বিজ্ঞান আৰু আমাৰ মানসিকতা
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
২) উত্তৰ দিয়া।
(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?
উত্তৰঃ ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য়ভাষৰ যোগেদি প্ৰচাৰ হৈছিল।
(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল?
উত্তৰঃ বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে ছিটা লোৱাৰ ভয়ত বিদালয়লৈ অহা নাছিল ।
(গ) বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল?
উত্তৰঃ বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডঃ পায়েং আহিছিল ।
৩) চমু উত্তৰ লিখা।
(ক) ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা ল'লে কি হ'ব বুলি কৈছিল?
উত্তৰঃ ভ্ৰাম্য়ভাষত অহা উৰাবাতৰিটোত ছিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল ।
(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল?
উত্তৰঃ জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্য়ালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰী সকলকো দেখা নাছিল ।
(গ) সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কি কৈছিল?
উত্তৰঃ অন্য় অনুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে । সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাসকৰে। ছিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগ সমূহক দূৰ কৰিব পাৰি ।
(ঘ) উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল?
উত্তৰঃ- উৰাবাতৰিটোৱে ৰতন পুৰগাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ।
(ঙ) প্ৰধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল?
উত্তৰঃ- এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক , ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েংক মাতিছিল আৰু তেওঁ ছিটাৰ বিষয় বুজাই দিছিল।
৪) উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা।
উত্তৰঃ-
শব্দ অৰ্থ
হাত নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা - বেচা কৰা ঠাই।
প্ৰাঙ্গণ চোতাল।
বীজাণু ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱণু ।
সংক্ৰামক এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰা ।
প্ৰতিৰোধ বাধা।
পুস্তিকা সৰু কিতাপ ।
(৫) শংকৰ , তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়
-কথাষাৰ কোনে , কাক আৰু কিয় কৈছিল?
-কথাষাৰ কোনে , কাক আৰু কিয় কৈছিল?
উত্তৰঃ- এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল । যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল ।
৬) উৰাবাতৰিসমুহ সমাজৰ বাবে একপ্ৰকাৰ সোঁচৰা ৰোগ।
- কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা ।
উত্তৰঃ উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সোঁচৰা ৰোগ- এই কথাষাৰৰ মূলভাৱ হৈছে সোঁচৰা ৰোগসমূহ এজনৰ শৰীৰৰ পৰা অন্য় এজনৰ শৰীৰলৈ বিয়পি পৰে। ঠিক একেদৰে উৰাবাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সোঁচৰা ৰোগসমূহে যেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ঠিক তেনেদৰে উৰাবাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰাবাতৰিসমূহৰ ফলতেই মানুহ মৃত্য়ুৰ মুখত পৰিবলগীয়া হয়।
৭) তলৰ বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা ।
দলং - দলং খনত ল'ৰা বোৰে খেলি আছে ।
কলং- কলং এখন নদীৰ নাম ।
শিং- শিং নথকা গৰুক লাউমুৱা বোলে ।
ৰং - ল'ৰা- ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে ।
কলং- কলং এখন নদীৰ নাম ।
শিং- শিং নথকা গৰুক লাউমুৱা বোলে ।
ৰং - ল'ৰা- ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে ।
৮) এটা শব্দত প্ৰকাশ কৰা -
(ক) যি একেলগে পঢ়ে - সহপাঠী ।
(খ) যি জানিবলৈ ইচ্ছা কৰে - আগ্ৰহী ।
(গ) গাঁৱৰ মুখিয়াল- গাওঁ বুঢ়া ।
(ঘ) কাৰো পক্ষ নোলোৱা- নিৰপেক্ষ
(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ - সংক্ৰামক।
৯) বিপৰীতাৰ্থক শব্দ লিখা।
আৰম্ভ- শেষ।
উপস্থিত- অনুপস্থিত।
অপকাৰ- উপকাৰ।
বাদ-অবাদ বা ধৰা ।
দিন- ৰাতি।
মান্তি- অমান্তি।
১০। পঢ়া আৰু দফাটোত থকা ং' আৰু 'ঙ'ৰ ব্য়ৱহাৰ শিকা।
শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টুলুঙা নাও চলে। সেই নাৱত উঠি মাছমৰিয়াই মাছ মাৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে।
জানো আহা-
উৰাবাতৰিঃ বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হােৱা অপ্রামাণিক উৎসৰপৰা ওলােৱা আৰু সত্যাসত্য নিৰূপণ নােহােৱা তথ্য বা খবৰক উৰাবাতৰি বােলে ।
উৰাবাতৰি মৌখিক বা লিখিত দুয়ােধৰণৰে হ'ব পাৰে । উৰাবাতৰি মানুহৰ মুখে মুখে, বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে বিয়পি পৰে । এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিয়পা উৰাবাতৰিৰ বাবেই বিভিন্ন ঠাইত অঘটন ঘটিব ধৰিছে । সেইবাবে এনেধৰণৰ মুখে মুখে বাগৰি অহা উৰাবাতৰিৰ পৰা আমি সাৱধান হােৱা উচিত ।
সামাজিক মাধ্যমঃ যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বােলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পর্যৱেক্ষণ কৰা হয় । সামাজিক মাধ্যম বুলিলে আমি বাতৰি কাকত, অনাতাঁৰ ( ৰেডিঅ ’ ), দূৰদৰ্শন ( টিভি ) , ভ্রাম্যভাষ ( মােবাইল ), কম্পিউটাৰ, ইন্টাৰনেট, কথাছবি বা চিনেমা, ফেক্স, ই-মেইল ইত্যাদিকে বুজো। বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকার্য কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক ভূমিকা লােৱাও দেখা যায়। সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু পিতৃ-মাতৃ সকলােৱে সচেতন হোৱা উচিত।
১১। তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা।
উত্তৰঃ মৰিগাঁও জিলাৰ বৰঙাবাৰী গাৱঁত শুক্ৰবাৰে এখন সাপ্তাহিক হাট বহা হয়। এই সাপ্তাহিক হাটখনলৈ ওচৰৰ আৰু বিভিন্ন ব্যৱসায়ীয়ে- শাক-পাচলি, কাপোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে। এই হাটখনত সকলো ধৰণৰ সামগ্ৰী- বিক্ৰী আৰু ক্ৰয় কৰা হয়। এই হাটখন বৰঙাবাৰী গাঁৱৰ ৰাজহুৱা খেলপথাৰ খনৰ ওচৰতে।
Some Answer added by Chinmay Kakati
Check By-Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------