Chapter 4
বসতি ঃ গ্ৰাম্য় জীৱন আৰু নগৰীয়া জীৱন
অনুশীলনীঃ
১। উত্তৰ লিখা :
(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?
উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়- গ্ৰাম্য় বসতি আৰু নগৰীয়া বসতি।
(খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?
উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।
(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?
উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্য়ৰ লগত জড়িত।
(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰত নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে- প্ৰাচীন নগৰ, মধ্য় যুগৰ নগৰ আৰু আধুনিক নগৰ।
(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?
উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হ'ব লাগে।
(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?
উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ'ল গুৱাহাটী।
২। শুদ্ধ/অশুদ্ধ লিখা—
(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক ।
উত্তৰঃ অশুদ্ধ।
(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ৷
উত্তৰঃ শুদ্ধ।
(গ) নতুন দিল্লী এখন প্রশাসনিক নগৰ।
উত্তৰঃ শুদ্ধ।
(ঘ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰঃ শুদ্ধ।
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৩। চমুকৈ উত্তৰ লিখা
(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।
উত্তৰঃ গ্ৰাম্য় অঞ্চলৰ প্ৰধান বৃত্তি হ'ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।
(খ) নগৰীয়া বসতিৰ সা-সুবিধা।
উত্তৰঃ নগৰীয়া বসতিৰ সা-সুবিধাসমূহ হৈছে- নগৰত শিক্ষা, চিকিৎসা ইত্য়াদিৰ সুবিধা বেছি। যাতায়তৰ ব্যৱস্থাও সুচল। নগৰত শিক্ষানুষ্ঠান, উদ্য়োগ, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ইত্য়াদি।
(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰঃ নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায় - বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল - কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ।
(ঘ) মেগাল 'পলিছ কাক বোলে?
উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উৎকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল'পলিছ বোলে।
৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা।
উত্তৰঃ
ক্ৰমিক নং |
নগৰৰ সুবিধাসমূহ |
১ |
শিক্ষা
গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায় |
২ |
উন্নত
চিকিৎসা সেৱা পোৱা যায় |
৩ |
যাতায়তৰ সুবিধা থাকে । |
৪ |
বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্হাসমূহ উপলব্ধ । |
৫ |
পৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে । |
৬ |
নিয়োগৰ সুবিধা বেছি । |
৭ |
বেংক,পাইকাৰী
আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য |
ক্ৰমিক নং |
নগৰৰ সমস্যাসমূূূহ |
১ |
বিশুদ্ধ
খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয় |
২ |
গাড়ী, মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ |
৩ |
আৱৰ্জনা
নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয় |
৪ |
কৃত্ৰিম
বানপানীৰ সমস্যা |
৫ |
খেলপথাৰ, উদ্যান
আদিৰ দৰে মুকলি ঠাইৰ অভাৱ |
৬ |
যান-যটৰ
সমস্যা |
৭ |
দ্ৰুত
জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা |
৮ |
ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান-প্ৰতিষ্ঠান
আদি সাজিবলৈ ভূমিৰ নাটনি |
ক্ৰমিক নং |
নগৰ |
জিলা
|
১ |
তেজপুৰ |
শোণিতপুৰ |
২ |
শিলচৰ |
কাছাৰ |
৩ |
ডিফু |
কাৰ্বি
আংলং |
৪ |
হাফলং |
উত্তৰ
কাছাৰ |
৫ |
মংগলদৈ |
দৰং |
৬ |
তিনিচুকীয়া |
তিনিচুকীয়া |
৭ |
উত্তৰ
লক্ষীমপুৰ |
উত্তৰ
লক্ষীমপুৰ |
৮ |
ডিব্ৰুগড় |
ডিব্ৰুগড় |
৯ |
শিৱসাগৰ |
শিৱসাগৰ |
১০ |
ধেমাজী |
ধেমাজী |
এলেকা/
চুবুৰীৰৰ নাম- |
|||||
পঞ্চায়ত/নগৰ
সমিতি- |
|||||
জিলা-
|
|||||
ক্ৰমিক
নং |
সদস্য
সংখ্যা |
পৰিয়ালৰ
সদস্যৰ নাম |
বয়স |
শিক্ষাগত
অৰ্হতা |
বৃত্তি |
১ |
৩জন |
শ্ৰীযুত
যতীন বৰা |
৩২
বছৰ |
মেট্ৰিক |
চাহ খেতিয়ক |
শ্ৰীযুতা
লক্ষ্মী বৰা |
৩০
বছৰ |
অষ্টম
শ্ৰেণী |
গৃহিণী |
||
শ্ৰী
নয়ন বৰা |
৭
বছৰ |
২য়
শ্ৰেণী |
ছাত্ৰ |
||
২ |
২জন |
শ্ৰী
যুত অভয় শইকীয়া |
৩৪
বছৰ |
এম এ |
শিক্ষক |
শ্ৰীযুতা
কিৰণবালা শইকীয়া |
৩০ বছৰ |
বি এ |
শিক্ষয়িত্ৰী
|
||
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
- |
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------
Post Id: DABP000893