চিৰাং জিলাঃ এই জিলা বড়োলেণ্ড স্বায়ত্ত জিলা পৰিষদৰ অন্তৰ্ভুক্ত। ভাৰতত অৱস্থিত অসমৰ পশ্চিম দিশত থকা চাৰিখন জিলাৰ ভিতৰত এখন জিলা। এই জিলাখন ভাৰতীয় সংবিধানৰ ৬ নম্বৰত আছে। ব্ৰহ্মপুত্ৰ নদীৰ নামনি অঞ্চলৰ সমভূমি ভাগত এই জিলাখন অৱস্থিত।


চিৰাং জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ গাৰো ভাষাৰ  'চি' (পানী)  আৰু ৰাং শব্দ  সংযোগ কৰি চিৰাং জিলাৰ উৎপত্তি হোৱা বুলি হয়।


চিৰাং জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰে ভূটান ৰাষ্ট্ৰ অৱস্থিত, পূবে বাক্সা জিলা, দক্ষিণ দিশে বঙাইগাওঁ জিলা আৰু পশ্চিমত কোকৰাঝাৰ জিলা অন্তৰ্ভুক্ত।


চিৰাং জিলাৰ মাটিকালিঃ ১,০৯৯,৮৫ বৰ্গ কিল'মিটাৰ এই জিলাৰ মাটিকালি।


চিৰাং জিলাৰ জনসংখ্যাঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৪,৮২,১৬২ জন।


চিৰাং জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই হৈছে কাজল গাওঁ।


চিৰাং জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটাৰ নাম হৈছে কাজলগাওঁ, আৰু বিজনী।


চিৰাং জিলাৰ প্ৰধান নৈঃ মানাহ ,আই, চম্পাৱতী,।


চিৰাং জিলাৰ সংৰক্ষিত বনাঞ্চলঃ এই জিলাৰ বনাঞ্চলসমূহ হৈছে- চিৰাং, পাণবাৰী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ১ অংশ এই জিলাতে  অন্তৰ্ভুক্ত।



চিৰাং জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'ল আৰু স্থলপথৰ ব্য়ৱস্থা আছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে এই জিলাৰ বিজনী অঞ্চল চুই গৈছে।


চিৰাং জিলাৰ ৰে'ল ষ্টেছনঃ এই জিলাৰ ৰে'ল ষ্টেছন দুটা হৈছে বিজনী আৰু ডাংতল।


চিৰাং জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, সৰিয়, মৰাপাট আৰু বিভিন্ন পাচলিৰ খেতি উৎপাদন কৰা হয়। 

চিৰাং জিলাৰ প্ৰধান ঠাইঃ এই জিলাৰ প্ৰধান ঠাই হৈছে বিজনী আৰু কাজলগাওঁ। বিজনী হৈছে চিৰাং জিলাৰ সদৰ ঠাই আৰু এখন প্ৰসিদ্ধ ঠাই। কাজলগাওঁ হৈছে মহকুমাৰ সদৰ ঠাই আৰু এখন উন্নত ঠাই।


চিৰাং জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ 

চিডলি।

কোকৰাঝাৰ।

বঙাইগাওঁ।

বিজনি।

বেংতল।

বৰনগৰ।

Type: Sri Chinmay Kakati.