নামঃ অপৰাজিতা (বগা)

ইংৰাজী নামঃ Butterfly pea (White)

বৈজ্ঞানিক নামঃ Clitoria ternatea

বৰ্ণনাঃ উভয়বিধ অপৰাজিতাৰেই কেহা, জ্বলা আৰু তিতা ৰস থাকে। পৰিপাকত জ্বলা হয়। ই শীতবীৰ্য, মেধজনক, ওঁঠৰ হিতকাৰক, স্বৰৰ্ধক, চকুৰ ৰোগ নাশক আৰু দৃষ্টিশক্তিবৰ্ধক। ৰক্তদোষ, কুষ্ঠ, বিষদোষ, শোথ, ব্ৰণ, ত্ৰিদোষ নাশক আৰু আমদোষ নাশক। স্মৃতি আৰু বুদ্ধিকাৰক। জ্বৰ, দাহ, ৰক্তা তিসাৰ, বমি, উন্মাদ, মদৰোগ, ভ্ৰম, শ্বাস, কাহ আৰু অম্লপিত্ত ৰোগ উপশম কাৰক।



.

Post ID: DABP001387