পাঠ ২০

কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ



১) প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা।
উত্তৰঃ প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত যথেষ্ঠ প্ৰভাৱ পেলাইছে। প্ৰযুক্তিৰ জ্ঞানে মানুহৰ শাৰিৰীক কষ্ট লাঘৱ কৰাৰ লগতে মূল্যবান সময়ো ৰাহি কৰিছে। কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তি ব্যৱহাৰৰ ফলত উৎপাদন আগতকৈ বৃদ্ধি পাইছে আৰু এইবোৰ খণ্ডত নিয়োজিত মানুহৰ আৰ্থসামাজিক দিশতো প্ৰভাৱ পৰিছে। কৰ্মসংস্থাপন বৃদ্ধি পাইছে তথা জীৱন যাত্ৰাৰ মান উন্নত হৈছে।


২) কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে?
উত্তৰঃ কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত তলত দিয়া ধৰণৰ পৰিৱৰ্তন দেখা গৈছে- 

১) কৃষিখণ্ড
   (ক) আজিকালি কৃষিকাৰ্য কৰিবলৈ নলী নাদৰ যোগেদি পৰম্পৰাগত পানীযোগান ব্যৱহাৰত কৈ জলসিঞ্চনৰ বহুল ব্যৱহাৰ দেখা যায় যাৰ বাবে কৃষকে বছৰৰ সকলো সময়তে খেতি কৰিব পৰা হয়।

       (খ) কীটনাশক বা তৃণনাশক দ্ৰব্য়বোৰ ক্ষতিকাৰক যদিও সেইবোৰ বহুল ব্যৱহাৰৰ ফলত শস্য উৎপাদন বৃদ্ধি হৈছে আৰু খেতিত ক্ষয় ক্ষতিৰ পৰিমাণ কমিছে।
(হাল, কোৰ, নাঙলৰ পৰিবৰ্তে টেক্টৰ ,পাৱাৰ টিলাৰ আদি ব্যৱহাৰৰ ফলত- 

      (গ) কম সময়ত অধিক মাটি চহাব পৰা গৈছে।

      (ঘ) উন্নত প্ৰজাতিৰ বীজ ব্যৱহাৰৰ ফলতো কৃষি উৎপাদন বৃদ্ধি হৈছে। 

      (ঙ) বন নিকোৱা, শস্য কটা, মৰণা মৰা যন্ত্ৰবোৰৰ ব্যৱহাৰে কৃষকৰ শাৰীৰিক শ্ৰম লাঘৱ                 কৰিছে। 

     (চ) গৰু, হাঁহ, মুৰ্গী, মীন পালনৰ ক্ষেত্ৰটো নতুন প্ৰযুক্তি ব্যৱহাৰৰ ফলত উৎপাদন বৃদ্ধি                 পাইছে। এইবোৰ ক্ষেত্ৰত মানুহৰ কৰ্মসংস্থাপনো আগতকৈ বৃদ্ধি পাইছে। 

     (ছ) “শীতল ভঁৰাল” আৱিষ্কাৰ হোৱাৰ ফলত উৎপাদিত শস্যবোৰ নষ্ট নোহোৱাকৈ বহু                     দিনলৈ থৈ দিব পৰা যায়।

২) উদ্যোগখণ্ড
        (ক) উদ্যোগবোৰত ন ন যন্ত্ৰপাতি ব্যৱহাৰ হোৱাৰ বাবে কম সময় আৰু কষ্টত অধিক                     সামগ্ৰী উৎপাদন সম্ভৱ হৈছে।
        (খ) কাৰিকৰী দিশত যন্ত্ৰপাতিৰ জৰিয়তে আগতকৈ উন্নতমানৰ সা সামগ্ৰীৰ উৎপাদন                     হৈ আহিছে।
       (গ) নতুন নতুন ঠাইত উদ্যোগবোৰ স্থাপন হৈছে আৰু সেইবোৰত কৰ্মসংস্থাপন                             বাঢ়িছে।

৩) কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে?
উত্তৰঃ কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে তলত উল্লেখ কৰা  ব্যৱস্থাসমূহ গ্ৰহণ কৰে -
  • কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে।
  • আগৰ নাঙল, হাল, কোৰ, যুঁৱলি, মৈ ইত্যাদি লৈ খেতি কৰা কৃষকে আজিকালি ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে। 
  • বজাৰত উপলব্ধ বা চৰকাৰী ভাৱে পোৱা উন্নত জাতৰ বীজ আজিকালি খেতিয়কে ব্যৱহাৰ কৰে।
  • জলসিঞ্চনৰ বহুল ব্যৱহাৰ দেখা যায় যাৰ বাবে কৃষকে বছৰৰ সকলো সময়তে খেতি কৰি লাভম্বিত হোৱা দেখা গৈছে।



৪) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা ।

উত্তৰ- অসমৰ বিভিন্ন ঠাইত অৱস্থিত উদ্যোগবোৰ হৈছে-
  • চিমেণ্ট উদ্যোগ- বোকাজান
  • কাঁহ পিতলৰ উদ্যোগ- সৰ্থেবাৰী
  • জুইশলা উদ্যোগ- ধুবুৰী
  • কাগজ কল- জাগীৰোড
  • মৰাপাটৰ উদ্যোগ- শিলঘাট
  • পেট্ৰ’কেমিকেল প্ৰকল্প- নামৰুপ, বঙাইগাওঁ
  • চেনীকল- বৰুৱাবামুন গাওঁ
  • অসমৰ তেল শোধানাগাৰ - ডিগবৈ, নুনমাটি (গুৱাহাটী), বঙাইগাওঁ, নুমলীগড়, দুলীয়াজান।


৫) ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হব পাৰি লিখা।
উত্তৰঃ ইণ্টাৰনেট সেৱাৰ জৰিয়তে এতিয়া মানুহে ঘৰতে বহি দেশ-বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে। ইয়াৰ দ্বাৰা বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি। মনোৰঞ্জনৰ বিভিন্ন কাৰ্যসূচীও এই সেৱাৰ যোগেদি লাভ কৰিব পাৰি। ই-মেইল আদি ব্যৱস্থাৰ যোগেদি এতিয়া নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলৈ যিকোনো খবৰ, তথ্য, স্থিৰ ছবি, বা ভিডিঅ প্ৰেৰণ কৰিব পাৰি।


৬) চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা। সেইবোৰৰ সহায়ত কি কৰা হয় শিক্ষকৰ সহায়ত জানি লোৱা।
উত্তৰ- 
  • থাৰ্মোমিটাৰ- শৰীৰৰ উষ্ণতা জোখা হয়। 
  • স্টেথ’স্কোপ- হৃদযন্ত্ৰ স্পন্দন জোখা হয়।
  • আল্ট্ৰা চাউণ্ড- শৰীৰৰ ভিতৰৰ জীৱন্ত ছবি নীৰিক্ষণ কৰা হয়
  • এক্স’ ৰে’- এবিধ বিশেষ ধৰণৰ ৰশ্মি ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰৰ কঠিন অংশ ( যেনে-হাড়, দাঁত) ৰ ছবি লোৱা হয়।
  • চি টি স্কেন- কম্পিউটাৰ আৰু এক্স ৰে সমাহাৰ থকা এই যন্ত্ৰৰ দ্বাৰা শৰীৰৰ ভিতৰৰ কোনো অংশ নিৰীক্ষণ কৰিব পাৰি।
  • এম আৰ আই- এবিধ যন্ত্ৰ, যাৰ জৰিয়তে বৈদুতিক তৰংগ পাৰ কৰি মগজুৰ ছবি লোৱা হয়।

৭) প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থালৈ অনা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ- প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থা পূৰ্বতকৈ অধিক পৰিমাণে সুচল আৰু খৰকটীয়া কৰি তুলিছে। চকাৰ আৱিষ্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান বাহন প্ৰস্তুত কৰি লব পৰা হ’ল। যেনে- চাইকেল , ৰিক্সা, মটৰ গাড়ী, ৰেলগাড়ী আদি। উৰাজাহাজ, বিদ্য়ুৎ চালিত ৰে’ল, মেট্ৰ’ ৰে’ল আদিৰ সহায়ত নিমিষতে বহুদূৰ বাট অতিক্ৰম কৰিব পৰা যায়। ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদি জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিবহন কৰিব পাৰি।

৮)কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে শিক্ষকৰ সহায়ত আলোচনা কৰি লিখা ।
উত্তৰ- কম্পিউটাৰ শিক্ষা প্ৰসাৰৰ এক অন্যতম মাধ্যম।  ইয়াত বিভিন্ন বিষয়ৰ তথ্যপাতি বোৰ বহু দিনলৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। তথ্যপাতি মজুত কৰি ৰাখিবলৈ ইয়াত কেতিয়াও ঠাইৰ অভাৱ নহয়। ছাত্ৰ ছাত্ৰীয়ে প্ৰকল্প, ছেমিনাৰ আদি শৈক্ষিক কামকাজবোৰ কাগজ পত্ৰ খৰচ নকৰাকৈ কম্পিউটাৰ মাধ্যমেৰে সহজে কৰিব পাৰে। লেপটপ, নোটপেড আদি আৱিষ্কাৰ হোৱাৰ পিছত কিতাপ-পত্ৰবোৰ কঢ়িয়াই নিব লগীয়াৰ দৰে হোৱা কষ্টবোৰ দূৰ হ’ল। এই সুবিধাসমূহৰ বাবেই আধুনিক যুগত শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বহুলভাৱে ব্যৱহাৰ হৈ আহিছে।

ঠিক তেনেদৰে প্ৰজেক্টৰৰ জৰিয়তে আজিকালি শিক্ষাদান  সহজ হৈ পৰিছে। সাধাৰণ শ্ৰেণীকোঠাৰ পাঠদানৰ লগতে ছেমিনাৰ আদিত ইয়াক ব্যৱহাৰ কৰিব পাৰি। পৰম্পৰাগত পদ্ধতিৰ পাঠদানতকৈ প্ৰজেক্টৰৰ জৰিয়তে শ্ৰাব্য দৃশ্যৰ মাধ্যমত পাঠ/বিষয় উপস্থাপন হোৱাৰ বাবে ই শিক্ষাৰ্থীক অধিক আকৃষ্ট কৰে ǀ

৯) খালী ঠাই পূৰ কৰা-

(ক) উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে                অধিক ফচল উৎপাদন হয়।

(খ) বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজভাৱে সংৰক্ষণ         কৰিব পাৰি।

(গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু               সংৰক্ষণ  কৰিব পাৰি।

(ঘ) কৃত্ৰিম উপগ্ৰহ হ’ল  পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত           স্থাপিত কৰা এটা যন্ত্ৰ।



Answered by Ranjit Vikash Setia 

Last Update By Dipawali Bora (03.05.2022)



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------