অধ্যায় ২
হাঁহি

১) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢী আইৰ সাধুৰ পৰা যিকোনো এটা সাধু কোৱা।
২) পাঠটো পঢি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা।
(ক) আমাৰ সমাজত কোনে কাৰ আগত আৰু কি কাৰণে হাঁহিব নাপায় লিখা।
(খ) লেখকে ভাওনা চাবলৈ যাওঁতে কিয় হাঁহিছিল আৰু হহাঁৰ বাবে কি ঘটনা ঘটিছিল নিজৰ কথাৰে চমুকৈ লিখা।
৩) কোনো বিশেষ পৰিস্হিতিত কাৰোবোৰ আগত হাঁহি তুমি প্ৰসংশা অথবা গৰিহণাৰ পাত্ৰ হৈছা যদি বণনা কৰা।
৪) ভাব বহলাই লিখা।
এপাচি শাকত এটা জালুক।
৫) বিভিন্ন খহুটীয়া গল্প,কাহিনীৰ কিতাপ যেনে- বেজবৰুৱাৰ খহুটীয়া নাট,গোপাল ভৱৰীয়াৰ সাধু,নিংনি ভাৱৰীয়াৰ সাধু, বীৰবলৰ সাধু,নাছিৰুদ্দিন মোল্লাৰ সাধু আদি সংগ্ৰহ কৰি পঢা আৰু শ্ৰেণীত উপস্হাপন কৰা।
৬) শব্দ অথ শিকা।
শব্দ   -    অথ
বেঁকেটামুৱা-  বেকামুৱা,বেঁকামুখযুক্ত,ভেঙুৰা-মুৱা।
নিঘাত – বজ্ৰপাত, অব্যথ, অমোঘ,নিশ্চিত।
প্ৰকোপিত – উত্তেজিত, উগ্ৰ,বৰ চোকা, বৰকৈ খঙ উঠা, প্ৰবল, প্ৰখৰ।
চেলেপু – ভাল-বেয়া নিবিচাৰি মুখত যি আহে তাকে কোৱা।
দৈৱাত – অকস্মাত, কপালৰ ফেৰত, দুবিপাকত।
নিৰানন্দ – আনন্দ শূন্য, বিমষ, মন মৰা।
বিৰোধ – শত্ৰুতা, অমিল, দ্ধন্দ্ধ, বিপক্ষতা।
কাচিত – কেতিয়াবা
ৰাজ-মেধি – বৰ- মেধিতকৈ ডাঙৰ সত্ৰৰ বিষয়া।
উচ্চহাস্য – শব্দ কৰি হঁহা, বৰ ডাঙৰকৈ হঁহা ।
বিপক্ষবাদী – বিৰোধী লোক,মতৰ অমিল থকা লোক।
বিদূৰ – অধিক দূৰত থকা, বহুৰ দূৰ ঠাই।
কুস্মণ্ড – কোমোৰা, চঞ্চল দুষ্ট প্ৰকৃতিৰ লোক।
চিলিমছিগা – সকলো উপায় বা আশা নষ্ট হোৱা।
উহ – উস, গুপ্ত কথাৰ উৱাদিহ, তলৰ পৰা স্বাভাৱিকতে পানী ওলোৱা বাট বা বিন্ধা
৭) তলৰ  শব্দবোৰৰ বিপৰীত অথ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা।
- নিৰস,আনন্দ, সুখ, ভূল,অগ্ৰগতি
৮) ভাৰতীয়ই মন খুলি হাঁহিবলৈ পাহৰাৰ কাৰণবোৰ কি কি লেখকে সেইবোৰ কি যুক্তিৰে খণ্ডন কৰিছে লিখা।
৯) অভিনয় (কেৰিকেচাৰ) কৰি দেখুওৱা ।
খিলখিলিয়া হাঁহি, মিচিকীয়া হাঁহি, লাজকুৰীয়া হাঁহি, ঈষত হাঁহি, কুটিল হাঁহি, অট্ৰহায্য।
১০) অনুশীলন কৰা আৰু বিদ্যালয়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা।
কোনে কিমান সময় শব্দ কৰি হাঁহিব পাৰে
১১)শ্ৰেণীকোঠাত পাঠদান চলি থকা অৱস্হাত আৰু বিদ্যালয়ৰ সভা-সমিতি, আলোচনা আদিত তোমাৰ আচৰণ আৰু অংশগ্ৰহণ কোনে হোৱা উচিত লিখা।
কৌতুক শুনি হাঁহো আহা।
             (ক)
দেউতাঃ কাইলৰ পৰা তোমাৰ পৰীক্ষা অনুষ্ঠিত হব। তুমিৰ বাৰু সাজোনে
অৰুণঃ হয় দেউতা।মই মোৰ কাপোৰ ইস্ত্ৰি কৰি থৈছোঁ, জোতাও চিকমিকীয়া কৰি লৈছোঁ,কলমত চিয়াঁহী ভৰাই লৈছোঁ। এতিয়া মাত্ৰ পঢ়া-শুনাহে বাকী আছে।
             (খ)
শিক্ষকঃ মানসী তুমি মেপত উত্তৰ আমেৰিকাখন দেখুৱাই দিয়াচোন।
মানসীঃ (মেপত দেখুওৱাই)এয়া ছাৰ।
শিক্ষকঃ দীপক, তুমি কোৱাচোন উত্তৰ আমেৰিকা কোনে আৱিস্কাৰ কৰিছিল
দীপকঃ মানসীয়ে ছাৰ।



Post Id: DABP000856

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------