জোনবিল মেলা   ✍সুৰভি ডেকা




মৰিগাঁও আৰু নগাঁও জিলাতে অসমৰ সৰ্বাধিক তিৱা জনগোষ্ঠীৰ লোকে বসবাস কৰে  । তিৱা সকলক লালুং বুলিও কোৱা হয় ।এই তিৱা বা লালুং জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে জোনবিল মেলা ।   মধ্য অসমৰ মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত মাঘ বিহুৰ পিছৰ বুধবাৰৰ পৰা আৰম্ভ হোৱা মেলাখনে হৈছে জোনবিল মেলা । গুৱাহাটীৰ পৰা বত্ৰিছ কিলোমিটাৰ আৰু জাগীৰোডৰ পৰা পাঁচ কিলোমিটাৰ দূৰত মৰিগাঁও জাগীৰোড পথত অনুষ্ঠিত হয় জোনবিল মেলা । জনশ্ৰুতি মতে গোভা ৰজাই আৰম্ভ কৰিছিল এই মেলা । পাহাৰ আৰু ভৈয়ামৰ তিৱা জনগোষ্ঠীৰ এই সন্মিলিত মেলা ।  মেলাৰ আৰম্ভণিতে প্ৰথমে ৰাজ পৰিষদে জোন বিলত মাছ ধৰে আৰু তাৰ পিছদিনা দাঁতি কাষৰীয়া গাঁও কেইখনৰ লোকসকলে সন্মিলিত হৈ  হাঁহি ফুৰ্তিৰে মাছ মৰাৰ দৃশ্যই সকলোৰে মন ভৰাই তোলে । মাঘ বিহুৰ পিছৰ শনিবাৰে হয় তিৱা জনগোষ্ঠীৰ উৰুকা আৰু দেওবাৰে হয় বিহু  । উৰুকাৰ দুদিন আগত অৰ্থাৎ বুধবাৰে পাহাৰৰ লোক সকল জোনবিলৰ কাষৰ গাঁওবোৰলৈ তেওঁলোক আহে পাহাৰত হোৱা বিভিন্ন শস্য সামগ্ৰী দি অসমীয়া মানুহৰ পিঠা , সান্দহ , কচু ,শুকান মাছ আদি সলাই লৈ যায়  । বস্তুৰ পৰিবৰ্তে বস্তু দিয়া-লোৱা প্ৰাচীন বিনিময় প্ৰথা এই জোনবিলতে ধৰি ৰাখিছে ।  সামান্য কাপোৰ পৰিধান কৰা লোকসকলে মাঘ বিহুৰ পিছৰ বুধ বৃহস্পতি বাৰে মানুহৰ ঘৰে ঘৰে গৈ বস্তুৰ বিনিময় কৰিছিল । কিন্তু এতিয়া জোনবিল মেলা উদযাপন কমিটিয়ে ইয়াৰ বাবে মেলা স্থলীতে সুন্দৰ কৈ স্থল পাতি সুবিধা কৰি দিয়ে । বৃহস্পতি বাৰে ৰাজ দৰবাৰ বহে আৰু সেইদিনা ৰজাই কৰ সংগ্ৰহ কৰে । বৰ্তমান আধুনিক সমাজত এই তিৱা সম্প্ৰদায়ৰ মাজতে ৰাজ্য আৰু ৰজাৰ শাসন বৰ্তি আছে ।
              পাহাৰৰ পৰা অহা তিৱা লোকসকলে ভৈয়ামৰ লোক সকলক মামা-মামী বুলি সম্বোধন কৰে । সহজ সৰল জীৱন নিৰ্বাহ কৰা লোকসকল বৰ্তমান সময়ৰ যান্ত্ৰিকতাই  সম্পূৰ্ণ   স্পর্শ কৰিব পৰা নাই যদিও আগতকৈ বহু খিনি চতুৰ হল । প্ৰতিটো বস্তুৰে তেওঁলোকে এটা হিচাবতহে বিনিময় কৰে । বাঁহৰ খাঙিত সিহঁতৰ প্ৰয়োজনীয় সামান্য বস্তু ভৰাই পাহাৰৰ পৰা আহে জোনবিল মেলালৈ ।  জোনবিল মেলা মাঘ বিহুৰ পিছৰ শুকুৰ , শনিবাৰে মূল মেলা হয় যদিও মঙ্গল বাৰৰ পৰাই বিভিন্ন ঠাইৰ পৰা অহা বেপাৰী সকলে বেপাৰৰ পোহাৰ মেলে । বৃহস্পতি বাৰৰ পুৱতি নিশা বস্তুৰ আদান প্ৰদান হয় । পৃথিৱীৰ পৰা আধুনিক অৰ্থনীতিত বহুত নতুন বস্তুৰ সংযোগ ঘটিল । পৃথিৱীৰ পৰা বিনিময় প্ৰথা লুপ্ত হৈ পৰিল যদিও একমাত্ৰ এই জোনবিল মেলাতে বিনিময় প্ৰথা বৰ্তি থাকি পাহাৰ আৰু ভৈয়ামৰ মৰমৰ শিকলিডাল আজিও কোনো বিঘিনি নোহোৱাকৈ বৰ্তি আছে ।
            চাৰিওফালে বিশ্বাস আৰু আশ্বাস ভংগ হোৱাৰ সময়তো , কোনেও কাকো হেৱজ্ঞান নকৰাকৈ  পাহাৰৰ তিৱা জনগোষ্ঠীৰ  সহজ সৰল মনটোক এতিয়াও বৰ্তমান সময়ৰ কুটিলতাই স্পৰ্শ কৰিব পৰা নাই ।তেওঁলোকৰ কলা সংস্কৃতিক ৰাইজৰ মাজলৈ অনাটো এই জোনবিল মেলাৰ পৰিচালনা কমিটিয়ে  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন আহিছে । তেওঁলোকৰ কলা কৃষ্টি , সাহিত্য  , পৰম্পৰা ৰীতি নীতি আদি জোনবিল মেলা থলীত প্ৰদৰ্শন কৰিবলৈ পৰ্যাপ্ত সুবিধা প্ৰদান কৰাটো শুভ লক্ষণ ।
           পাহাৰ ভৈয়ামৰ একতা আৰু সম্প্ৰীতিৰ মিলন সেতু  জোনবিল মেলাত লোক চক্ষুৰ আঁৰত কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটি আছে  । যিবোৰে চিন্তাশীল ব্যক্তি সকলক মন  চুই যায় । জোনবিল মেলাত বিগত কেইবছৰমানৰ পৰা প্ৰসাৰিত হোৱা বজাৰত বিক্ৰী কৰিবৰ বাবে প্রায় দুমাহৰ আগৰ পৰা  ব্যৱসায়ী সকলে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে । সেইবোৰৰ ভিতৰত কাঠৰ ফাৰ্নিচাৰ , ষ্টীলৰ ফাৰ্নিচাৰ , লেপ -তুলি , দা-কটাৰী  আদি প্ৰধান । সৰ্বজন বিদিত যে জোনবিল মেলাত এই সামগ্ৰী সমূহ খুব কম মূল্যত পোৱা যায় । সামগ্ৰী সমূহৰ গুণগত মানৰ কথা আলোচনা কৰিব খোজা নাই । সেইবোৰ একাষে থৈ কব পাৰি যে ইয়াত বিৰাট ডাঙৰ বজাৰ এখন গা কৰি উঠিছে । দূৰ দূৰণিৰ বহু লোক এই বজাৰ খনৰ বাবেই ঢপলিয়াই আহে ।
          তাৰ সমান্তৰালকৈ মুকলিকৈ এখন সুৰাৰ বজাৰ যত পৰম্পৰা জনজাতীয় থলুৱা মদ , সাঁজ , আপং , ছাই মদ আদিকে ধৰি বিলাতী সুৰাৰ বৃহৎ বজাৰ এখন  ঠন ধৰি উঠিছে । আজিৰ পৰা দহ বছৰমানৰ আগত কিন্তু সেই বজাৰখন নাছিল । জোনবিল মেলা স্থলীৰ পৰা কিছু নিলগত সংগোপনে দুই এখন থলুৱা পৰম্পৰা মদৰ দোকান আছিল  যদিও সেইবোৰ সাধাৰণ জন চক্ষুৰ পৰা আঁতৰত চেগা চেৰেকাকৈ আছিল ।  বৰ্তমানৰ জোনবিল মেলাত  কিন্তু নানা পৰম্পৰা সুৰা - বিলাতী সুৰাৰ বজাৰ খনতহে মানুহৰ সমাগম সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে । তাতোকৈ চিন্তনীয় কথাটো হল যুৱ প্ৰজন্মক মুকলিকৈ সুৰাৰ ষ্টলত  ভিৰৰ পৰিমাণ বছৰে বছৰে বাঢ়ি যোৱা । বিষয়টো  চিন্তনীয় নহয়নে ?
          আজি 16 জানুৱাৰীৰ ৰা বিভিন্ন লোক কলা সংস্কৃতিৰ বাৰে ৰহনীয়া অনুষ্ঠান , সাহিত্য চৰ্চা আদি বিভিন্ন কাৰ্যসূচীৰে জোনবিল বাকৰিত 18 জানুৱাৰীলৈ অপূৰ্বৰপৰা চলি অহা পাহাৰ -ভৈয়ামৰ সংহতিৰ সেতু ঐতিহাসিক জোনবিল মেলাই ইয়াৰ প্ৰকৃত উদ্দেশ্যৰ পৰা বিচলিত নহৈ  স্বকীয়তা সদায় অটুট ৰাখিব বুলি আশা কৰিলোঁ ।



সুৰভি ডেকা  (Facebook)
সমাপ্ত
( 9435429660 )
Junbeel Mela 2020
Junbeel Mela 2020





























Post Id: DABP000877