আমিষ খাদ্যৰ ভিতৰত পৃথিৱীত অতিকৈ জনপ্ৰিয় তথা স্বাস্থ্যবৰ্ধক এবিধ আহাৰ হৈছে মাছ। কম চৰ্বি, হাই প্ৰটিন আৰু অ'মেগা-৩ ফেটি এচিডৰ ই এটা প্ৰধান উৎস। ইয়াৰ লগতে মাছত খাদ্যপ্ৰাণ, খনিজ লৱণ আৰু অন্য পোষক পদাৰ্থ পোৱা যায়,যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। সেয়ে দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনত শক্তিশালী হৈ থাকিবলৈ জানো আহক মাছৰ কেইটামান বিশেষ স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে....

(১) মাছত পোৱা অমেগা-৩ ফেটি এচিডে শৰীৰৰ হৃদয় আৰু ধমনী অংশ শক্তিশালী কৰি তোলে। ই ধমনীবিলাকত তেজ গোট মৰাত বাধা প্ৰদান কৰে।

(২) মাছে শৰীৰত জমা হোৱা শৰ্কৰাজাতীয় পদাৰ্থ ভাঙি পেলায়। সেয়ে মাছৰ তেল খোৱাৰ লগতে নিয়মিত ৰুপত ব্যায়াম কৰিলে শৰীৰৰ বৰ্ধিত মেদ হ্ৰাস পায়।

(৩) মাছ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ অন্য সমস্যাও দূৰ হয়। সপ্তাহত অন্ততঃ দুদিন মাছ খাব পাৰিলে শৰীৰত অমেগা-৩ ফেটি এচিডৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ দ্বাৰা চকুৰ বিষ আঁতৰে আৰু মাংসপেশীবোৰ শক্তিশালী হয়।

(৪) মাছ খালে শৰীৰৰ ছালত বৰ্ধিত বয়সৰ চাপ পলমকৈ পৰে আৰু সূৰ্য্যৰ প্ৰখৰ তাপৰ পৰা হোৱা ক্ষতিৰ পৰাও অব্যাহতি পোৱা যায় ।

(৫) মাছত উপলব্ধ অমেগা-৩ ফেটি এচিডে মস্তিষ্কৰ অৱসাদ আৰু দূঃচিন্তা দূৰ কৰে। ই মগজুৰ তীক্ষ্ণতা বৃদ্ধি কৰাৰ লগতে কম স্মৃতিশক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে বিশেষ উপযোগী ।

লিখক
ৰিদিপ ৰঞ্জন চেতীয়া
ডিব্ৰুগড়, অসম



Post Id: DABP000352