নামঃ কলডিল 

ইংৰাজী নামঃ  Musa flower| Banana flower

বৈজ্ঞানিক নামঃ Musa sapient

বৰ্ণনাঃ কলডিল হ'ল এবিধ সুস্বাদু আৰু অতি পুষ্টিকৰ খাদ্য। কিছুদিনৰ আগলৈকে কলডিল খাই নোপোৱা অসমীয়া মানুহ নাই বুলিয়েই ক'ব পৰা হৈ আছিলো। পিছে আজিকালি অসমৰ নগৰীয়া মানুহৰ জুতি সলনি হ'বলৈ ধৰিছে। এই ৰচনাখন পঢ়ি যদি দুই এজনে নতুনকৈ কলডিল খাবলৈ আৰম্ভ কৰে, সেয়া হ'ব স্বাস্থ্য সজাগতা অনাৰ ক্ষেত্ৰত কৰা মোৰ ক্ষুদ্ৰ প্ৰয়াসৰ সাৰ্থকতা। 

ঔষধি গুণঃ কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়। কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। ই লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য। ইয়াৰ প্ৰচুৰ পৰিমাণে(আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।




Post ID: DABP001424