পাঠ নং ৬ 
আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ


New Update 2022 

১। পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুটি কৰি লোৱা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?
উত্তৰঃ এই পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰো। আমি আৱদ্ধ হৈ থকা পানীখিনি পাৰ হৈ যোৱাৰ পিছত পোছাকযোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো।


২। তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা। এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।
উত্তৰঃ এই পৰিবৰ্তনটো বিপৰীতমুখী পৰিবৰ্তন নহয়।


৩। তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া আছে। প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব পাৰে নে নোৱাৰে লিখা।
উত্তৰঃ
 ক্ৰমিক নং পৰিৱৰ্তন বিপৰীতমুখী হ'ব পাৰে (হয়, নহয়)
 ১ কাঠ এটুকুৰা ফলানহয়
 ২ বৰফ এটুকুৰা গলাহয়
 ৩পানীত চেনী দ্ৰৱীভূত হোৱানহয়
 ৪খাদ্য ৰন্ধানহয়
 ৫আম এটা পকি যোৱা
নহয়
 ৬গাখীৰ দৈ হোৱানহয়



৪। কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।
উত্তৰঃ এই পৰিবৰ্তনবিপৰীতমুখী কৰিব পাৰি। কাৰণ ৰবৰ এডালে তাক মচি দি বিপৰীতমুখী কৰিব পাৰি ।


৫। বিপৰীতমুখী হ'ব আৰু বিপৰীতমুখী হ'ব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য উদাহৰণ সহ বাখ্যা কৰা।
উত্তৰঃ বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হ'ব নোৱাৰা পৰিবৰ্তনৰ মাজত পাৰ্থক্য় হ'ল- 
    বিপৰীতমুখী হ'ব পৰা পৰিবৰ্তনত পৰিবৰ্তন হোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপলৈ ঘূৰাই আনিব পাৰি।
উদাহৰণস্বৰূপে- কাগজেৰে নাওঁ এখন প্ৰস্তুত কৰাৰ পিছত কাগজখন পুনৰ আগৰ ৰূপত ঘূৰাই পাব পাৰি।
    আনহাতে বিপৰীতমুখী হ'ব নোৱাৰা পৰিবৰ্তনত পৰিবৰ্তন পোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি।
উদীহৰণস্বৰূপে- লোহাৰত মামৰে ধৰাৰ পিছত পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। 


৬। ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয়। ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অব পেৰিচৰ হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে?
উত্তৰঃ ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিচৰ যি প্ৰলেপ দিয়া হয়, ই শুকালে কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অৱ পেৰিচত হোৱা এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।


৭। বাহিৰত পৰি থকা এক বস্তা চিমেন্ট ৰাতি বৰষুণ হোৱাৰ বাবে তিতিলে। পিচদিনাখন ভালদৰে ৰ'দ ওলাল। তোমালোকে বাৰু ভাবানে চিমেন্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি?
উত্তৰঃ নোৱাৰি, কাৰণ চিমেন্ট বস্তা ভালকৈ শুকালেও চিমেন্ট বস্তা আকৌ আগৰ দৰে ভাল হৈ নাথাকে। 


-শ্ৰী হিৰু মনি বৰা




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------