এটা শব্দত প্ৰকাশ কৰা
১) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি
২) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়
৩) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়
৪) ধান থোৱা ঘৰ = ভঁৰাল
৫) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী
৬) ভিক্ষা কৰে যি = ভিক্ষাৰী
৭) যি খুজি মাগি খায় = খোজনীয়া; মগনিয়া
৮) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত
৯) যি কথা জনা নাযায় = অজ্ঞাত
১০) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী
১১) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি
১২) যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
১৩) যি সঁচা কথা কয় = সত্যবাদী
১৪) যাৰ আগত জন্ম = অগ্ৰজ
১৫) যি নিজে নিজে হয় = স্বয়ম্ভু
১৬) যাৰ মূৰত চুলি নাই = তপা
১৭) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়
১৮) যি কথা লগাই ফুৰে = খলুৱা
১৯) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী
২০) যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী
২১) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰা
২২) যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু
২৩) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়
২৪) যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা
২৫) যি পুৰুষে বিয়া কৰোৱা নাই =
২৬) যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য
২৭) আনৰ দোষ দেখা স্বভাৱ = অসূয়া
২৮) যাৰ জন্ম নাই = অজ
২৯) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ
৩০) যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু।
৩১) যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী
৩২) যাৰ বিবেচনা শক্তি নাই = অবিবেচক
৩৩) সহজে যি জীণ যায় = লঘুপাকী
৩৪) যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল
৩৫) সকলোকে সমানভাৱে দেখা = সমদৰ্শী
৩৬) বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি
৩৭) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু
৩৮) আগে আগে গমন কৰে যি = অগ্ৰগামী
৩৯) পিছে পিছে গমন কৰে যি = অনুগামী
৪০) যি কম কথা কয় = মিতভাষী
৪১) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী
৪২) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী
৪৩) নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন
৪৪) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প
৪৫) যি মাটিৰে নিৰ্মিত = মৃন্ময়
৪৬) মৰো মৰো অৱস্থা = মূমূৰ্ষ
৪৭) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ
৪৮) নাম নধৰাকৈ দিয়া গালি = গুৱালগালি
৪৯) দেউতাকৰ সখিয়েক = তাৱৈ
৫০) তাৱৈৰ ঘৈণীয়েক = আমৈ
৫১) যি আনৰ অধীন নহয় = স্বাধীন
৫২) যি আনৰ অধীন = পৰাধীন
৫৩) গৰু বন্ধা ঘৰ = গোহালি
৫৪) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল
৫৫) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট
৫৬) যি কথাৰ অৰ্থ নাই = অৰ্থহীন; নিৰৰ্থক
৫৭) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল
৫৮) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
৫৯) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত
৬০) যাৰ আদি নাই = অনাদি
৬১) যাৰ অন্ত নাই = অনন্ত
৬২) যাৰ সীমা নাই = অসীম
৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি= অবৰ্ণনীয়
৬৪) যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য
৬৫) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য
৬৬) যাক দেখা নাযায় = অদৃশ্য
৬৭) যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ
৬৮) যাক সহজে পোৱা যায় = সুলভ
৬৯) যাৰ নাম নাই = অনামী
৭০) যাৰ সীমা আছে = সসীম
৭১) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য
৭২) যাৰ ধাৰ আছে = ধাৰুৱা
৭৩) যি গাঁৱত থাকে = গাঁৱলীয়া
৭৪) যি বিদেশত থাকে = প্ৰবাসী
৭৫) বিদেশৰপৰা অহা লোক = বিদেশী
৭৬) যি ভয় নকৰে = নিৰ্ভীক
৭৭) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
৭৮) একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
৭৯) একে শ্ৰেণীতে পঢ়া = সহপাঠী
৮০) একে মাকৰ সন্তান = সহোদৰ, সোদৰ
৮১) গোটেই জীৱন জুৰি = আজীৱন
৮২) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ
৮৩) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
৮৪) যি এটা চকুৰে নেদেখে = কণা
৮৫) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
৮৬) যি কথা কব নোৱাৰে = মুক; বোবা
৮৭) যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ
৮৮) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
৮৯) যাৰ মাক পিতাক মৰিছে = মাউৰা
৯০) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
৯১) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
৯২) স্বামী থকা তিৰোতা = সধৱা; আয়তী
৯৩) নাম গোৱা তিৰোতা = নামতী
৯৪) বিহুৰ আগ দিনা = উৰুকা
৯৫) যি দিনত নেদেখে = দিনকণা
৯৬) যি ৰাতি নেদেখে = কুকুৰীকণা
৯৭) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
৯৮) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
৯৯) এবাৰ ফল দি মৰা গছ = ওষধি
১০০) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
১০১) পনীয়া গাখীৰ দিয়া গাই = জলাহী
১০২) শিং নথকা গৰু = লাওমূৰা
১০৩) হাল বোৱা গৰু = বলধ
১০৪) ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী
১০৫) স্মৰণ কৰিবলগীয়া = স্মৰণীয়
১০৬) যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ
১০৭) যাৰ বিয়া হৈছে = বিবাহিত
১০৮) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
১০৯) জন্তুৰ নিচিনা যি = জান্তব
১১০) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া
১১১) যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ
১১২) যি ফল কেঁচাও নহয় পকাও নহয় = ডাহেচীয়া
১১৩) মাৰ ভনীয়েক = মাহী
১১৪) দেউতাৰ ভনীয়েক=পেহী
১১৫) মাৰ সতিনীয়েক = বিমাতা, মাহী-মা
১১৬) ককাৰ দেউতাক = আজোককা
১১৭) কঁঠালৰ সৰু কলি = মুচি
১১৮) খাবলৈ অনা সৰু কলপুলি = পচলা
১১৯) দাঁত ওলোৱা হাতী = দঁতাল
১২০) মাছ মৰা লোক = মাছুৱৈ; মাছমৰীয়া
১২১) যি জলত চৰে = জলচৰ
১২২) যি স্থলত চৰে = স্থলচৰ
১২৩) জল আৰু স্থল উভয়তে চৰে যি = উভচৰ
১২৪) যি কণীৰপৰা জন্মে = অণ্ডজ
১২৫) ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক
১২৬) ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক
১২৭) গান গোৱা লোক = গায়ক
১২৮) খেলা ধুলা কৰা লোক = খেলুৱৈ
১২৯) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ
১৩০) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ
১৩১) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ
১৩২) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ; সোণাৰী
১৩৩) চিকিৎসা কৰা লোক = চিকিৎসক
১৩৪) গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া
১৩৫) যি উপকাৰ কৰে = উপকাৰী
১৩৬) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ; অকৃতঘ্ন
১৩৭) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন; অকৃতজ্ঞ
১৩৮) বৰষুণ নোহোৱা বতৰ = খৰাং
১৩৯) যাৰ কোনো নাই = অনাথ
১৪০) ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয়
১৪১) যি একো নাজানে = অজ্ঞ
১৪২) যি সকলো জানে = সৰ্বজ্ঞ; সৰ্বজান
১৪৩) যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত
১৪৪) যি এই লোকৰ নহয় = অলৌকিক
১৪৫) দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয়
১৪৬) ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা = কাঁহুদি
১৪৭ ) য'ত কোনো মানুহ নাই = নিৰ্জন
১৪৮) দেশক ভাল পোৱা মানুহ = দেশভক্ত
১৪৯) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী
১৫০) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ
১৫১) গৰু চৰোৱা লোক = গৰখীয়া
১৫২) হাতী চৰোৱা লোক = মাউত
১৫৩) যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব
১৫৪) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব
১৫৫) যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ; আপোনপেটা
১৫৬) যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী
১৫৭) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়
১৫৮) যাক সকলোৱে জানে = বিখ্যাত
১৫৯) যাক কোনেও নাজানে = অখ্যাত; অজ্ঞাত
১৬০) কবনলগীয়া কথা; যাক কব নোৱাৰি = অবাচ্য; অকথ্য
১৬১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য
১৬২) যাৰ জ্ঞান আছে = জ্ঞানী
১৬৩) যাৰ ধন আছে = ধনী
১৬৪) যাৰ মান আছে = মানী
১৬৫) যাৰ ঋণ আছে = ঋণী
১৬৬) যাৰ ঘৰ বাৰী নাই = অঘৰী
১৬৭) যাৰ একো নাই = নিঃস্ব
১৬৮) য'ত যাব নোৱাৰি = দুৰ্গম
১৬৯) য'ত যাব পাৰি = সুগম
১৭০) যি বহুত কথা কয় = বহুবল্কী
১৭১) যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক = কথাচহকী
১৭২) যাৰ মৰণ নাই = অমৰ
১৭৩) যাৰ ভয় আছে = ভয়াতুৰ
১৭৪) স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰছাত্ৰী
১৭৫) যাৰ শত্ৰু নাই = অজাতশত্ৰু
১৭৬) যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়
১৭৭) শাক পাচলি কৰা ঠাই = শাকনি
১৭৮) ধান খেতি কৰা ঠাই = ধাননি
১৭৯) যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব
১৮০) যাক গণনা কৰিব নোৱাৰি = অগণন
১৮১) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয়
১৮২) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য
১৮৩) যি কাম কৰা উচিত = কৰ্তব্য
১৮৪) যি পুৰি নাযায় = অদাহ্য
১৮৫) যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী
১৮৬) যি মাটি ফুটি ওলায় = উদ্ভিদ
১৮৭) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
১৮৮) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
১৮৯) যাক দিব পৰা নাযায় = অদেয়
১৯০) যাক বধ কৰিব পৰা নাযায় = অবধ্য
১৯১) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
১৯২) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
১৯৩) যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
১৯৪) বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ
১৯৫) শিৱক উপাসনা কৰা লোক = শৈৱ
১৯৬) শক্তিক উপাসনা কৰা লোক = শাক্ত
১৯৭) যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
১৯৮) যি অইন ফালে মন দিয়ে = অন্যমনস্ক
১৯৯) শৰৎ কালত হোৱা = শাৰদীয়
২০০) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
২০১) বাটে বাটে যোৱা মানুহ = বাটৰুৱা
২০২) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
২০৩) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
২০৪) অশেষ মূল্য যাৰ = অমূল্য
২০৫) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
২০৬) যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
২০৭) কাপোৰ বব জনা তিৰোতা = শিপীনী
২০৮) যি কাম কাজত পাকৈত = কাজী
২০৯) একে সময়তে হোৱা = সমসাময়িক
২১০) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
২১১) পি খোৱা বস্তু = পেয়
২১২) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
২১৩) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
২১৪) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
২১৫) ফুল থোৱা পাত্ৰ = ফুলদানি
২১৬) যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
২১৭) জুই ধৰি ৰখা ঠাই = জুহাল
২১৮) নিজৰ ওপজা ঠাই = জন্মভূমি
২১৯) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
২২০) যি অলপতে শুনে = শহাকণীয়া
২২১) যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
২২২) যি নিশা চৰে = নিশাচৰ
২২৩) যি সহ্য কৰিব পাৰে = সহনশীল
২২৪) যি মিছা কথা কয় = মিছলীয়া
২২৫) যি ঘৰত ওপজে = ঘৰ-ওপজা
২২৬) যি বনত ওপজে = বনজ
২২৭) যি নগৰত থাকে = নগৰীয়া
২২৮) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
২২৯) বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
২৩০) যি আনলৈ মন দি থাকে=?
২৩১) পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
২৩২) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
২৩৩) গাখীৰ ,মিঠাই বেচা মানুহক=?
২৩৪) যি ঠাইত পূজা কৰা হয়=?
২৩৫) যি বস্তু দিব পৰা নাযায়=?
২৩৬) চুহি খোৱা বস্তু=?
২৩৭) নাও বনোৱা মানুহ=?
২৩৮) যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
২৩৯) জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
২৪০) যি বাহ বেতৰ কাম কৰে=?
২৪১) যি ৰাতি ফুলে=?
২৪২) যি জন্ম হয় মৃত্যু বৰণ কৰে=?
২৪৩) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=?
২৪৪) যাৰ সাহস আছে = সাহসী
২৪৫) যি ঈশ্বৰক বিশ্বাসী = আস্তিক
২৪৬) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ
২৪৭) একে মাকৰ সন্তান = সহোদৰ
২৪৮) যি সঁচা কথা কয় = সত্যবাদী।
২৪৯) যাক দেখা নাযায় = অদৃশ্য
২৫০) যাৰ পিছত জন্ম = অনুজ
২৫১) ধান থোৱা ঠাই = ভঁৰাল ৷
২৫২) অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী ৷
২৫৩) কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷
২৫৪) গৰু বন্ধা ঠাই = গোহালি ৷
২৫৫) বাপেকৰ সখিয়েক = তাৱৈ ৷
২৫৬) তাৱৈৰ ঘৈণীয়েক = আমৈ ৷
২৫৭) যি আনৰ অধীন নহয় = স্বাধীন ৷
২৫৮) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷
২৫৯) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
২৬০) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷
২৬১) যাৰ আদি নাই = অনাদি ৷
২৬২) যাৰ সীমা নাই = অসীম
২৬৩) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
২৬৪) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
২৬৫) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷
২৫৬) যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷
২৬৭) যি নগৰত থাকে = নগৰীয়া ৷
২৬৮) আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷
২৬৯) ভেকুলীৰ পোৱালি = লালুকি ৷
২৭০) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷
২৭১) দেউতাৰ ভনীয়েক = পেহী ৷
২৭২) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷
২৭৩) ৰৌ মাছৰ সৰু = ৰৌমণি ৷
২৭৪) মাছৰ পোৱালি পোনা ৷
২৭৫)গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷
২৭৬) মাৰ ভনীয়েক = মাহী ৷
২৭৭) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷
২৭৮) দাঁত ওলোৱা হাতী = দঁতাল ৷
২৭৯) মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷
২৮০) শ’ল মাছৰ সৰু = শ’লঠাৰি ৷
২৮১) ধানৰ বাকলি = তুঁহ ৷
২৮৩) গোচৰ তৰা মানুহ = গোচৰীয়া ৷
২৮৪) গোটেই জীৱন জুৰি = অজীৱন ৷
২৮৫) নাটক লিখা মানুহ = নাট্যকাৰ ৷
২৮৬) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
২৮৭) গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷
২৮৯) ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷
২৯০) গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা ।
২৯১) জন্তুৰ নিচিনা = জান্তৱ ৷
২৯২) চোবাই খোৱা বস্তু = চৰ্ব্য ৷
২৯৩) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷
২৯৪) যি ঠাইত মানুহ নাই = জনশূন্য ৷
২৯৫) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷
২৯৬) কবিতা লেখা মানুহ = কবি ৷
২৯৭) চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷
২৯৮) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷
২৯৯) ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷
৩০০) যি গোন্ধ ভাল = সুগন্ধ ৷
৩০১) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য --- খৰিচা ৷
৩০২) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
৩০৩) নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷
৩০৪) বহুত মানুহ একেলগে যোৱা = সমদল ৷
৩০৫) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
৩০৬) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
৩০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷
৩০৮) নিজে নিজে হোৱা = স্বয়ম্ভূ ৷
৩০৯) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত ।
৩১০) যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
৩১১) যাক সহজতে লাভ কৰা যায় = সুলভ ।
৩১২) য'ত বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।
৩১৩) যাক বুজিব পাৰি = বোধগম্য ।
৩১৪) বৰষুণ নোহোৱা যি বতৰ = খৰাং ।
৩১৫) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।
৩১৬) যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য ।
৩১৭) জুই ধৰি ৰখা যি ঠাই = জুহাল ।
৩১৮) যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।
৩১৯) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ ।
৩২০) যাৰ একোৱেই নাই = নিঃস্ব ।
৩২১) যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী ।
৩২২) যি তিৰোতাই ধান দায় = দাৱনী ।
৩২৩) হঠাতে হোৱা যি ঘটনা = আকস্মিক ।
৩২৪) যি মাটিত সাৰ নাই = অসাৰুৱা ।
৩২৫) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।
৩২৬) যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য - সম্ৰাট ।
৩২৭) যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ ।
৩২৮) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।
৩২৯) যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় ।
৩৩০) মেলত যি পাৰ্গত = মেলেকী ।
৩৩১) যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা ।
৩৩২) যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।
৩৩৩) যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি ।
৩৩৪) একে সময়তে হোৱা = সমসাময়িক ।
৩৩৫) এবাৰ গুটি লাগি মৰা গছ = ওষধি ।
৩৩৬) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ ।
৩৩৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।
৩৩৮) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।
৩৩৯) সাহ যাৰ আছি = সাহসী ।
৩৪০) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি ।
৩৪১) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।
৩৪২) যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।
৩৪৩) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।
৩৪৪) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।
৩৪৫) যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।
৩৪৬) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।
৩৪৭) যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ ।
৩৪৮) যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ ।
৩৪৯) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য ।
৩৫০) যি বিধিসন্মত = বৈধ ।
৩৫১) প্ৰাণক পণ কৰি = প্ৰাণপণে ।
৩৫২) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
৩৫৩) যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।
৩৫৪) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।
৩৫৫) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।
৩৫৬) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত ।
৩৫৭) কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি ।
৩৫৮) যাৰ ধাৰ আছে = ধৰুৱা ।
৩৫৯) যাৰ সীমা নাই = অসীম ।
৩৬০) যি আনফালে মন দিয়ে = অন্যমনস্ক ।
৩৬১) যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য ।
৩৬২) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।
৩৬৩) যাৰ আদি নাই = অনাদি ।
৩৬৪) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।
৩৬৫) যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত ।
৩৬৬) বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।
৩৬৭) য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক ।
৩৬৮) যি নিশাহে চৰে = নিশাচৰ ।
৩৬৯) যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।
৩৭০) যিটো সুধিবলগীয়া =জিজ্ঞাস্য ।
৩৭১) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।
৩৭২) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ ।
৩৭৩) যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ ।
৩৭৪) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
৩৭৫) একেজন গুৰুৰে শিষ্য = সতীৰ্থ।
৩৭৬) যাৰ আগমন আহ্বান কৰা হয়= স্বাগত ।
৩৭৭) যাক বধ কৰা অনুচিত = অবধ্য ।
৩৭৮) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম ।
৩৭৯) যাৰ অন্ত নাই = অনন্ত ।
৩৮০) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।
৩৮১) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ।
৩৮২) যি সহ্য কৰিব পাৰে = সহিষ্ণু ।
৩৮৩) যি গোচৰ তৰে = গুচৰীয়া ।
৩৮৪) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।
৩৮৫) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।
৩৮৬) যি শক্তিক উপাসনা কৰে = শাক্ত ।
৩৮৭) যি শিৱক উপাসনা কৰে = শৈৱ ।
৩৮৮) যি একো নাজানে = অজ্ঞ।
৩৮৯) যি ভাষাত পাৰ্গত = ভাষাবিদ্ ।
৩৯০) যি কণীৰপৰা জন্মে = অণ্ডজ ।
৩৯১) যি একেলগে পঢ়ে = সহপাঠী ।
৩৯২) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ ।
৩৯৩) যি সমাপ্ত হোৱা নাই = অসমাপ্ত ।
৩৯৪) য'ত কোনো মানুহ নাই = জনশূন্য ।
৩৯৫) য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।
৩৯৬) যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।
৩৯৭) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ ।
৩৯৮) যি মাটি ফুটি ওলায় = উদ্ভিদ ।
৩৯৯) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।
৪০০) যাৰ কথাৰ সাঁচ নাই = লগা ।
৪০১) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।
৪০২) যত মানুহ বেছি = জন-বহুল ।
৪০৩) যাৰ মূৰত চুলি নাই = তপা ।
৪০৪) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।
৪০৫) যি ধন খৰচ নকৰে = কৃপণ ।
৪০৬) যি মাছ-মাংস খায়= আমিষাহাৰী ।
৪০৭) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।
৪০৮) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট ।
৪০৯) যি অলপতে শুনে = শহাকণীয়া ।
৪১০) যি অলপতে ভয় খায় = ভয়াতুৰ ।
৪১১) যি ঘৰত ধান থয় = ভঁৰাল ।
৪১২) যি নানা অভাৱত থাকে = অভাৱী ।
৪১৩) জন্তুৰ নিচিনা = জান্তৱ ।
৪১৪) যাৰ নাম নাই = অনামা ।
৪১৫) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।
৪১৬) নাম নিদিয়াকৈ দিয়া = বেনামী ।
৪১৭) পনীয়া গাখীৰ দিয়া গাই = জলাহী ।
৪১৮) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা ।
৪১৯) মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
ইয়াত নথকাবোৰ দিবলৈ কমেন্টত লিখক।
Editor By: Apurba Kakati
(Morigaon, Assam)
Post Id: DABP000621