কাছাৰ জিলাঃ কাছাৰ হৈছে বৰাক উপত্য়কাৰ অন্তৰ্গত এখন জিলা। এই কাছাৰ জিলাৰ পূৰণই কচাৰীলকোসকলৰ ৰাজ্য়ৰ প্ৰখ্যাত ইতিহাস আছে।
কাছাৰ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ এটা সময়ত এই অঞ্চলত ডিমাছা-কচাৰী লোকসকলে বসবাস কৰাৰ বাবে এই জিলাৰ নাম কাছাৰ হ'ল।
কাছাৰ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ডিমা হাছাও জিলা আৰু মেঘালয় ৰাজ্য় অন্তৰ্গত, পূবে মণিপুৰ ৰাজ্য় অৱস্থিত, দক্ষিণে হাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য় অৱস্তিত আৰু পশ্চিম দিশে হাইলাকান্দি জিলা, মেঘালয় ৰাজ্য় আৰু বাংলাদেশ ৰাষ্ট্ৰ অন্তৰ্ভুক্ত।
কাছাৰ জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই হৈছে শিলচৰ।
কাছাৰ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে কাটিগড়া আৰু লক্ষীপুৰ।
কাছাৰ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৩,৭৭৬.১০ বৰ্গ কিল'মিটাৰ।
কাছাৰ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৭,২৬,৩১৯ জন লোক।
কাছাৰ জিলাৰ বিমান ঘাটিঃ এই জিলাৰ বিমানঘাটি হৈছে কুম্ভীৰগ্ৰাম।
কাছাৰ জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ প্ৰধান উপনৈ হৈছে জাতিংগা, ৰুকনি, সুৰমা, জিৰি, সোণাই, চিৰি, মাধুৰা, দালু ইত্য়াদি।
কাছাৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ, বিমান পথ আৰু জলপথৰ সু-ব্য়ৱস্থা আছে।
কাছাৰ জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, মৰাপাট, চাহ, সৰিয়হ ইত্য়াদিৰ উৎপাদন কৰা হয়।
কাছাৰ জিলাৰ ৰে'ল ষ্টেছনঃ এই জিলাৰ ৰে'ল ষ্টেছন চাৰিটা হ'ল চন্দ্ৰনাথপুৰ, শিলচৰ, কাটিগড়া, দামচৰা।
কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ ৪৪, ৫৩ আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ জিলাৰ সোমাঁজেদি পাৰ হৈ গৈছে।
কাছাৰ জিলাৰ প্ৰধান ঠাইঃ (ক) শিলচৰঃ এই অঞ্চলত অসম বিশ্ববিদ্য়ালয় অন্তৰ্গত, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্য়া প্ৰতিষ্ঠান অৱস্থিত, চিকিৎসা মহাবিদ্য়ালয়কে ধৰি বহুতো সৰু-বৰ শিক্ষানুষ্ঠান আছে।
(খ) ফুলেৰতলঃ ইয়াত ফলমুল সংৰক্ষিত কেন্দ্ৰ আছে।
(গ) খাচপুৰঃ কচাৰী ৰজাৰ ৰাজধানী পূৰণি দিনৰ প্ৰখ্য়াত বস্তু।
(ঘ) বাংশকান্দিঃ লক্ষীপুৰ, খোলামপুৰ, ৰামনগৰ, জিৰিঘাট, উদৰবন্দ, শিলকুৰী, কাটিগড়া, সোণাই, কলাইন ইত্য়াদি।
কাছাৰ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ