নামঃ দুপৰ-টেঙা
ইংৰাজী নামঃ Bryophyllum
বৈজ্ঞানিক নামঃ Boryophyllum pinnatum
বৰ্ণনাঃ পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে 'পাতে গজা' (ব্ৰয়ফিলাম) বুলিও কোৱা হয়। এই গছৰ পাত এখিলা মাটিত পেলাই থলেই গছ গজি উঠে। এই পাত দুপৰীয়াৰ সময়ত টেঙা হয় বাবে ইয়াক 'দুপৰ টেঙা' বোলা হয়।
ঔষধি গুণঃ পাতেগজা বা দুপৰ টেঙাৰ বহুতো ঔষধি গুণ আছে বিশেষকৈ প্ৰস্ৰাৱৰ বিভন্ন ৰোগৰ বাবে ইয়াক মহৌষধ বুলি কোৱা হয়।সপ্তাহত তিদিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয়। ইয়াক ৰান্ধি খোৱাৰ পৰিৱৰ্তে চাটনি কৰিও খাব পাৰিলে বিভিন্ন ৰোগ উপশম হয়।
( অপূৰ্ব কাকতি )
Post ID: DABP001463