ৰংপুৰৰ ঠগিৰাম 


p-1
        অশ্বিন হাজৰিকা নামৰ এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ এজন বহল মনৰ মানুহ  আছিল। তেওঁ এদিন মধুপুৰ নামৰ গাওঁত কামৰ সুত্ৰে গ'ল। তাত তেওঁ এজন ১৫-১৬  বছৰীয়া ল'ৰাক লগ পালে।  সেই ল'ৰা জনে  ৰাস্তাত পৰি থকা পেলনীয়া বটল বিচাৰি ফুৰিছিল। তাক মহাজনে সোধা-পোছা কৰাত গʼম পালে যে সি ঘাট মাউৰা আছিল। জীৱন যুজঁত সি একেবাৰে অকলশৰীয়া আছিল। তাৰ অৱস্থা দেখি মহাজনে তাক চহৰলৈ লৈ আহিল। মহাজনে তাক ঘৰতে ৰাখিছিল আৰু সি ঘৰৰ সকলো কাম কৰিছিল। মহাজনে তাক বৰ মৰম কৰিছিল। তাৰ জীৱন সুন্দৰ ভাৱে চলি আছিল। কিন্তু মহাজনে বিয়াৰ পতাৰ পাছত তাৰ জীৱনত অশান্তিৰ আৰম্ভ হয়, কাৰণ মহাজনৰ পত্নীয়ে তাক একেবাৰে দেখিব নোৱাৰিছিল আৰু লাহে লাহে সি চকুৰ কুটা দাঁতৰ শাল হৈ পৰে। তাক লৈ ঘৰত কাজিয়া সূত্ৰপাত হ'বলৈ ধৰিলে। অৱশেষত পত্নীৰ হেঁচাত বাধ্য হৈ অনিচ্ছা সত্বেও মহাজনে তাক পুনৰ মধুপুৰ গাওঁত পঠিয়াই দিলে।

অসমীয়া সাধু
ছবি ১
p-2
        ২৩ বছৰ বয়সত লৰাজন পুনৰ নিজৰ গাওঁত উভতি আহি সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰিব ধৰিলে। পাছত সি ৰংপুৰ গাওঁৰ কৃষক মদনৰ জীয়েক প্ৰমিলাৰ প্ৰেমত পৰিল। প্ৰমিলা দেখনিয়াৰ আছিল বাবে গাওঁৰ ডেকা বোৰো  তাইৰ বাবে বলিয়া আছিল। কিন্তু সি প্ৰমিলাক প্ৰৱঞ্চনা কৰি ভাল পাইছিল বুলি গাওঁৰ ডেকাৰ মাজত প্ৰচাৰ হৈছিল। সেই বাবে তাক সকলোৱে ঠগীৰাম বুলি মাতিছিল। পাছলৈ সি প্ৰমিলাক বিয়া কৰাই ৰংপুৰ গাওঁতে থাকিবলৈ ল'লে। ৰংপুৰটো  কোনেও তাক ভাল পোৱা নাছিল। তাটো তাক ঠগীৰাম বুলিয়ে মাতিছিল। ঠগীৰামৰ সুখৰ সংসাৰ দেখি সকলোৱে হিংসা কৰিছিল। ঠগিৰাম প্ৰমিলা আৰু পাঁচ বছৰীয়া সন্তান দিম্পুৰ সৈতে সুখৰ দিন কটাইছিল।



p-3
          এদিনাখন ঠগীৰামে দিম্পুক চাইকেলত উঠাই মধুপুৰ গাওঁলৈ লৈ গ'ল। মধুপুৰ গাওঁত সেইদিনা মেলা আছিল। মেলা দেখি দিম্পুয়ে আনন্দত বিভূষিত হ'ল।বাপেকে তাক বেলুন এটা কিনি দিলে। দিম্পুয়ে মেলাৰ ভিৰৰ মাজৰ পৰা এটা ডাঙৰ বেলুন দেখিলে। সি ভাবিব ধৰিলে যে বেলুনটো মানুহৰ মূৰৰ ওপৰত কেনেকৈ উৰি আছে। সি বেলুন টোৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ গৈছিল যে সি বাপেকৰ হাত খন এৰি বেলুনটোৰ ফালে আগবাঢ়ি গ'ল। বেলুনটো ওচৰৰ পৰা আহি দেখে যে এটা তাৰ সমনীয়া লʼৰাই সেই বেলুন টো সূতাৰ সহায়ত হাতত ধৰি লৈ আছে। সি বেলুন টো লক্ষ্য কৰি থাকোঁতে মানুহ এটাই গতিয়াই থৈ যায় আৰু সি গৈ ল'ৰা টোৰ গাত খোন্দা মাৰেগৈ। ফলত ল'ৰাটো হাতৰ পৰা বেলুনটো এৰা খায় যায় আৰু সি জোৰে জোৰে কান্দিবলৈ ধৰে। বাপেকে সোধাত পুতেকে ক'লে যে এই ল'ৰাটোৱে মোৰ বেলুনটো উৰুৱাই দিলে।এই কথা শুনি বাপেক গজেনৰ ভীষণ খং উঠিল আৰু ল'ৰাটোক বেয়াকৈ গালি শপনি পাৰিব ধৰিলে। এই ঘটনাটো ৰংপুৰৰ এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰি আছিল আৰু তেওঁ আহি ক'লে যে এই ল'ৰাটো ঠগিৰামৰ পুতেক। ঠগিৰাম টো ঠগিয়েই..... পুতেকেও বাপেকৰ লক্ষন লৈছে। ইতিমধ্যে ঠগিৰামে পুতেকক বিছাৰি ঘটনাস্হলিত উপস্থিত হয় আৰু সুধে মোৰ ল'ৰাটোৰ কি ভুল হ'ল? গজেনে ঠগিৰামক‌ ঘটনাটো বিৱৰি ক'লে আৰু ক্ষতিপূৰনৰ দাবী কৰিলে। ঠগিৰামে কোনো ধৰনৰ প্ৰত্যুত্তৰ নিদি ক্ষতিপূৰন দি ঘটনাস্হলিৰ পৰা গুচি আহিল। গজেনেওঁ পুতেকক গাড়ীত বঢ়াই ৰংপুৰলৈ যাত্ৰা আৰম্ভ কৰিলে। ৰংপুৰ নাপাওঁতে গাড়ীখন পথৰ মাজৰ বোকাত ফছি যায়। অনেক চেষ্টা কৰিও গাড়ীখন বোকাৰ পৰা তুলিব নোৱাৰিলে। গাড়ীৰ পৰা নামি কাৰোবাৰ সহায় ল'ব পাৰি নেকি চাই কিন্ত দূৰ দূৰণিলৈ কাকো দেখা নাপালে।অলপ পাছত দেখে যে ঠগিৰামে পুতেকক চাইকেলত উঠাই তাৰ ফালে আহি আছে। ঠগিৰামেও বুজিলে যে মানুহ জনে‌ সহায়ৰ বাবে কাৰোবাৰ বাট চাই আছে। সি ততালিকে চাইকেল খন পথৰ কাষত থৈ সহায়ৰ বাবে আগবাঢ়ি গ'ল।দিম্পুয়ে গজেনৰ ল'ৰা টোলৈ তেলেকা চকুৱে চাই ৰʼল। গজেনে অলপ সংকোচভাৱে শুধিলে অলপ আগতে মই আপোনাক গালি পাৰিছিলো তথাপিও আপুনি সহায়ৰ বাবে আগবাঢ়ি আহিছে?  উত্তৰত ঠগিৰামে ক'লে তেতিয়া মোৰ পুত্ৰৰ ভুলৰ বাবে আপুনি মোক গালি পাৰিছিল। মই তাক লৈ কোনো বেয়া পোৱা নাই আৰু বিপদত পৰা মানুহক সহায় কৰাটো মোৰ ধৰ্ম। এইবুলি কৈ ঠগিৰামে গাড়ী খন ঠেলিব ধৰিলে। অৱশেষত তেওঁ গাড়ীখন ঠেলি পথৰ কাষত তুলি দিয়ে আৰু লগতে মানুহজন গাঁৱত অহা কাৰণটো বোজ ল'ব খোজে, তেতিয়া গজেনে কয় যে তেওঁ ৰংপুৰৰ মানুহ এজনক টকা দিব আহিছে। সেই মূহুৰ্তত এখন বাইক তীব্ৰ গতিত আহি দিম্পুক খোন্দা মাৰে‌‌ আৰু তাৰ মূৰৰ পৰা তেজ ওলাব ধৰে। তাৰ এই অৱস্থা দেখি বাপেকৰ কিংকৰ্তব্য বিমোৰ হৈ পৰিল। গজেনে এই দৃশ্যটো দেখি ততালিকে দিম্পুক গাড়ীত ভৰাই চিকিৎসালৈ লৈ আহিল।

p4
        চিকিৎসকে তাৎক্ষণিকভাৱে অপেৰেচন  কৰিব লাগিব বুলি তেখেত লোকক জনাই আৰু ৫০ হাজাৰ টকা জমা দিবলৈ কয়।কিন্তু ঠগিৰামে ইমান টকা যোগাৰ কৰে কৰ পৰা। উপায়হীন হৈ গজেনৰ আগত সহায়ৰ হাত পাতিলে। কিন্তু মানুহজনে কোনো ধৰনৰ সহায় নকৰি তাৰপৰা গুছি গ'ল। উপায়হীন হৈ ঠগিৰামে টকা যোগাৰ কৰিবৰ বাবে গাঁৱলৈ উভতি আহিল। ঘৰত আহি গাঁঠি ধন ভাঙি দেখে যে মাত্ৰ ৫ হাজাৰ টকাহে আছে। উপায়হীন হৈ তেওঁ চহৰত থকা মহাজনৰ ওচৰলৈ যাবলৈ ঠিৰাং কৰিলে। বাটত আহি তেওঁ দেখে যে  সেই মানুহ জনে গাঁৱৰ এখন দোকানত চাহ খাই আছে। মানুহজনক দেখি ঠগিৰামে আগবাঢ়ি গ'ল আৰু তেওঁক ততালিকে চহৰলৈ লৈ যাবৰ বাবে কাতৰ অনুৰোধ কৰিলে। গজেনে ঠগিৰামক ক'লে যে তেওঁ বিছাৰি অহা ব্যক্তি জনক বিচাৰি নাপালে যেতিয়া... গতিকে তেওঁক চহৰলৈ লৈ যোৱাত আপত্তি নাই।এই কথা শুনি ঠগিৰামে গাঢ়ীত উঠি ললে আৰু গজেনেও দেৰি নকৰি গাড়ী ষ্টাৰ্ত দি চহৰলৈ যাব ওলাল। কথাই কথাই  গজেনে ঠগিৰামক সুধিলে আপুনি ভোলাৰামক চিনি পায় নেকি? গাওঁত সোধোতে কোনেও চিনি নাপাওঁ বুলিয়ে কলে। এই কথা শুনি ঠগিৰামে ক'লে‌ মোৰেই নাম ভোলাৰাম। মোৰ আচল নামটো এই ৰংপুৰ গাঁৱত কোনেও নাজানে। গজেনে আচৰিত হৈ গাড়ী খন ব্ৰেক মাৰি দিলে আৰু তেঁওৰ ফালে চাই ক'লে মানে অশ্বিন মহাজনে এই টকা খিনি আপোনাকে দিব কৈছিল। মহাজনৰ নাম শুনি ঠগিৰাম আচৰিত হ'ল আৰু অলপ ভাবি কলে মহাজনে মোৰ কাৰনে টকা দি পঠিয়াইছে কিন্তু কিয়? মই টো এতিয়া তেখেতৰ ওচৰতে যাব ওলাইছিলো। গজেনে ক'লে আপোনাৰ বাবে মালিকে বেংকত fixed deposit কৰি থৈছিল সেই  টকা খিনি বেংকৰ পৰা মুকলালে। এয়া লওঁক আপোনাক ২ লাখ টকা। টকা খিনি লৈ দুয়ো ততালিকে হস্পিটেলত আহি উপস্থিত হয় আৰু দেখে যে পইচা দিয়া পলম হোৱাৰ বাবে দিম্পুক অপেৰেচন  কৰা নহ'ল,যাৰ বাবে সি মৃত্যুক আকোঁৱালি ল'লে। পুতেকৰ মৃতদেহ টো দেখি ঠগিৰামে তাক সাৱতি ধৰি হুকহুকাই কান্দিব ধৰিলে ,এই দৃশ্য দেখি গজেনে টকা খিনি লৈ চাই ৰʼল..... ।





Post Id: DABP001275