বাখ্যা কেনেকৈ কৰিব লাগে


বাখ্যা কৰোঁতে সাধাৰণতে তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে।


প্ৰথম স্তৰ
প্ৰসংগ- ইয়াত বাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা,পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মুল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে।

দ্বিতীয় স্তৰ

সংগতি- সংগতিত বাখ্যা কৰিবলৈ দিয়া কথখিনি কোনে, কেতিয়া, কাক, কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে।

তৃতীয় স্তৰ
বাখ্যা- এই স্তৰত বাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূলভাব সহজ-সৰল ভাষাত বুজাই লিখিব লাগিব।  পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ দিলে একেবাৰে তলত কঠিন শব্দৰ অথ দিব লাগে।

উদাহৰণ স্বৰুপে- কহয় মাধৱ মাই কিনু তপসাইলা।
            ত্ৰিজগত পতি হৰি ৰখোৱাল পাইলা।।

প্ৰসংগ- উক্ত পদফাকি আমাৰ পাঠ্যপুঠি নতুন পাঠ সপ্তম ভাগৰ তেজৰে কমলাপতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । ব্ৰজাৱলী ভাষাৰ এই বৰগীতাংশ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত।

সংগতি- ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম-সুদামেও শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে । শ্ৰীকৃষ্ণ কিন্ত গভীৰ নিদ্ৰাত । দাম-সুদাম আদিয়ে ইতিমধ্যে গৰু মেলাৰ কথা কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্ৰসংগতে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে।


ব্যাখ্য- শ্ৰীকৃষ্ণ পূণব্ৰক্ষ ঈশ্বৰ । ধৰ্মৰ গ্লানি দূৰ কৰি সাধুসকলৰ পৰিত্ৰাণাথে তেওঁ মানৱী জনম লৈছে আৰু নন্দ-যশোদাৰ ঘৰত পুত্ৰৰুপে আছেহি।স্বৰ্গ, মত্য, পাতালৰ অধিকাৰি ভগৱান শ্ৰীকৃষ্ণক যশোদাই আনসকলৰ লগত গৰখীয়া ৰুপে পঠিয়াব খোজাত কবিয়ে কৈছে যে বহু সাধনৰ বলতহে যশোদাই শ্ৰীকৃষ্ণক পুত্ৰ ৰুপে পাইছে। মহাৰপুৰুষ মাধৱদেৱে কৈছে যাক পাবলৈ দেৱ-নৰ সকলোৱে হামৰাও কাঢে, সেই পৰমপুৰুষক যশোদাই গৰখীয়া ৰুপে অশেষ তপস্যাৰ ফলত লাভ কৰিছে।


Apurba Kakati
(Morigaon, Assam)




Post Id: DABP000852