নামঃ তেজপাত

ইংৰাজী নামঃ Bay  leaf

বৈজ্ঞানিক নামঃ Cinnaamomum

বৰ্ণনাঃ তেজপাত এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়। ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা জ্বলা সোৱাদ আছে। 

ঔষধি গুণঃ তেজপাত এন্টিচেপটিক, এন্টিঅক্সিডেন্ট আৰু পাচক গুণসম্পন্ন। ইয়াত কেন্সাৰ প্ৰতিৰোধী উপাদান থাকে। *কেঁচা তেজপাতত ভিটামিন যথেষ্ট পৰিমাণে থকাৰ লগতে দেহৰ পৰা মুক্তমূলকবোৰ উলিয়াই দিব পৰা এবিধ উপাদান থাকে। তেজপাতত থকা Ascorbic এচিডে সোনকালে ভাল কৰে, ভাইৰেল প্ৰতিৰোধ কৰে।



( অপূৰ্ব কাকতি ) 



Post ID: DABP001450