পুৰণি অসমৰ ৰাজবংশসমূহঃ

তোমালোকে ইতিমধ্যে কুমাৰ ভাস্কৰ বৰ্মণৰ নাম শুনিছা। ভাস্কৰ বৰ্মণ কামৰূপৰ ৰজা আছিল। কামৰূপত বৰ্মণ বংশ প্ৰতিষ্ঠা হোৱাৰ আগলৈকে ইয়াৰ ইতিহাস কিছু অস্পষ্ট আছিল বুলি ক'ব পাৰি। পূৰ্বৰ শাসকসকলৰ ৰাজ ক্ষমতা সীমিত আছিল। বিভিন্ন সমলৰ পৰা জানিব পাৰি যে, নৰকাসুৰেই কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা। তেওঁ পূৰ্বৰ ৰজা ঘটকাসুৰক হত্যা কৰি কামৰূপৰ সিংহাসনত অধিষ্ঠিত হৈছিল। কথিত আছে যে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ যোৱা বাটতো পোন প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰাইছিল। পিছে নৰকাসুৰৰ পৰৱৰ্তী ৰজাসকলৰ বিষয়ে বিতংকৈ জনা নাযায়। তথাপিও ভগদত্ত, বজ্ৰদত্তই নৰকাসুৰৰ পাছত ক্ৰমান্বয়ে কামৰূপৰ সিংহাসন আৰোহণ কৰিছিল বুলি জনা যায়। দুৰ্যোধনৰ আমন্ত্ৰণক্ৰমে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ সপক্ষে যুদ্ধ কৰিছিল। গুৱাহাটীত থকা দীঘলীপুখুৰীতো ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দোৱাইছিল বুলি কোৱা হয়।

বৰ্মণ বংশ ঃ

বর্মণ বংশ ও আমি আগৰ পাঠৰ পৰা জানিব পাৰিছোঁ যে আনুমানিক চতুর্থ শতিকাত গুপ্তসকলে উত্তৰ ভাৰতত এক প্রধান ৰাজনৈতিক শক্তি স্বৰূপে প্রতিষ্ঠা লাভ কৰিছিল। সেই একেই সময়তে কামৰূপত বর্মণবংশৰ অভূদয় ঘটিছিল। উল্লেখ্য যে এই ৰাজবংশই কামৰূপত প্রায় ৩০০ বছৰ কাল ৰাজত্ব কৰিছিল। পুষ্য বর্মণ এই বংশৰ প্রতিষ্ঠাতা আৰু কুমাৰ ভাস্কৰ বৰ্মণ শ্রেষ্ঠ ৰজা। উল্লেখ আছে যে, ভাস্কৰ বর্মণৰ সৈতে উত্তৰ ভাৰতৰ সম্রাট হর্ষবর্ধনৰ সু-সম্পর্ক আছিল। হর্ষবর্ধনৰ ৰাজত্বকালতে হিউৱেন চাং নামৰ এজন বৌদ্ধ পব্রিাজক ভাৰতলৈ আহিছিল। তেওঁ ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্পর্কে চর্চা কৰিছিল । তােমালােকে হয়তাে জানি ভাল পাবা যে, ভাস্কৰ বৰ্মৰ্ণৰ অনুৰােধত হিউৱেন চাঙে কামৰূপতাে ডুৰি তামৰ ফলি আহি কিছুকাল থাকে। এই বিষয়ে তেওঁ চিউ কি নামৰ পুথিত উল্লেখ কৰি গৈছে। ভাস্কৰ বৰ্মণে কামৰূপৰ সিংহাসন আৰােহণ কৰা সময়ৰ পৰা কামৰূপত ভাস্কৰাব্দ’নামৰ এটি নতুন সময় সূচীৰ প্রচলন হয়। ডুবি’আৰু নিধানপুৰতামৰ ফলি ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত খােদিত কৰা হৈছিল।

হিউৱেন চাঙৰ টোকাত কামৰূপৰ বৰ্ণনাঃ

চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়তে ভাস্কৰ বৰ্মণে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনায়। ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেন চাং কামৰূপলৈ আহে আৰু প্ৰাৰ এমাহ কাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা 'চি-ইউ-কি' নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে। এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰোঁ। হিউৱেন চাঙৰ টোকা মতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় সোতৰশ মাইল আছিল। ইয়াৰ লোকসকল সহজ-সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকল স্মৃতি-শক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা। ইয়াৰ লোকসকলে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল। তেওঁলোকে দেৱ-দেৱীৰো পূজা কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ইয়াত নাছিল। ভাস্কৰ বৰ্মণ এজন গুণী-জ্ঞানী ৰজা আছিল। তেওঁ বৌদ্ধ নাছিল যদিও এই ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল আছিল। দূৰ-দূৰণিৰ পণ্ডিতসকলক ভাস্কৰ বৰ্মণে নিজ ৰাজ্যলৈ আমন্ত্ৰণ কৰি শ্ৰদ্ধা দেখুৱাইছিল। প্ৰাগজ্যোতিষপুৰ ৰাজ্য পবৰ্তমালাৰে সুৰক্ষিত আছিল। এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল। উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীনদেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল।

শালস্তম্ভ বংশঃ

বর্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে। উল্লেখ আছে যে, এই বংশৰ ২১ জন ৰজাই কামৰূপত প্রায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্রতিষ্ঠাতা শালস্তম্ভই কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত ইৎচিং ’ নামৰ এজন চীনা পৰিব্রাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত সেই সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ (বর্তমান বিহাৰ) বিস্তৃত আছিল বুলি উল্লেখ পােৱা যায়। শালস্তম্ভসকলৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যই সকলাে দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল। শালস্তম্ভ বংশৰ ৰজাসকলে বিদ্বান লােকক সমাদৰ কৰিছিল। তেওঁলােক নিজে শৈৱপন্থী আছিল যদিও তান্ত্রিক ধর্ময়য়া তেওঁলােকৰ ৰাজত্ব কালতে প্ৰসাৰতা লাভ কৰিছিল। উল্লেখ আছে যে শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকাৰ সময়ছােৱাত দাক্ষিণাত্যৰ পৰা নব্য হিন্দু ধৰ্মৰ প্ৰৱর্তক শংকাৰাচার্য কামৰূপলৈ আহিছিল। কামৰূপত তেওঁ পণ্ডিত অভিনৱ গুপ্তৰ লগত তর্ক যুদ্ধত লিপ্ত হৈছিল। শালস্তম্ভ ৰাজবংশৰ ৰজাসকল বিভিন্ন মঠ-মন্দিৰ নিৰ্মাণ আৰু প্ৰজাহিতকৰ কামকাজ কৰাৰ ক্ষেত্ৰত আগবঢ়া আছিল। কলিঙ্গ, কৌশল, গৌড় আদি ৰাজ্যসমুহ তেওঁলােকৰ অধীনত থকাৰ সময়ত সেই ঠাইবােৰৰ পৰা যথেষ্ট সংখ্যক স্থাপত্যবিদ, গুণী জ্ঞানী মানুহক কামৰূপলৈ আনিছিল। তাৰে কিছু সংখ্যকক ৰাজ্যখনত নিগাজীকৈ থাকিবলৈ অনুমতিও দিছিল। শালস্তম্ভ ৰজাসকলৰ এনেবােৰ কাৰ্যই অসমীয়া সভ্যতা-সংস্কৃতিৰ শ্ৰীবৃদ্ধিত যথেষ্ট সহায়ক হৈছিল।

পালবংশঃ

শালস্তম্ভসকলৰ পাছত পাল নামৰ আন এটি ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে।ব্ৰহ্মপাল এই ৰাজবংশৰ প্রতিষ্ঠাতা বুলি জনা যায়। এওঁলােকৰ ৰাজ্যৰ ৰাজধানী দুর্জয়নগৰ আছিল বুলি উল্লেখ পােৱা যায়। এই নগৰখন ৰজা ৰত্নপালে প্রাগজ্যোতিষপুৰত নতুনকৈ স্থাপন কৰিছিল। এওঁলােকে কামৰূপত দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজ ভাগলৈ শাসন কৰিছিল। পালসকলৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিবলৈ পােৱা যায়। শালস্তম্ভসকলৰ দৰে পাল সকলাে যােদ্ধা জাতি আছিল। পিছে তেওঁলােকে সিমান ৰাজ্য জয় কৰা নাছিল। পাল ৰাজবংশৰ ৰজাসকল নিজে বিদ্যানুৰাগী আছিল আৰু ব্রাহ্মণসকলক ভূমিদান কৰি ৰাজ্যখনত জ্ঞান চর্চাৰ এক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিছিল। গুণী-জ্ঞানী লােকসকলক সততে স্থানীয় লােকসকলৰ মাজত বসতি কৰিবলৈ উৎসাহ যােগাইছিল। তেওঁলােক হৰ গৌৰীৰ উপাসক আছিল। বেপাৰ বাণিজ্যত তেওঁলােকে গুৰুত্ব দিছিল।


Class 7 Social Science 

Type: Nayan Moni Deka