নামঃ কঁঠাল / কান্ঠাল  

ইংৰাজী নামঃ Jackfruit 

বৈজ্ঞানিক নামঃ Artocarpus heterophyllus 

বৰ্ণনাঃ কঁঠাল সুস্বাদু ৰসাল ফল। ইয়াৰ গাত খঁহু বা কাঁইট থাকে। কঁঠাল সৰুও আছে, ডাঙৰো আছে। লিচু, জামু, পনিয়ল, লেটেকু আম, কুঁজী-কাউ আদি গ্ৰীষ্মকালৰ ফলৰ দৰে কঁঠালো বৰ্ষা কালৰ ফল।

ঔষধি গুণঃ ১)ৰোগ প্ৰতিৰোধী গুণ: কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।

 ২)প্ৰোটিনৰ ভঁৰাল: কঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়।




Post ID: DABP001409