কচুথোৰ 

Colocasia esulenta

নামঃ কচুথোৰ

ইংৰাজী নামঃ Taro-stem

বৈজ্ঞানিক নামঃ Colocasia esulenta

বৰ্ণনাঃ কচুথোৰ প্ৰায় মানুহৰ বাৰীত নিজে নিজে হয়। কচুজোপাৰ বুকুৰ পৰা ওলোৱা কুমলীয়া ঠাৰিক একেলগে কচুঠোৰ বোলা হয়।

ঔষধি গুণঃ কচু শাকত কেলচিয়াম ,ফছফৰাছ, আইৰন আৰু ভিটামিন 'এ' পোৱা যায় । ৰক্তহীনতাত ভূগীলে কচু শাক খাব লাগে ।অৰ্শ হ'লে ,নাকৰ পৰা তেজ ওলালে  কচু শাক খাব লাগে । শৰীৰৰ যিকোনো অংশত কাটি তেজ ওলালে কচু ঠাৰিৰ ৰস লগালে ভাল হয় ।কেঁচুৱা থকা মাক সকলে কচু শাক খালে গাখীৰ বৃদ্ধি হয় । বিষাক্ত পোকে কামুৰিলে কামুৰা ঠাইত কচু ঠাৰিৰ ৰস লগালে ভাল হয়।

খোৱাৰ পদ্ধতিঃ কচু শাক বুলিলেই অসমীয়া মানুহৰ খোৱাৰ প্ৰতি হেঁপাহ এটা জাগি উঠে । কচু শাক প্ৰত্য়ক অসমীয়া মানুহৰ প্ৰিয় খাদ্য় । কচু শাক বিভিন্ন ধৰনে জুতি লগাই আন্জা খাব পাৰি । কচু শাকৰ ঠুৰি চিঙি চোচটো গুচাই তাৰ পিচত সিজাই লয় বিলাহি দি মছলা দি ৰান্ধিলে আন্জা খন খাবলৈ বৰ ভাল হয়। তাৰ উপৰি দাইলৰ লগত কচুথোৰ খোৱা হয় ।কচুৰ লগত মাছৰ আন্জা বনাইও খাব পাৰি।






Post Id: DABP001417