নামঃ জালুক

ইংৰাজী নামঃ Black pepper

বৈজ্ঞানিক নামঃ Piper nigram

বৰ্ণনাঃ জালুক হৈছে মছলাজাতীয় ঔষধি গুণেৰে পৰিপূৰ্ণ এবিধ লতাজাতীয় উদ্ভিদ। জালুক গছৰ ফলবোৰ থোপাবান্ধি থাকে। জালুক গছৰ পাতবোৰ পিপলি আৰু পানৰ পাতৰ সৈতে সাদৃশ্য দেখা যায়। জালুক গছৰ ফল অৰ্থাৎ গুটিবোৰ গোলাকাৰ আৰু ইয়াৰ বৰণ সেউজীয়া।

ঔষধি গুণঃ জালুকৰ আছে বিভিন্ন ঔষধি গুণ- দীৰ্ঘদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি-চাৰিটামান জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ-ছদিন খাব লাগে।




Post ID: DABP001437