নামঃ অগৰা/ আগৰা / অগৰা কাঁটা

ইংৰাজী নামঃ Butterfiy pea ( White )

বৈজ্ঞানিক নামঃ Clitoria ternatea

বৰ্ণনাঃ অগৰা কাঁটা জোপোহা জাতীয় উদ্ভিদ , ই এক মিটাৰ প্ৰযন্ত ওখ হয় । সাধাৰনতে সেমেকা আৰু দ ঠাইত বেছিকৈ হয় ।অবশ্য়ে বাম ঠাই কিছুমানতো হোৱা দেখা যায় ।ই স্বাদত সামান্য় জ্বলা ।

ঔষধি গুণঃ এই শাক বিধ খালে কৌষ্ঠ-কাঠিন্য় নোহোৱা কৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰে ।

খোৱাৰ পদ্ধতিঃ অগৰা কাঁটা কোমল পাত চিঙি আনি ভাজি খাব পাৰি ।