নামঃ খুতৰা ,খুদনা , খুতৰীয়া . জাতি খতৰা 

ইংৰাজী নামঃ Green calau , Amaranth . 

বৈজ্ঞানিক নামঃ Amarantthus viridis

বৰ্ণনাঃ খুতৰা শাক আমাৰ সকলোৰে চিনাকি। এইবিধ শাক শীতকালত আপোনা-আপুনি হয়। কেৱল সাৰ-পানী দি অলপ আপডাল কৰিলে লহপহলৈ বাঢ়িব ধৰে। পূৰ্বতে কোনোবা ইংৰাজে ইয়াৰ গুৰুত্ব বুজি টাব বা পটত ইয়াৰ খেতি কৰাৰ বাবেই হয়তো ইংৰাজীত ইয়াক সাধাৰণতে বুলিছিল। 

ঔষধি গুণঃ পুষ্টিৰ দৰেই ঔষধি গুণৰ ক্ষেত্ৰতো খুতৰা যথেষ্ট সমৃদ্ধিশালী। সাধাৰণভাৱে ই ৰক্তহীনতা আৰু দৃষ্টিশক্তি দুৰ্বলতা দূৰীকৰণত সহায় কৰে। তদুপৰি, আয়ুৰ্বেদ শাস্ত্ৰৰ মতে- ই মধুৰ বিপাক, শতবীৰ্য, কফ-পিত্ত নাশক, মূত্ৰকাৰক, দাহ প্ৰশমক, হৃদৰোগ, শোথৰোগ আদিৰ প্ৰতিকাৰক।




Post ID: DABP001428