নামঃ কেৰেলা \ তিতা-কেৰেলা

ইংৰাজী নামঃ Bitter gouerd

বৈজ্ঞানিক নামঃ Mormordica Charantia

বৰ্ণনাঃ তিতা-কেৰেলা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ'ল— কুকুৰ্বিটেচি। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে।

ঔষধি গুণঃ মধুমেহ (ডায়েবেটিছ) ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিত তিতাকেৰেলা খালে ভাল ফল পোৱা যায়। কিয়নো কেৰেলাই তেজ আৰু প্ৰস্ৰাৱৰ পৰা ছুগাৰৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে। ৰাতিপুৱা খালী পেটত চাৰিটামান কেৰেলাৰ ৰস খালে ডায়েবেটিছ নিয়ন্ত্ৰনত থাকে। মধুমেহ ৰোগীয়ে কেৰেলা সিজাই খালেও ভাল ফল পায়।





Post ID: DABP001410