👉Chapter 10 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 10 MCQs Answer
পাঠ ১০
গতি আৰু দূৰত্বৰ জোখ মাখ
১। মাটি, পানী আৰু বায়ুত ব্য়ৱহাৰ কৰা পৰিৱহন ব্য়ৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া?
উত্তৰ ঃ মাটি- বাছ আৰু ৰেল।
পানী- নাওঁ আৰু জাহাজ।
বায়ু- উৰাজাহাজ আৰু হেলিকপ্তাৰ।
২। খালী ঠাই পূৰ কৰা-
(ক ) এক মিটাৰ মানে ১০০ চে.মি.।
(খ ) পাঁচ কিলোমিটাৰ মানে ৫০০০ মিটাৰ।
(গ) দোলনাত শিশু এটাই কৰা গতিটো হৈছে পৰ্যাবৃত্ত গতি।
(ঘ) চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছৈ পৰ্যাবৃত্ত গতি।
ঙ ) বাইচাইকেলৰ চকাৰ গতিটো হৈছে বৃত্তীয় গতি।
৩। ভৰিৰ খোজ বা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্য়ৰ জোখৰ প্ৰকাশ একক হিচাপে ব্য়ৱহাৰ কৰিব নোৱাৰি?
উত্তৰঃ কিয়নো প্ৰত্য়েকজন মানুহৰ ভৰিৰ জোখ বা পদচিহ্ন
সমান নহয়।
৪। বৰ্দ্ধিত ক্ৰমত তলৰ দৈঘ্য়বোৰ সজোৱা।
১মিটাৰ, ১ চেণ্টিমিটাৰ, ১ কিলোমিটাৰ, ১ মিলিমিটাৰ
উত্তৰঃ ১ মিলিমিটাৰ < ১ চেন্টিমিটাৰ < ১ মিটাৰ < ১ কিলোমিটাৰ।
৫। এজন মানুহৰ উচ্চতা ১.৬৫ মিঃ ইয়াক চেঃমিঃ আৰু মিলিমিটাৰত প্ৰকাশ কৰা।
উত্তৰঃ
আমি জানো যে,
১ মিটাৰ = ১০০ চেঃমিঃ
গতিকে ১.৬৫ মিঃ = ১.৬৫ x ১০০ চেঃমিঃ
= ১৬৫ চেঃমিঃ
আকৌ,
১ চেঃমিঃ = ১০ মিঃমিঃ
গতিকে,
১.৬৫ মিটাৰ = ১৬৫ চেঃমিঃ = ১৬৫ x ১০ মিঃমিঃ
= ১৬৫০ মিঃমিঃ
৬। ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব ৩২৫০ মিঃ। ইয়াক
কিলোমিটাৰ প্ৰকাশ কৰা-
উত্তৰ ঃ আমি জানো যে,
১ কিঃ মিঃ = ১০০০ মিঃ
গতিকে ৩২৫০ / ১০০০ = ৩.২৫০ কিলোমিটাৰ
৭। ঊণ গুঁঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলৰডালৰ এটা মূৰৰ মানে ৩.০ চেঃ মিঃ আৰু আনটো মূৰৰ মান ৩৩.১
চেঃমিঃ পোৱা গ' ল | শলাডালৰ দৈৰ্ঘ্য কিমান |
উত্তৰ ঃ
দিয়া আছে ,
শলাডালৰ দৈৰ্ঘ্য জোখা স্কেলডালৰ এটা মূৰৰ মান ৩.০ চেঃমিঃ
আৰু আনটো মূৰৰ মান ৩৩.১ চেঃমিঃ
গতিকে শলাডালৰ দৈৰ্ঘ্য হ'ব = ৩৩.১ চেঃমিঃ - ৩.০ চেঃমিঃ
= ৩০.১ চেঃমিঃ
৮। চলি গৈ থকা বাইচাকেল এখন আৰু চুইছ অন কৰা চিলিংফেন এখনৰ গতিৰ সাদৃশ্য আৰু পাথৰ্ক্যবোৰ লিখা।
উত্তৰঃ
সাদৃশ্য-
চলি থকা চিলিংফেনখন আৰু বাইচাইকেলখন গতি কৰি আছে।
বৈসদৃশ্য-
বাইচাইকেলৰ চকা সৰলৰৈখিক ভাৱে গতি কৰি থাকে কিন্ত চিলিংফেনখনে সৰল ৰৈখিকভাৱে গতি নকৰে।
৯। দূৰত্ব জুখিবলৈ তোমৈলোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ফিটা ব্য়ৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কাৰোবাক কওঁতে তুমি কি সমস্য়াৰ সন্মুখীন হ'বা?
উত্তৰঃ দৰত্ব জুখিবলৈ আমি ইলাষ্টিক মাপক ফিটা ব্য়ৱহাৰ কৰিব নোৱাৰো ইয়াৰ কাৰণ হ'ল-
১) বেলেগ বেলেগ মানুহে একে দূৰত্ব জোখোতে ওলোৱা মাপ বেলেগ বেলেগ হ'ব।
২) ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিলে প্ৰয়োগ কৰাৰ বলৰ ওপৰত নিৰ্ভৰ কৰি মাপকডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে।
১০) পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ১) ঘড়ীৰ দোলক।
২) চিলাই মেচিনৰ বেজী।
-শ্ৰী হিৰু মনি বৰা
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------