👉Chapter 12 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 12 MCQs Answer
পাঠ ১২
বিদুৎ আৰু বৰ্তনী
১। খালী ঠাই পূৰণ কৰা ঃ
(ক) বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক চুইছ বোলে।
(খ) এটা বিদ্যুৎ কোষত দুটা মেৰু থাকে।
২। তলৰ বাক্যসমূহক 'শুদ্ধ' বা 'অশুদ্ধ' হিচাপে চিহ্নিত কৰা ঃ
(ক) ধাতুৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'ব পাৰে।
উত্তৰঃ শুদ্ধ।
(খ) বৈদ্য়ুতিক বৰ্তনী এটা সাজিবলৈ এডাল ধাতুৰ সলনি এডাল মৰপাতৰ ৰচীও ব্য়ৱহাৰ কৰিব পাৰা।
উত্তৰঃ অশুদ্ধ।
(গ) এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ'ব পাৰে।
উত্তৰঃ অশুদ্ধ।
৩। চিত্ৰ ১২.১৩ ত দেখুওৱা সজ্জাটোত কিয় বাল্বটো নজ্বলে ব্য়খ্য়া কৰা।
উত্তৰঃ উক্ত বিদ্য়ুৎ বৰ্তনীটো তৈয়াৰ কৰোঁতে ক্ৰিকেট খেলৰ বেট ব্য়ৱহাৰ কৰা হৈছে। ই বিদ্য়ুতৰ অপৰিবাহী। গতিকে সজ্জাটোত থকা বাল্বটো নজ্বলে।
৫। বৈদ্য়ুতিক ছুইচ এটা ব্য়ৱহাৰ কৰাৰ কাৰণ কি? কিছুমান বাদ্য়ুতিক সঁজুলিৰ নাম লিখা য'ত ছুইচ সংযোগ কৰি থোৱা থাকে।
উত্তৰঃ কোনো এটা বৈদ্য়ুতিক বৰ্তনী বিচ্ছিন্ন বা সংযোগ কৰিবলৈ ছুইচ ব্য়ৱহাৰ কৰা হয়।
ছুইচ সংযোগ কৰি থোৱা কিছুমান বৈদ্য়ুতিক সঁজুলিৰ নাম হ'ল- টৰ্চ, ইস্ত্ৰি, টেবুল ফেন, ৰেডিঅ', টেলিভিচন, টেপ ৰেকৰ্ডাৰ আদি।
৬। ছেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল ব্য়ৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি উঠিবনে?
উত্তৰঃ চেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ ব্য়ৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি নুঠিব। কাৰণ, পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল বিদ্য়ুতৰ কুপৰিবাহী।
৭। চিত্ৰ ১২.২৫ ত দেখুওৱা বাল্বটো জ্বলিবনে?
উত্তৰঃ উক্ত চিত্ৰত দেখুওৱা বৰ্তনীৰ বাল্বটো জ্বলি উঠিব। কাৰণ চিত্ৰত বাল্বত সংযোজিত তাঁৰডাল বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক দুই মেৰুত সংযোজিত কৰা আছে।
৮। এটা বস্তুৰ ক্ষেত্ৰত 'পৰিবাহীতা টেষ্টাৰ' ব্য়ৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল। সেই বস্তুটো পৰিবাহী নে অপৰিবাহী পদাৰ্থ ব্য়াখ্য়া কৰা।
উত্তৰঃ এটা বস্তুৰ ক্ষেত্ৰত পৰিবাহীতা টেষ্টাৰ ব্য়ৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল। সাধাৰণতে যেতিয়া কোনো বস্তুৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহ চালিত হয়, তেতিয়া সেই বস্তুটোক বিদ্য়ুৎ পৰিবাহী বুলি কওঁ।
৯। এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত তেওঁ হাতত কিয় ৰবৰৰ হাতমোজা(Rubber gloves) পিন্ধি লোৱা উচিত? ব্য়াখ্য়া কৰা।
উত্তৰঃ মানুহৰ শৰীৰৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হয়। কিন্তু ৰবৰৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত নহয়। সেইবাবে ইলেক্ট্ৰিচিয়ানজনে ঘৰৰ ছুইচ আদি মেৰামতি কৰাৰ সময়ত হাতমোজা পিন্ধি ল'ব লাগে। কাৰণ অসাৱধানবশত তেওঁৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ'লে মৃতয়ুৰ মুখতো পৰিব পাৰে।
১০। মেৰামতি কামত ইলেক্ট্ৰিচিয়ানে ব্য়ৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ আৰু চেপেনা আদিৰ নিচিনা আঁহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিকৰ আৱৰণ থাকে। কিয় এই আৱৰণ দিয়া হয় তুমি ব্য়াখ্য়া কৰিব পাৰিবানে?
উত্তৰঃ মেৰামতিৰ কামত এজন ইলেক্ট্ৰিচিয়ানে ব্য়ৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ, চেপেনা আদিৰ নিচিনা আহিলাবোৰ সাধাৰণতে লো বা অন্য় ধাতুৰদ্বাৰা নিৰ্মিত হয়। ধাতুসমূহৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হয়। আনহাতে ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰব্য়ৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ'ব নোৱাৰে। সেইবাবে বিদ্য়ুৎ পৰিবাহী ধাতুৰ নালবোৰত বিদ্য়ুতৰ কুপৰিবাহী ৰবৰ বা প্লাষ্টিকৰ আৱৰণ দিয়া হয়।
-শ্ৰী হিৰু মনি বৰা।
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------