নামঃ কলমৌ

ইংৰাজী নামঃ Water spinach  

বৈজ্ঞানিক নামঃ Ipomoea acquatica

বৰ্ণনাঃ কলমৌ শাক পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।

ঔষধি গুণঃ এই শাকত আছে অনেক ঔষধি গুণ। ই চকু ভালে ৰাখে, হজমত সহায় কৰে আৰু ৰক্তত হিমোগ্লোবিনৰ মাত্রা ঠিক ৰাখে। কলমৌ শাকক বসন্ত ৰোগৰ প্রতিষেধক বোলা হয়। ইয়াৰ উপৰি ইয়াৰ ৰোগ প্রতিৰোধ ক্ষমতাও বহু বেছি।





Post ID: DABP001411