নামঃ চজিনা

ইংৰাজী নামঃ Drumstick

বৈজ্ঞানিক নামঃ Morionga oleifera

বৰ্ণনাঃ চজিনা প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। 

ঔষধি গুণঃ চজিনা পাতৰ ঔষধি গুণে কোষ্ঠকাঠিন্য, কোলিটিছকে ধৰি কিছুমান পেটৰ সমস্যা আৰু বিকাৰৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে। চজিনাত পোৱা বহুতো বেক্টেৰিয়াৰোধী আৰু এণ্টিবায়টিক যৌগ, যি বীজাণু আৰু সংক্ৰমণ সৃষ্টিকৰা বীজাণুৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে।


Post ID: DABP001431