👉Chapter 5 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 5 MCQs Answer
পাঠ ৫
দ্ৰব্যৰ পৃথকীকৰণ
New Update 2022
১। মিশ্রণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্রয়োজন? দুটা উদাহৰণ দিয়া।
উত্তৰঃ মিশ্রণত থকা উপাদানসমূহ পৃথক কৰা প্রয়োজন, কাৰণ-
১) ব্যৱহাৰৰ অনুপযোগী উপাদান আতৰ কৰিব লগীয়া হয়।
২) অশুদ্ধি বা ক্ষতিকাৰক উপাদানসমূহ আতৰ কৰিবলগীয়া হয়।
উদাহৰণ– চাউলৰ পৰা শিলগুটি আঁতৰ কৰা,
মাখন পৃথক কৰিবলৈ গাখীৰৰ মথন।
২। জৰা প্রক্রিয়া কি? এই প্রক্রিয়াটো কিহত প্রয়োগ হয়?
উত্তৰঃ এটা মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সোঁত বলাই পৃথক কৰা পদ্ধতিটোক জৰা প্ৰক্ৰিয়া বোলা হয়।
এই পদ্ধতিটো শস্যৰ গধুৰ বীজ(গুটি) ৰ পাতল চোকোৰা বা বাকলি পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়।
৩ । দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে পানীৰে ধোৱা হয়, তেনে কৰিলে ইয়াত মিহলি হৈ থকা অশুদ্ধি যেনে- মাটি গুৰিবোৰ আৰু ধূলি পৃথক হৈ পৰে। এই প্ৰক্ৰিয়াটোক আস্ৰাবন প্ৰক্ৰিয়া নামে জনাজাত।
৪ । চালনীৰে চলা প্রক্রিয়া কি? ইয়াক কিহত প্রয়োগ কৰা হয়?
উত্তৰঃ চালনীৰে চলা প্রক্রিয়াত মিশ্ৰণ এটাত থকা মিহি দানাবোৰ বিন্ধাৰে সৰকি পৰে আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায়।
যেতিয়া মিশ্ৰৰ উপাদানবিলাকৰ আকাৰ বেলেগ বেলেগ হয় তেতিয়া চালনীৰে চলা প্রক্রিয়া প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে- ঘৰ নিৰ্মাণ কৰোতে বালিৰ পৰা শিলগুটি পৃথক কৰিবলৈ চালনীৰে চলা প্রক্রিয়া ব্যৱহাৰ কৰা হয় ।
৫ । বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ বালি মিহলি পানীখিনি খিনি কোনো এটা বাচনত লৰ চৰ নকৰাকৈ কিছু সময় থৈ দিলে বালিখিনি বাচনটোৰ তলিত জমা হব। (অৱক্ষেপন প্ৰক্ৰিয়া)
৬ । আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে? যদি সম্ভৱ, তেনেহ'লে কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ আটাৰ গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ। এই ক্ষেত্ৰত আমি চালনী ব্যৱহাৰ কৰিব লাগে। আটাৰ গুড়িবোৰ সৰু হোৱাৰ বাবে চালনীৰ ফাকেৰে তললৈ লৰি পৰে আৰু চেনীৰ দানাবোৰ ডাঙৰ হোৱাৰ বাবে চালনীত ৰৈ যায়।
৭ । বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা?
উত্তৰঃ বোকাময় পানীখিনি কোনো বাচন এটাত লৰচৰ নকৰাকৈ অলপ সময় থৈ দিলে বোকা বা তেনে পদাৰ্থ পানীৰ তলিত জমা হয়। (অৱক্ষেপন প্ৰক্ৰিয়া)
অৱক্ষেপন প্ৰক্ৰিয়াৰে পানী পৰিষ্কাৰ নহ'লে সেই পানী সৰু সৰু ছিদ্ৰ থকা চেকনী ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব পাৰি। (পৰিস্ৰাবন প্ৰক্ৰিয়া)
৮। খালী ঠাই পূৰ কৰা—
(ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক মৰণা মৰা বোলা হয়।
(খ) গাখীৰ উতলাই, ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাবন প্ৰক্ৰিয়াৰ এটা উদাহৰণ।
(গ) সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্রক্রিয়াৰে আহৰণ কৰা হয়।
(ঘ) বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ'ল। এইক্ষেত্ৰত প্রয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক আস্ৰাৱণ বোলা হয়।
৯। শুদ্ধ নে অশুদ্ধ –
(ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰঃ অশুদ্ধ।
(খ) নিমখ আৰু চেনিৰ গুড়িৰ মিশ্রণ জৰা প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
(গ) চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
(ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
১০। পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত প্ৰস্তুত কৰা হয়। তোমালোকে এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছা। চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত?
উত্তৰঃ পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত প্ৰস্তুত কৰা হয়। এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলোৱা হয়। চেনিখিনি দ্ৰৱীভূত কৰাৰ পাছত বৰফখিি দিয়া উচিত।
-শ্ৰী হিৰু মনি বৰা
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------