নামঃ দূবৰি বন 

ইংৰাজী নামঃ Bahama Grass

বৈজ্ঞানিক নামঃ Cynodon dactylon

ঔষধি গুণঃ দুবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ। আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়।

বৰ্ণনাঃ দুবৰি বন এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।


( অপূৰ্ব কাকতি ) 




Post ID: DABP001466