বঙাইগাওঁ জিলাঃ বঙাইগাওঁ জিলাখন পূৰণি বিজনী আৰু চিডলী ৰাজ্যৰ ইতিহাসৰ পৰিপূৰ্ণ। ১৯৮৯ চনৰ ২৯ ছেপ্তেম্বৰ তাৰিখে কোকৰাঝাৰ আৰু কগোৱালপাৰা জিলাৰ কিছু অংশ সংযোগ হৈ বঙাইগাওঁ জিলাখন গঠিত হৈছিল। ইয়াৰ এক অংশ ২০০৪ চনত চিৰাং জিলাত অন্তৰ্গত হোৱাৰ বাবে বঙাইগাওঁ জিলাৰ মাটিকালি কিছু পৰিমাণে কমি যায়।
বঙাইগাওঁ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পূৰণি ইতিহাস মতে এই ঠাইত বং নামৰ এগৰাকী কবিয়ে বসবাস কৰিছিল তেওঁৰ নামৰ অনুসৰিয়ে এই ঠাই নাম বঙেৰ গাওঁ আছিল আৰু এই নামৰ পৰাই কিছু সাল-সলনি হৈ জিলাখনৰ নাম বঙাইগাওঁ হয়।
চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে চিৰাং অন্তৰ্ভুক্ত, পূবে বৰপেটা জিলা, দক্ষিণ দিশে গোৱালপাৰা জিলা আৰু পশ্চিমে ধুবুৰী আৰু কোকৰাঝাৰ জিলা অৱস্থিত।
বঙাইগাওঁ জিলাৰ সদৰ ঠাইঃ বঙাইগাওঁ জিলাৰ সদৰ ঠাই বঙাইগাওঁ বুলি জনা যায়।
বঙাইগাওঁ জিলাৰ মহকুমাঃ বঙাইগাওঁ, উত্তৰ শালমাৰা আৰু মাণিকপুৰ।
বঙাইগীাওঁ জিলাৰ মাটিকালিঃ ৭,৩৮,৮০৪ বৰ্গ কিল'মিটাৰ এই জিলাৰক মাটিকালি।
বঙাইগাওঁ জিলাৰ প্ৰধান নদীঃ এই জিলাৰ প্ৰধান নৈ হৈছে ব্ৰহ্মপুত্ৰ।
বঙাইগাওঁ জিলাৰ বিলঃ কনৰা, তামৰঙা, দলনি আদিয়ে এই জিলাৰ বিল।
বঙাইগাওঁ জিলাৰ পাহাৰঃ নানকাটি, মহাদেৱ, ভৈৰৱচূড়া যোগীঘোপা ইত্যাদি বঙাইগাওঁ জিলাৰ পাহাৰ।
বঙাইগাওঁ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।
বঙাইগাওঁ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ বঙাইগাওঁ জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বিজনী, ৰাখালডুবি, উত্তৰ শালমাৰা, বইটামাৰী হৈ ধুবুৰী জিলাত প্ৰৱেশ কৰি অসম-পশ্চিমবংগ সীমাৰ ছাগলীয়া তালাচী চকী পাইছেগৈ। ৩১ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথে ৰাখালডুবিত আৰম্ভ হৈ কোকৰাঝাৰ জিলাৰ মাজেৰে চাপাগুৰি, ঢালিগাওঁ চুই অসমৰ অসমৰ পশ্চিম সীমা শ্ৰীৰামপুৰ তালাচী চকী পাইছেগৈ। ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথ শালমাৰাৰ ওচৰত আৰম্ভ হৈ চলন্তপাৰা, যোগীঘোপা হৈ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৩ নম্বৰ দলং নৰনাৰায়ণ সেতুৰে গৈ গোলাৱপাৰা জিলাৰ শ'লমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ।
বঙাইগাওঁ জিলাৰ ৰে'ল ষ্টেছনঃ বঙাইগাওঁ জিলাৰ ৰে'ল ষ্টেছনসমূহৰ নাম হৈছে- বঙাইগাওঁ, মাজগাওঁ, পাতলিদহ, অভয়াপুৰী, নিউ বঙাইগাওঁ, চাপৰাকাটা, যোগীঘোপা, ডাংতল।
বঙাইগাওঁ জিলাৰ জাহাজ ঘাটঃ এই জিলাৰ জাহাজ ঘাট হৈছে যোগীঘোপা।
বঙাইগাওঁ জিলাৰ প্ৰধান শস্যঃ ধানঃ ধান, মাহ, সৰিয়হ, মৰাপাট ইত্যাদি।
বঙাইগাওঁ জিলাৰ বিভাগসমূহঃ এই জিলাৰ তিনিটা মহকুমা হ'ল ক্ৰমে বিজনী, উত্তৰ শালমাৰা আৰু বঙাইগাওঁ। বঙাইগাওঁ জিলাৰ কিছু অংশ ২০০৪৪ চনত চিৰাং জিলাৰ বড়োলেণ্ড পৰিষদলৈ যোৱা হয়। এই জিলাত চাৰিটা বিধানসবাৰ সমষ্টি আছে। এই চাৰিটা বিভানসভাৰ সমষ্টি হ'ল বিজনী, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী আৰু বঙাইগাওঁ। দক্ষিণ অভয়াপুৰী সমষ্টিটো অনূসুচিত জাতিৰ বাবে সংৰক্ষিত। বিজনী সমষ্টি কোকৰাঝাৰ জিলাৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত।
বঙাইগাওঁ জিলাৰ বুৰঞ্জীঃ এই জিলাখনত পূৰণি বিজনী আৰু চিডলী ৰাজ্য়ৰ ইতিহাসেৰে জড়িত হৈ আছে। এই জিলাখন গঠন কৰা হৈছিল গোৱালপাৰা জিলা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশক লৈ ২৯ ছেপ্তেম্বৰ তাৰিখে ১৯৮৯ চনত।
বঙাইগাওঁ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ
Sri: Chinmay Kakati.