Poem Mood Image

.....নিলাজ ফাগুন.....

নৈপৰীয়া আজাৰজোপাত
আটি আটি বান্ধি থওঁ
খৰাং বুকুখন
এছাটি মলয়াই জনাব নে
নিলাজ ফাগুনৰ আগমন...
জাজৰিত চাকৈ চকোৱাৰ
প্ৰেমৰ আলাপ
সুখ-দুখৰ সকলো আৱৰণ খুলি
বোৱাই নিব যেন গোপনে
খৰাং হৃদয়ৰ উত্তাপ
অনুভৱৰ নঙলা মেলি
নামি আহিল দুষ্ট ফাগুন
পলাশৰ ৰঙত ৰাঙলী হ'ল
কজলা সপোন
পোৱালি মেলা বাটত
মদাৰে দলিচা পাৰে
উন্মনা গাভৰুৰ কলিজা দহে
ফাগুনে কিনো মায়া সানে
সোনাৰুফুলীয়া ৰিহাৰ ভাঁজত
সপোনে ওমলে ...।।।

✍️ বৰ্ণালী হেমন্ত শ্যাম
দৈমুখীয়া চাহ বাগিচা । ডুমডুমা তিনিচুকীয়া -
🎉 282k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ