তেজৰে কমলাপতি

তেজৰে কমলাপতি পৰভাতে নিন্দ।

তেৰি চান্দ মুখ পেখোঁ উঠৰে গোৱিন্দ।।

পদ- ৰয়নী বিদূৰ দিশ ধৱলি বৰণ।

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।

শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।

ব্ৰজবধূ দধি মথে তুৱা গুণ গাই।।

দাম-সুদাম ডাকে তেৰি লৈয়া নাম।

হেৰ দেশ উঠিয়া আসিল বলৰাম।।

নন্দ গেল বাখানে গোৱাল গেল পাল।

সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।

ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু।

সকালে মেলিয়ো বস হাম্বালাৱে ধেনু।।

কহয় মাধৱ মাই। কিনু তপসাইলা।

ত্ৰিজগত পতি হৰি ৰখোৱাল পাইলা।।

জানি লোৱা

বৰগীত- বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা ৰাম- কৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত । মহাপুৰুষ মাধৱদেৱৰ বৰগীতত কৃষ্ণৰ বাল্য-কালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে। এই বৰগীতবোৰৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। এই গীত পৰিৱেশন কৰোঁতে খোল, তাল আৰু মৃদংগ বজোৱা হয়। গীতবোৰ পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয়।

ব্ৰজাৱলী ভাষা- ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ভাষা। ই মৈথেলী, অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা ভাষা । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ অন্য  নাম ব্ৰজবুলি ভাষা।

২) তেজৰে কমলাপতি বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যটি বৰ্ণনা কৰা।


অৰ্থ জানি লোৱা


শব্দ                     অৰ্থ

তেজৰে--------- এৰা,ত্যাগ কৰা


কমলাপতি-------লক্ষ্মীপতি,বিষ্ণু,ভগৱান

পৰভাত--------প্ৰভাত, পুৱা

নিন্দ----------টোপনি,ঘুমটি

চান্দ----------চন্দ্ৰ,জোন

পেখোঁ---------দেখোঁ, চাওঁ

ৰয়নী---------ৰজনী, ৰাতি

হাম্বালাৱে-------হেম্বলিয়ায়

ধেনু----------পোৱালি হোৱা গাই খীৰতী গাই

তেৰি---------তোৰ/তোমাৰ

উঠৰে---------উঠা

গোৱিন্দ--------শ্ৰীকৃষ্ণৰ অন্য এটা নাম

ধৱলি---------বগা

বৰণ---------বৰ্ণ, ৰং

ৰবি---------সূৰ্য

কিৰণ--------পোহৰ

শতপত্ৰ--------পদুম

বিকশিত-------ফুলা, প্ৰস্ফুটিত

ভ্ৰমৰ---------ভোমোৰা

দধি----------দৈ

তুৱা----------তোৰ/তোমাৰ

গুণ-----------যশস্যা, স্বভাৱ, ধৰ্ম

দাম-সুদাম-------শ্ৰীকৃষ্ণৰ অন্য এটা নাম

ডাকে----------মাতে

লৈয়া----------লৈ

উঠিয়া---------উঠি

আসিল---------আহিল

বলৰাম--------শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম  

নন্দ----------শ্ৰীকৃষ্ণৰ পিতৃ, বৃন্দাবনৰ গোৱালৰ ৰজা

পাল----------গৰু,ম'হ আদিৰ জাক

গোপাল--------শ্ৰীকৃষ্ণৰ আন এটা নাম

ক্ষীৰ----------তপতাই ঘন বা ডাঠ কৰা গাখীৰ

লৱনু----------মাখন, লনী

বেণু-----------বাঁহী, মুৰুলী

সকালে---------পুৱা

মেলিয়ো---------মুকলি কৰা, মেলা

কহয়----------কয়

মাই-----------আই, মা

ত্ৰিজগত---------স্বৰ্গ, মৰ্ত্য় আৰু পাতাল

বিদূৰ----------আঁতৰা, অধিক দূৰত থকা

তিমিৰ---------আন্ধাৰ, তমসা

বাজ-----------বাহিৰ

উৰায়----------উৰে

ব্ৰজবধূ---------ব্ৰজধামৰ বোৱাৰী

বাথান----------গৰু,ম'হৰ খুঁটি

গোৱাল---------গৰু, ম'হ প্ৰতিপালক

সুৰভী----------কামধেনু, ইচ্ছা কৰিলে যিহকে লাগে তাকে দিব পৰা গাই

শিঙা----------শিঙেৰে সজা ফুঁ দি বজোৱা এবিধ বাদ্য-যন্ত্ৰ

বৎস-----------পোৱালি

পতি-----------স্বামী

ৰাখোৱাল--------ৰখিয়া, গৰখীয়া

৪। যশোদাই পুৱা কৃষ্ণক কেনেদৰে জগাইছিল ?

উঃ যশোদাই পুৱা কৃষ্ণক বৰগীত গাই জগাইছিল।

৮। প্ৰসংগ-সংগতি লগাই লগাই ব্যাখ্যা কৰা।

ক) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু।

সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু।।

৯) বেলি মাৰ যোৱা সময়ৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰা।

১০) গোপ-শিশুসকলে গৰু চৰাই তেওঁলোকৰ পৰিয়ালক সহায় কৰিছিল।তোমালোকে কি কি
কাম কৰি তোমালোকৰ পৰিয়ালক সহায় কৰা লিখা

১১)(ক) তলত দিয়া শব্দবোৰৰ আগত বা পাছত পত্ৰ শব্দটো লগ লগাই নতুন শব্দ গঠন কৰা আৰু সেইবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। শত,চিঠি,কাগজ, বন্ধু,লেখক,তাম্ৰ,বাহক,সূচী।

(খ) তলত দিয়া শব্দবোৰৰ আগত ত্ৰি শব্দটো লগালে কি অৰ্থ প্ৰকাশ পায় লিখা। জগত, শূল, ভুজ, কোণ, কাল, নয়ন, মূৰ্তি।

১২) (ক) বৰগীতটোত উল্লিখিত গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তু কেইপদৰ নাম লিখা।

(খ) বৰগীতটোত উল্লেখ থকা বাদ্য-যন্ত্ৰ কেইপদ আৰু কি কি তাৰে এপদৰ বিষয়ে বৰ্ণনা কৰা।

১৪) বিপৰীত লিংগ বুজোৱা শব্দবোৰ মিলাই লিখা।
         পিতা                   মাতা
         পুত্ৰ                বধু
         গোৱাল            গোৱালী/গোৱলনী
         পতি              পত্নী
         বালক             বালিকা
         পুৰুষ              মহিলা





Post Id: DABP000855

Spelling Check By- Rajashri Bora 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------