👉Chapter 1 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 1 MCQs Answer
পাঠ ১
খাদ্য়ঃ আমি ক'ৰ পৰা পাওঁ?
১। সকলো জীৱৰ বাবেই একেই ধৰণৰ খাদ্য়ৰ প্ৰয়োজন বুলি তুমি ভাবানে?
উত্তৰঃ সকলো জীৱৰ বাবেই একে ধৰণৰ খাদ্য়ৰ প্ৰয়োজন নহয়।
২। আমি খোৱা ৫ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশৰ উল্লেখ কৰা।
উত্তৰঃ আমি খোৱা ৬ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰ হ'ল-
ধান গছ - বীজ অংশ।
মূলা গছ - শিপা অংশ।
কল গছ - ফল, ফুল আৰু গা-গছ অংশ।
সৰিয়হ গছ - পাত আৰু বীজ অংশ।
ৰঙালাউ গছ - ফল, ফুল আৰু গা-গছ অংশ।
৩। 'ক' স্তম্ভৰ লগত 'খ' স্তম্ভ মিলোৱা।
'ক' স্তম্ভ - 'খ' স্তম্ভ
গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ - প্ৰাণীজাত সামগ্ৰী।
পালেং শাক, ফুলকবি - শাক-পাচলি।
সিংহ আৰু বাঘে - আন প্ৰাণী খায়।
তৃণভোজী প্ৰাণীয়ে - উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।
৪। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা-
তৃণভোজী, উদ্ভিদজাত, গাখীৰ, কুহিঁয়াৰ, মাংসভোজী
(ক) বাঘ এবিধ মাংসভোজী প্ৰাণী কাৰণ ই কেৱল মাংস খায়।
(খ) হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক তৃণভোজী বুলি কোৱা হয়।
(গ) ভাটৌৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়।
(ঘ) গাখীৰ এবিধ পানীয়, যি গৰু, ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।
(ঙ) কুহিঁয়াৰ ৰ পৰা আমি চেনি পাওঁ।
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
-শ্ৰী হিৰু মনি বৰা