👉Question and Answer

    👉MCQ Online Exam Click Here

    👉Book PDF Download

    👉Click Here YouTube Video

    👉Chapter 22 MCQs Answer

পাঠ ২২ 

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ 


ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।

উত্তৰঃ গণতন্ত্ৰৰ এটা নীতি হল- স্বাধীনতা।


খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?

উত্তৰঃ যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে।


গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।


২) উত্তৰ দিয়া-

ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি?

উত্তৰঃ পোনপটীয়া বা আওপকীয়াকৈ সকলো লোকে দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়।


খ) নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি?

উত্তৰঃ বৰ্তমান ভাৰতীয় নাগৰিকৰ ৬টা মৌলিক অধিকাৰ আছে সেইবোৰ হৈছে- 

১) সমতাৰ অধিকাৰ

২) স্বাধীনতাৰ অধিকাৰ

৩) শোষনৰ বিৰুদ্ধে অধিকাৰ

৪) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

৫) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

৬) ধৰ্মীয় অধিকাৰ।


গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

    ১) বৃক্ষ ৰূপণ কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা।

    ২) পঢ়ি-শুনি শিক্ষা লাভ কৰি দেশৰ উন্নতিৰ বাবে নানান যন্ত্ৰ-পাতি আৱিস্কাৰ কৰা।


ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।

উত্তৰঃ

১) বিনা কাৰণত গছ বন কটা বন্ধ কৰিব পাৰো।

২) বৃক্ষ ৰোপণ কৰিব পাৰো।

৩) বনৰীয়া জীৱ জন্তুৰ কোনো অপকাৰ নকৰা।

৪) প্লষ্টিক,পলিথিন জাতীয় প্ৰদূষক বোৰ হাবি বা মুকলি ঠাইত পেলোৱাৰ পৰা বিৰত থাকিম।

৫) অবাবত বিকট শব্দ আদি সৃষ্টি নকৰো।

৬) মানুহৰ মাজত পৰিবেশৰ প্ৰতি সজাগতা আনিম।


ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ

১) নিজৰ মনৰ ভাব আনৰ আগত প্ৰকাশ কৰিব পাৰো।

২) মুকলিভাৱে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিব পাৰো।


৩) খালী ঠাই পূৰ কৰা-

ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যটো মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।

খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয়।

গ) ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ।

ঘ) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।


৪) হেক্টৰৰ কাহিনীটো পঢি কৃষ্ণাঙ্গ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল লিখা।

উত্তৰঃ 

১) দক্ষিণ আফ্ৰিকাত কৃষ্ণাঙ্গসকল সমতাৰ অধিকাৰৰ পৰা বঞ্চিত আছিল। (বৰ্ণ বৈষম্যৰ প্ৰচলন আছিল)।

২) তেওঁলোক মুকলিভাৱে এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিব নোৱাৰিছিল। এটা শ্ৰেণীৰ লোকে আন এটা শ্ৰেণীৰ লোকৰ মাজত মিলামিছা কৰিব নোৱাৰিছিল। অৰ্থাৎ তেওঁলোক স্বাধীনতাৰ অধিকাৰৰ পৰাও বঞ্ছিত আছিল।

৩) শ্বেতাঙ্গসকলে কৃষ্ণাঙ্গসকলক বলপূৰ্বক নিজ অন্য ভাষাৰ বিপৰীতে অন্যভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। অৰ্থাৎ কৃষ্ণাঙ্গসকলৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰো নাছিল।


৫) দলগত কাৰ্য-

১) আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা।

উত্তৰঃ গণতান্ত্ৰিক দেশ এখনত মৌলিক কৰ্তব্য অতি প্ৰয়োজনীয়। গণতন্ত্ৰত নাগৰিকে নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে এই কৰ্তব্য সমুহ পালন কৰে যদিও ইয়াৰ দ্বাৰা সমূহীয়া ভাৱে দেশৰো স্বাৰ্থ ৰক্ষা হয়। মৌলিক কৰ্তব্য পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একাত্মবোধ তথা স্বদেশপ্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা-সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিবেশ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা দায়িত্ববোধৰ কথাও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যৰ ক্ষেত্ৰত বিশেষ আইনগত বাধ্যবাধকতা দেখা নাযায়। সেই বুলি এইবোৰ মূল্যহীন নহয়। মৌলিক কৰ্তব্যসমূহ পালন কৰোতে নাগৰিক সকলে নিজৰ বিবেক-বুদ্ধিৰ প্ৰয়োগ কৰা উচিত। ইয়াৰ লগতে তেওঁলোকৰ কৰ্তব্যপালনৰ সময়ত আনৰ স্বাৰ্থ যাতে ব্যাহত নহয় সেই ক্ষেত্ৰত সদাসচেতন হোৱা উচিত।



Answered by Hiru Moni Bora

Last Update by Dipawali Bora (03.05.2022)

Check by- Mukesh Borah



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------