পাৰাজয় কৰিব নোৱাৰে। = মহাত্মা গান্ধী।

৩০২) ব্যক্তিতকৈ ৰাষ্ট্ৰ সদায় ডাঙৰ। এই কথা আমি সদায় মনত ৰখা উচিত। ° এ পি জে আব্দুল কালাম।

৩০৩) বহুত মানুহ আছেযি সকল অতিশয় সুখী মানুহ। কিন্তু সমাজৰ কাৰণে তেওঁলোক সম্পূণ অদৰকাৰীয। = চাৰ্লছ গাউ।

৩০৪) নিজে যিটো কৰিবলৈ নোৱাৰা আনকো সেইটো কৰিবলৈ নক'বা। = মহাত্মা গান্ধী।

৩০৫) ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিব তোমাৰ শক্তিক। = বি আৰ আম্বেডকাৰ।

৩০৬) খুব কম সময়তে বহুত কাম কৰাৰ আটাইতকৈ ভাল উপায় হ'ল এবাৰত মাত্ৰ এটা কাম কৰা। = ছেমুৱেল স্মইলছ্।

৩০৭) তোমাক নিজকে প্ৰথমে ভালকৈ চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। = লক্ষ্মীনাথ বেজবৰুৱা।

৩০৮) দাসত্বৰ খাতাত চহী কৰাতকৈ মৃত্যুৱেই শ্ৰেয়। = জ্যোতিপ্ৰসাদ আগৰৱালা।

৩০৯) শিক্ষা হ'ল জীৱন ব্যাপী চলা এক বিকাশমুখী প্ৰক্ৰিয়া। = সিক্ষাবিদ ডিউই। 

৩১০)  যি মানুহে নিজকে একো কথা শিকোৱা নাই তেওঁক আন কোনেও একো দৰকাৰী কথা শিকাব নোৱাৰে। = ছাৰ জগুৱা ৰে'নল্ডছ।

৩১১) সদায় এনে এটা কাম কৰিবলৈ চেষ্টা কৰিবা যিটো কাম কৰিবলৈ তুমি ভয় কৰা। = এমাৰ্ছন।

৩১২) সংসাৰত মানুহতকৈ একো নাই। মানুহৰ ভিতৰত আকৌ মনটোতকৈ ডাঙৰ একো নাই। = ছাৰ উইলিয়াম হেমিল্টন।

৩১৩) মানুহৰ জীৱনটো লাহ-বিলাহৰ বাবে নহয়, মহৎ সুন্দৰ কামত নিয়োগ কৰিবৰ বাবেহে। = ফ্লোৰেন্স নাইটিংগেল।

৩১৪) অহংকাৰী মানুহক সকলোৱে নিন্দা কৰে। কিন্তু সেইটো কোনে কৰে? যি সকলৰ অহংকাৰ কৰিবলৈ নিজৰ একো নাই। = শ্বপেন হাৱাৰ।

৩১৫) মানুহৰ জাতিভেদ নাই যদিও নীচ মানুহ পৃথিৱীত আছে। নিজক নীচ বুলি ভবাজনেই হ'ল নীচ আৰু অধম। = ৰামকৃষ্ণ পৰমহংস।

৩১৬) মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী। = জ্যোতিপ্ৰসাদ।

৩১৭) দগতৰ পৰিৱৰ্তন চাবলৈ হ'লে প্ৰথম নিদকে পৰিৱৰ্তন কৰি ল'ব লাগিব। = মহাত্মা গান্ধী।

৩১৮) "অধৈৰ্য্য আৰু অলসতাই আটাইবোৰ পাপৰ উৎস।" = ফ্ৰানৎস কাফকা।

৩১৯) মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ পাত্ৰ হোৱাটো বেছি গুৰুত্বপূৰ্ণ। = জৰ্জ মেকভনাভ।

৩২০) কোনবোৰ কথা আওকান কৰিব লাগে সেইটো জনাটোৱেই হ'ল জ্ঞানী হোৱাৰ এতা প্ৰধান উপায়। = উইলিয়াম জেমছ।

৩২১) ভৰিৰ পিছল খালে নিজে দুখ পায়, জিভাৰ পিছল খালে কিন্তু বিপদ ঘটায়। = আনন্দ চন্দ্ৰ আগৰৱালা।

৩২২) মানুহে মানুহৰ কাৰণে নাকান্দিলে সি মানুহৰ যোগ্যই নহয়য। = স্বামী বিবেকানন্দ।

৩২৩) সংসাৰত যিজনে চিন থৈ যাব খোজে, তেওঁ দিনে ৰাতিয়ে কাম কৰিবই লাগিব। = এণ্টনি লিউৱেনহুক।

৩২৪) বয়স নহয় সামৰ্থৰ যোগেদিহে জ্ঞান অৰ্জন হয়। = টিটাছ মোয়াছ প্লুটাছ।

৩২৫) শক্ষা জীৱনৰ আৰম্ভ গল্প আৰু খেলা-ধূলাৰ মাজেৰে হ'ব লাগে। = প্লেটো।

৩২৬) সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। = যতীন্দ্ৰ নাথ দুৱৰা।

৩২৭) এখন ভাল কিতাপ নষ্ট কৰা এজন ভাল মানুহ হত্যা কৰা একে কথা। = মিল্টন।

৩২৮) "সাহিত্যৰ জয় জয় ময় ময় অৱস্থ তেতিয়াহে হয়, যেতিয়া সি হয় আধা কলা আৰু আধা বাণিজ্য।" = জীন ইঞ্জ।

৩২৯) এখন ভাল কিতাপ সকলো বস্তুতকৈ আপোন। বন্ধুসকল গ'লেও কিন্তু কিতাপখন চিৰকাললৈ থাকে। = টুপাৰ।

৩৩০) কিতাপ এখন যুদ্ধ এখনৰ দৰেই গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি। = বেঞ্জামিন ডিজৰেলি।

৩৩১) চৰকাৰৰ প্ৰধান কৰ্তব্য হ'ল জনগণৰ শিক্ষা ব্যৱস্থা কৰা। = নেপোলিয়ন।

৩৩২) "শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ দয়ে।" = নেতাজী সুভাষ বসু।

৩৩৩) শিক্ষাৰ অৰ্থ হ'ল প্ৰজ্ঞাৰ প্ৰশিক্ষন, অন্তৰৰ পৰিশুদ্ধতা আৰু চিত্তৰ সংযম। = সৰ্বপল্লী ৰাধাকৃষ্ণণ।

৩৩৪) ৰজাৰ সন্মান ভিতৰতহে, কিন্তু এজন শিক্ষিত লোকৰ সন্মান সকলোতে। = ৰবীন্দ্ৰনাথ ঠাকুৰ।

৩৩৫) যিজনে উপকাৰৰ বাবে বৃক্ষৰোপণ কৰে তেওঁ ভগৱানৰ আশীৰ্বাদ পায়। = গোতম বুদ্ধ।

৩৩৬) যদি নিজৰ ঘৰখনেই পাৰিপাটি লগোৱা সম্ভৱপ নহয় তেন্তে বিশ্বৰ শ্ৰেষ্ঠ হৈ লাভ কি? = মিখাইল গবাৰ্চভ।

৩৩৭) "যি মানুহে ধনী হ'বলৈ খৰধৰ লগায়, তেওঁ কেতিয়াও অপৰাধ নকৰাকৈ থাকিব নোৱাৰে।" = অ'ল্ড টেষ্টামেণ্ট (বাইবেল)

৩৩৮) নজনাটো সিমান লাজৰ কথা নহয, শিকিবলৈ যত্ন নকৰাটো যিমান। = বেঞ্জামিন ফ্ৰেংকলিন।

৩৩৯) মানুহে তোমাক নাজেনে বুলি আক্ষেপ নকৰিবা, তুমি এনেভাৱে কাম কৰা যাতে মানুহে জানিবৰ যোগ্য হোৱা। = কনফুচিয়াচ।

৩৪০) দেশৰ হকে প্ৰাণ দিবা কিন্তু কাৰো প্ৰাণত আঘাট নিদিবা। = মহাত্মা গান্ধী।

৩৪১) "মানুহৰ মন পেৰাচুটৰ দৰেই, খোলা খালেহে সি ক্ৰিয়াশীল হয়।" = ডায়েন একাৰমেন।

৩৪২) সততাৰ একমাত্ৰ পুৰস্কাৰ হ'ল সততা, আনৰ বন্ধুত্ব লাভ কৰাৰ একমাত্ৰ উপায় হ'ল নিজে তেওঁৰ বন্ধু হোৱা। = এমাৰছন।

৩৪৩) যিবোৰ কথা কষ্ট নকৰাকৈ লিখা হয় সেইবোৰ পঢ়িও ভাল নালাগে বা উপকাৰত নালাগে। = ড° জনছন। 

৩৪৪) অইনে মোৰ বিষয় কি কয় সেইটো গুৰুত্বপূৰ্ণ নহয়, মই কি ক'ম আৰু কি কৰিম সেয়াহে গুৰুত্বপূৰ্ণ। = ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৩৪৫) প্ৰতিভা এটাৰ প্ৰধান লক্ষণ হ'ল এই যে কৃতকাৰ্যতাই তাক কেতিয়াও নষ্ট বা কলুষিত কৰিব নোৱৰে। = মাৰ্টিন এচলিন।

৩৪৬) পৰিৱৰ্তনৰ মাজত শৃংখলাক আৰু শৃংখলাৰ মাজত পৰিৱৰ্তনক ৰক্ষা কৰাটোৱেই হ'ল প্ৰগতিৰ প্ৰধান লক্ষ্য।= এলফ্ৰেড নৰ্থ হোৱাইট হেড।

৩৪৭) পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা। = হেম বৰুৱা।

৩৪৮) মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনেভাৱে কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা। = কনফুচিয়াছ।

৩৪৯) নিজৰ জীৱনটো চুটি কৰাৰ এটা প্ৰধান উপায় হ'ল আনক ঈৰ্ষা কৰা। = ওল্ড টেষ্টামেণ্ট।

৩৫০) "কোনো ধৰণৰ প্ৰতিভা বা সামৰ্থ্য নোহোৱাকৈ বিখ্যাত হোৱাৰ এটাই মাত্ৰ উপায় আছে। সেইটো হ'ল শ্বহীদ হোৱা।" = জৰ্জ বাণাৰ্ড শ্ব।

৩৫১) হাতীক যিদৰে হাতেৰে বগৰাই দিব নোৱাৰি, অসমীয়া জাতিও সেইদৰে বাৰিষাৰ ধলত জাজীত উটি যাব নোৱাৰে। = ৰঘুনাথ চৌধাৰী।

৩৫২) সংসাৰত কাম কৰিব লাগে বোকাত থকা মাছৰ নিছিনাকৈ, যেনেকৈ মাগুৰ মাছ বোকাত থাকে কিন্তু বোকা অকণো গাত নালাগে। = ৰামকৃষ্ণ পৰমহংস। 

৩৫৩) যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল। = ড° বাণীকান্ত কাকতি।

৩৫৪) মোক স্বৰ্গ নালাগে, মোক বৈকুন্ঠ নালাগে, সুজলা-সুফলা এই অসমভূমিত মই বাৰে বাৰে জন্ম ল'ম। = পিয়লি ফুকন। 

৩৫৫) কিতাপৰ সংগ্ৰহেই হ'ল বৰ্তমান যুগৰ প্ৰকৃত বিশ্ববিদ্যালয়। = টমাছ কাৰ্লোইল।

৩৫৬) প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা অথবা আমোদ নিবিচাৰে। = জগদীশ বসু।

৩৫৭) মানুহে উদাহৰণৰ পৰা শিকিব নোখোঁজে, শিকিব খোজো ভুলৰ পৰা। সেইটোৱেই হ'ল মানুহৰ প্ৰকৃত স্বভাৱ। = ফ্ৰেড্ হইল।

৩৫৮) প্ৰেম আৰু পৰিশ্ৰম- এই দুটাৰ বাহিৰে জীৱনৰ আন কোনো বস্তু মূল্য নাই। = ছিগমুণ্ড ফ্ৰয়েড।

৩৫৯) আঁঠুকাঢ়ি থকা ভদ্ৰলোক এজনতকৈ নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকা চহা খেতিয়ক এজন বেচি ডাঙৰ। = বেঞ্জামিন ফ্ৰেংকলিন। 

৩৬০) আজিৰ কাম কালিলৈ কৰিম বুলি পেলাই নথ'বা, কাৰণ কালিলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা। = হজৰত মহম্মদ।

৩৬১) বিনয় হ'ল নকল মুদ্ৰা। একমাত্ৰ মূৰ্খৰ বাহিৰে তাক খৰছ কৰিবলৈ আন কোনেও কৃপনালি নকৰে। = শ্বপেন হাৱাৰ।

৩৬২) কিছুমান মানুহ ঘৃণা কৰাৰ একমাত্ৰ কাৰণ এইটোৱেই যে বেছিভাগ মানুহে মোক ভাল পায়। = পিটাৰ দা ভ্ৰিয়েছ।

৩৬৩) তোমাৰ শক্ৰক সদায় ক্ষমা কৰিবা। শক্ৰক অশান্তি দিবলৈ তাতকৈ বেছি ভাল উপায় নাই। = অস্কাৰ ৱাইল্ড।

৩৬৪) সভ্যতাৰ জন্ম হয় শৃংখলাৰ মাজত, বিকাশ হয় স্বাধীনতাৰ মাজত, মৃত্যু হয় অৰাজকতৰা মাজত। = উইল ডুৰাণ্ট।

৩৬৫) "যি মানুহে উপকাৰ বা অনুগ্ৰহ ল'ব জানে, কিন্তু প্ৰতিদান দিব নাজানে বা কৃতজ্ঞতা প্ৰকাশ নকৰে, তেওঁক নৰাধম বুলি ক'ব পাৰি।" = প্লটাছ। 

৩৬৭) সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায়, তেনেকৈ সৰু-সুৰা কথাৰ মাজেদি মানুহৰ চৰিত্ৰৰ মাহাত্ম্য প্ৰকাশ পায়। = লৰ্ড এভেমেৰী। 

৩৬৮) "যি জাতিৰ সাহিত্য নাই, সেই জাতি জীয়াই থাকিও মৰাৰ দৰে।" = তুলসী দাস।

৩৬৯) যি লেখকে নিজে নাকান্দে, তেওঁ তেওঁৰ পাঠকসকলকো কন্দুৱান নোৱাৰে। = ৰৱাৰ্ট ফ্ৰষ্ট।

৩৭০) কিতাপেই হ'ল মানুহৰ সৰ্বোত্তম বন্ধু। সেই কথা আজিও সত্য, চিৰকালেই সত্য। = মাৰ্টিন টুপাৰ।

৩৭১) আনে তোমাৰ বিষয়ে ভাল কথা কোৱাটো যদি তুমি বিচাৰা তেন্তে নিজে নিজৰ বষয়ে ভাল কথা কেতিয়াও নক'বা। = পাস্কেল।

৩৭২) দক্ষতা বা প্ৰতিভা আতি বিৰল। কিন্তু তাতোতকৈ বেছি বিৰল হ'ল প্ৰতিভা চিনি পাব পৰা প্ৰতিভা। = ৰবাৰ্ট হাফ।

৩৭৩) উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুজন প্ৰায়েই শ্ৰেষ্ঠতৰ মানুহ বুলি প্ৰমাণিত হয়। = কাৰ্লফন নেবেল।

৩৭৪) "তোমাৰ আচল বয়ষ যিমানেই নহওক কিয়, তুমি যদি সদায় সৃষ্টিশীল হৈ থাকা, তেন্তে তুমি তোমাৰ মাজত থকা শিশুটোক জীয়াই ৰাখিব পাৰিবা।" = জন কাছ ভেটছ।

৩৭৫) প্ৰথমে নিজৰ ওপৰত শ্ৰদ্ধা বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব পাৰিবা। = স্বামী বিবেকানন্দ।

৩৭৬) কৃতকাৰ্যতাৰ কাৰণে লাগে সাধনা, সাধনাৰ কাৰণে লাগে সাহস আৰু সাহসৰ কাৰণে লাগে আত্মবিশ্বাস । = বেঞ্জামিন ফ্ৰেঙ্কলিন।

৩৭৭) ঈশ্বৰে যি কৰে আমাৰ ভালৰ বাবেই কৰে। আমি ধৈৰ্য্য ধৰি পৰিণতিৰ বাবে অপেক্ষা কৰা উচিত। এনে কৰিলে মানুহৰ মনোকামনা পূৰ্ণ হ'ব। = ডেল কাৰ্ণেগী।

৩৭৮) যি মানুহে যিকোনো এটা কাম একনিষ্ঠাৰে কৰে তেওঁ অৱশেষত সকলো কাৰ্য কৰিব পৰা শক্তি আয়ত্ব কৰে। = মহাত্মা গান্ধী।

৩৭৯) মুৰ্খলোকে সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখুলে। = চানক্য।

৩৮০) জাৱৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিস্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে অন্তৰখন পবিত্ৰ হয়। = মহাত্মা গান্ধী

৩৮১) নিৰ্ভীকতা নাথাকিলে সকলো গুণ ধূলিত পৰিণত হয়, নিৰ্ভীকতা নাথাকিলে সত্য সাধনা বা অহিংসা অসম্ভৱ। = মহাত্মা গান্ধী।

৩৮২)  প্ৰথমে নিজৰ ওপৰত শ্ৰদ্ধা আৰু বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব পাৰিবা। = স্বামী বিবেকান্দ






Post Id: DABP001288