নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান | Lesson 9 | Class 8 Social Science Answer | Assam Government School | Class VIII Social Science Question And Answer | অষ্টম শ্ৰোণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট বিদ্যালয় | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ 




 অধ্য়ায়-৯

নব্য় ধৰ্মীয় ভাবধাৰাৰ উত্থান

১।    উত্তৰ লিখা-

(ক) ভক্তিবাদ বুলিলে কি বুজায়?

উত্তৰঃ আভিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ  আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। সেই ফালৰ পৰা কবলৈ গ’লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল, সেইয়াই ভক্তিবাদ।



(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?

উত্তৰঃ ১) খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল।

২) মধ্যযুগত ইছলাম ধৰ্মৰ আভিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল।



গ) ‘দিব্য প্ৰবন্ধম’ কি ?
উত্তৰ- আলভাৰচ্ সকলৰ গীত, মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজী পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলভাৰচ্ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰবন্ধম’ বোলে।



ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ
উত্তৰ- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ'ল- নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ ǀ



ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?
উত্তৰ- শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।



২) পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা-

উত্তৰঃ
ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত  বিশ্বাসী ǀ

খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্ৱিভাৱ ঘটিছিল ǀ

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম  ǀ

ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ  বুলি গণ্য কৰিছিল ǀ

ঙ) কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক   "দোহা"   বুলি কোৱা হয়।

৩) চমু টোকা লিখা- 

উত্তৰঃ
(ক) শংকৰাচাৰ্য - দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে।


(খ) জ্ঞানদেৱ- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১৩ শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্হাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰবৰ্তী সময়ত তেখেতৰ অনুগামী (টুকাৰাম, ৰামদাস আদি) দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল।


(গ) ৰামানন্দ -  উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্যদেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ অন্যতম শিষ্য আছিল কবীৰ।


(ঘ) নানক- উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ  অন্যতম আছিল গুৰু নানক। কবীৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন; তেওঁ অদ্বিতীয় আৰু  নিৰাকাৰ। গুৰু নানকৰ শিষ্য সকলক পৰবৰ্তী সময়ত শিখ বুলি জনাজাত হয়।


(ঙ) মীৰাবাঈ-  ১৩ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। 



৪) আলভাৰসকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ? 

উত্তৰ- খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰচ্  নামৰ সম্প্ৰদায়টো।
আলভাৰচ্  সকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। অহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজত ভগৱানক পাব পাৰি। গতিকে জীৱ প্ৰেমেই ভগৱৎ প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল ǀ



৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল ? ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ- চুফীবাদৰ মূলমন্ত্ৰ হৈছে- এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি।
চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি।



৬)  কবীৰ কিয় হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?

উত্তৰ- কবীৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তিমাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খোদা, আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবীৰে ভক্তিৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ঠ সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা  ভক্তিমাৰ্গ ৰ প্ৰতি আকৰ্ষিত হৈ, হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষত্ব গ্ৰহণ কৰিছিল। সেইয়ে কবীৰ হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল।



৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?

উত্তৰ- মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহবানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ নীচ, ধনী-দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰপৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠন ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল।


৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰ- ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নীচ, আচাৰ অনুস্থানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল। ভক্তি আন্দোলনৰ গুৰি ধৰোতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল। পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণৰ আশা আকাংশা প্ৰতিফলিত হৈছিল। উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল।


৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টা মান শব্দৰ ভিতৰত একোটি টোকা লিখা ǀ 
উত্তৰ- খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে। তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্য়ন কৰিছিল। ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে। অসমীয়াৰ সমাজ জীৱনটোক একত্ৰিত কৰিবলৈ তেওঁ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল।ǀ ভক্তিবাদক প্ৰচাৰ কৰি  তেওঁ বৈষ্ণৱ ধৰ্মপ্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিবেশ কৰিছিল। ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী ভাষা আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল। সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সূদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



-------ৰঞ্জিত বিকাশ চেতিয়া(তিনিচুকীয়া)-------

Type-Ranjit Vikash Setia (Tinsukia)

SPELLING CHECK BY DIKHA




Post Id: DABP000898